Logo
image

ড॰ বীৰেন্দ্ৰনাথ দত্ত, পুলক গগৈক অসম জাতীয় বিদ্যালয়ৰ বঁটা

আমাৰ অসম, ২২ অক্টোবৰঃ অসমৰ শিক্ষা-সাহিত্য, সমাজ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ দুই পুৰোধা ড॰ বীৰেন্দ্ৰনাথ দত্ত আৰু পুলক গগৈক বিশেষভাৱে সন্মান জনালে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে৷ উল্লেখ্য, ‘অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাস’-এ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক ‘অসম জাতীয় বিদ্যালয় সন্মান’ প্ৰদান কৰি আহিছে৷ ইতিমধ্যে ড॰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, য়েছে দৰজে ঠংচি, ত্ৰৈলোক্য দত্ত, নুৰুদ্দিন আহমেদ, অচ্যুত লহকৰ, ৰঞ্জু হাজৰিকা, জিতু-তপন, বীৰুবালা ৰাভা, এলেন দেউৰী, আব্দুল মজিদ আৰু দ্বীপেন বৰুৱা আদি বৰেণ্য ব্যক্তিক ‘অসম জাতীয় বিদ্যালয় সন্মান’ আগবঢ়োৱা হৈছে৷ ২০২২ বৰ্ষৰ বাবে এই সন্মান প্ৰখ্যাত অভিনেত্ৰী-কণ্ঠশিল্পী জ্ঞানদা কাকতি, বিশিষ্ট গীতিকাৰ-সাহিত্যিক এলি আহমেদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ বীৰেন্দ্ৰ নাথ দত্ত, বিশিষ্ট গীতিকাৰ-সুৰকাৰ-কণ্ঠশিল্পী-শিক্ষাবিদ ড॰ লক্ষহীৰা দাস আৰু বিশিষ্ট শিক্ষাসদী, প্ৰবীণ সমাজ সংগঠক ফণী চেতিয়ালৈ আগবঢ়োৱা হৈছে৷ আনহাতে, ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ-২০২২’ আগবঢ়োৱা হৈছে বৰেণ্য চিত্ৰশিল্পী, কাৰ্টুনিষ্ট, চলচ্ছিত্ৰ পৰিচালক পুলক গগৈলৈ৷ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২১ অক্টোবৰ, শুকুৰবাৰে পুলক গগৈৰ ঘৰলৈ গৈ ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’ প্ৰদান কৰা হয়– অসম জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা৷ লোক-সংস্কৃতিৰ গৱেষক, সংগীতজ্ঞ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব অধ্যাপক ড॰ বীৰেন্দ্ৰনাথ দত্তকো তেখেতৰ বাসগৃহতে ‘অসম জাতীয় বিদ্যালয় সন্মান’ প্ৰদান কৰা হয়– অসম জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা৷ ‘অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাস’ৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু সচিব ডাঃ  নাৰায়ণ শৰ্মা, অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি, অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম সদস্য তথা ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, অসম জাতীয় বিদ্যালয়ৰ শিক্ষক তথা প্ৰসিদ্ধ অভিনেতা-পৰিচালক অসীম কৃষ্ণ বৰুৱা, ডিম্পল তালুকদাৰ আৰু ভাস্কৰজ্যোতি হালৈ সমন্বিতে এটা দলে শুকুৰবাৰে পুলক গগৈ আৰু ড॰ বীৰেন্দ্ৰ নাথ দত্তৰ ঘৰলৈ গৈ ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’ আৰু ‘অসম জাতীয় বিদ্যালয় সন্মান’ প্ৰদান কৰে৷ ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’ত আছে দুবছৰৰ বাবে মাহিলি ৫ হাজাৰ টকাকৈ মাননিৰ উপৰি স্মাৰক, অসম জাতীয় বিদ্যালয়ৰ প্ৰতীক সম্বলিত গামোচা, অংগবস্ত্ৰ, সম্বদ্ধৰ্না পত্ৰ, অসম জাতীয় বিদ্যালয় ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰ টোপোলা আদি৷ এই সকলো শুকুৰবাৰে পুলক গগৈক প্ৰদান কৰা হয়৷ আনহাতে, ‘অসম জাতীয় বিদ্যালয় সন্মান’ৰ সৈতে ড॰ বীৰেন্দ্ৰনাথ দত্তক প্ৰদান কৰা হয় গ্ৰন্থৰ টোপোলা, সম্বদ্ধৰ্না পত্ৰ, অংগবস্ত্ৰ, অসম জাতীয় বিদ্যালয়ৰ প্ৰতীক সম্বলিত গামোচা আৰু ২৫ হাজাৰ টকাৰ এককালীন পুঁজি৷ উল্লেখ্য, ৩০ অক্টোবৰ, দেওবাৰে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ চৌহদত আয়োজিত বিশেষ অনুষ্ঠানত ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’ আৰু ‘অসম জাতীয় বিদ্যালয় সন্মান’ ৰাজহুৱাভাৱে প্ৰদান কৰা হ’ব৷