Logo
image

আপোচহীন! পুনৰ আন্দোলন ঘোষণা বিভক্ত ৬ জনগোষ্ঠীৰ

ধাৰাবাহিক ৰে’ল অৱৰোধৰ ভাবুকি

আমাৰ অসম, ২১ অক্টোবৰঃ জনজাতিকৰণৰ দাবীত আপোচবিহীন ছয় জনগোষ্ঠীৰ মাজতেই দেখা দিছে উলম্ব বিভাজন৷ জনজাতিকৰণৰ প্ৰাপ্তিৰ সংগ্ৰাম আৰু চৰকাৰৰে আলোচনাৰ প্ৰসংগত ছয় জনগোষ্ঠীয় সংগঠনৰ এতিয়া ইটোৰ লগত সিটোৰ কথা আৰু মত নিমিলে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দীঘলীয়া আন্দোলন চলাই অহা ছয় জনগোষ্ঠীয় ঐক্যমঞ্চক নাপাত্তা কৰি আজি কোঁচ-ৰাজবংশী সন্মিলনী, টাইপাৰ দুটা গোট, আহোম সেনাই পুনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এলানি জংগী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷ উল্লেখ্য, বৰবাৰীৰ ভিআইপি ৰ’ডত থকা সতী সাধনী ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ছয় জনগোষ্ঠীয় একাংশ সংগঠনৰ ৰুদ্ধদ্বাৰ বৈঠক৷ এই বৈঠকত কোঁচ-ৰাজবংশী সন্মিলনী, টাইপা, আহোম সেনা, চুটীয়া ছাত্ৰ সন্থা, চুটীয়া সন্মিলনী, মটক যুৱ পৰিষদ, মটক ছাত্ৰ সন্থা, আদিবাসী মহাসংঘৰ নেতৃত্ব উপস্থিত আছিল৷আদিবাসী ছাত্ৰ সন্থাক বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিল তেওঁলোকৰ প্ৰতিনিধি ৰহস্যজনক কাৰণত উপস্থিত নাথাকিল৷ আজি অনুষ্ঠিত ছয় জনগোষ্ঠীয় সংগঠনৰ বৈঠকত জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন, ৰে’ল অৱৰোধকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই বিষয়ে সদৰি কৰি সংগঠনকেইটাৰ নেতৃবৃন্দই কয় যে ১০ নৱেম্বৰত গুৱাহাটীত এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ ৩০ নৱেম্বৰত নতুন দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা অনুষ্ঠিত হ’ব৷ জনজাতিকৰণৰ দাবীত ৩ নৱেম্বৰত শ্ৰীৰামপুৰত ৰে’ল অৱৰোধ কৰা হ’ব৷ একেদৰে ১৪ নৱেম্বৰত নাজিৰাত আৰু ১৭ নৱেম্বৰত শিমলুগুৰিত ৰে’ল অৱৰোধ কৰা হ’ব৷ এই আন্দোলনৰ যদি কোনো ফল নধৰে তেন্তে ভৱিষ্যতে ইয়াতকৈও জংগী আন্দোলন কৰা হ’ব৷ লক্ষণীয় যে জনজাতিকৰণৰ দাবীত ১০ নৱেম্বৰত এখন ঘূৰণীয়া মেজমেলো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ বৈঠকত৷ ৰাজ্য চৰকাৰৰে আলোচনাৰ পৰিৱৰ্তে পোনে পোনে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে আলোচনাৰ পোষকতা কৰে আজি বৈঠকত মিলিত হোৱা ছয় জনগোষ্ঠীয় নেতৃবৃন্দই৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে অনুষ্ঠিত বৈঠকলৈ আজি আন্দোলন ঘোষণা কৰা সংগঠনসমূহক আমন্ত্ৰণ দিয়া হোৱা নাছিল৷ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই এই সংগঠনসমূহক নিজৰ লগত অন্তৰ্ভুক্ত কৰি ল’বলৈ বাৰম্বাৰ অস্বীকাৰ কৰি আছিল৷ ইফালে, যোৱা ছেপ্টেম্বৰ মাহত ঐক্যমঞ্চৰে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় নিষ্পত্তি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও মূৰকত ইয়াৰ সামান্যও কাম আগনবঢ়া বুলিহে অভিযোগ উঠিছে৷