Logo
image

পুনৰ ১০ ডাউনিং ষ্ট্ৰীটৰ যুঁজত জনছন, ঋষিৰো আশা

আমাৰ অসম, ২২ অক্টোবৰঃ লিজ ট্ৰাছে খালী কৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হ’ব পেনি মৰ্ডাণ্ট৷ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰা পেনি মৰ্ডাণ্টেই হৈছে কনজাৰভেটিভ দলৰ প্ৰথমগৰাকী ব্ৰিটিছ সাংসদ৷ বৃহস্পতিবাৰে নিজৰ ৪৪ দিনীয়া চুড়ান্তভাৱে ব্যৰ্থ প্ৰধানমন্ত্ৰিত্বৰ কাৰ্যকাল সামৰি পদত্যাগ ঘোষণা কৰিছিল লিজ ট্ৰাছে৷  লগে লগে তেওঁৰ পৰিৱৰ্তে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত কোন অধিষ্ঠিত হ’ব সেই লৈ তুমুল জল্পনা-কল্পনা আৰম্ভ হৈছিল৷ যিহেতু কনজাৰভেটিভ দলৰ সংখ্যাগৰিষ্ঠতা আছে সেয়ে সেই দলৰ পৰাই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাটো নিশ্চিত৷ অৰ্থাৎ ব্ৰিটেইনৰ শাসন চলাব কনজাৰভেটিভ দলে৷ পিছে কনজাৰভেটিভ দলটোৰ মুৰব্বী কোন হ’ব সেই লৈ প্ৰতিদ্বন্দ্বিতা হ’ব আৰু সেই প্ৰতিদ্বন্দ্বিতাত বিজয়ী হোৱাজনেই দেশৰো প্ৰধানমন্ত্ৰী হ’ব৷ দেশখনৰ দ্বিতীয়টো শক্তিশালী ৰাজনৈতিক দল লেবাৰ পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা নাই৷ তেওঁলোকে এই পৰিস্থিতিত সাধাৰণ নিৰ্বাচন ঘোষণা কৰাৰ দাবী জনাইছে৷ যিহেতু শাসনাধিষ্ঠিত দলটোৰ দুজনকৈ প্ৰধানমন্ত্ৰীয়ে বিগত ৩ মাহৰ ভিতৰত পদত্যাগ কৰিলে সেয়ে দলটোৰ অৱস্থা সুস্থিৰ নহয় বুলি লেবাৰ পাৰ্টীয়ে দাবী কৰিছে৷ পিছে শাসনাধিষ্ঠিত কনজাৰভেটিভ দলে সেই দাবী গুৰুত্ব দিয়াৰ পৰিৱৰ্তে দলৰ নেতা আৰু প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে৷ পিছে পদত্যাগী প্ৰধানমন্ত্ৰী লিজ ট্ৰাছেও শুকুৰবাৰে সাধাৰণ নিৰ্বাচন দাবী কৰাত কনজাৰভেটিভ দল অস্তত্বিত পৰিছে৷ অৱশ্যে পদত্যাগী প্ৰধানমন্ত্ৰীৰ সেই মন্তব্যত দলে গুৰুত্ব প্ৰদান কৰা নাই৷ বৰং তেওঁলোকে এসপ্তাহৰ ভিতৰত দল-নেতা তথা প্ৰধানমন্ত্ৰী নিৰ্বাচনেই মূল কৰ্তব্য বুলি ধৰি লৈ ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে৷ এনে সময়তে দলৰ মহিলা সাংসদ পেনি মৰ্ডাণ্টে নিজকে কনজাৰভেটিভ দলৰ মুৰব্বী তথা প্ৰধানমন্ত্ৰীৰ পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি প্ৰথমে ঘোষণা কৰাত দেশখনৰ নতুন প্ৰধানমন্ত্ৰী কোন হ’ব পাৰে সেই লৈ  জল্পনা-কল্পনা তুংগত উঠিছে৷ 

পেনি মৰ্ডাণ্টে বৰিছ জনছনৰ পদত্যাগৰ পাছত প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল৷ শেষ পৰ্যায়লৈকে মৰ্ডাণ্ট আছিল তৃতীয় স্থানত৷ কিন্তু কনজাৰভেটিভ দলৰ সদস্যসকলে ভোটদানৰ কৰাৰ পূৰ্বে তেওঁ স্বাভাৱিক প্ৰক্ৰিয়া অনুসৰি প্ৰধানমন্ত্ৰী দৌৰৰ পৰা আঁতৰি যাবলগীয়া হয়৷ শেষ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰে ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক আৰু মহিলা সাংসদ লিজ ট্ৰাছে৷ অন্তিম সেই যুঁজত ট্ৰাছ বিজয়ী হয়৷ কনজাৰভেটিভ দলৰ সদস্যসকলে ভাৰতীয় বংশোদ্ভৱ এজন ব্যক্তিক সাংসদ হিচাপে নিৰ্বাচন কৰিলেও প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিবলৈ ইতঃস্তত কৰে৷ তদুপৰি ঋষি ছুনকৰ পত্নী এতিয়াও ভাৰতীয় হৈয়েই আছে৷ ভাৰতীয় পাছপৰ্ট ব্যৱহাৰ কৰি থকা এগৰাকী মহিলাৰ স্বামীক ৰক্ষণশীল ব্ৰিটিছে ১০ নম্বৰ ডাউনিং ষ্টীটত থকা প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ স্থায়ী বাসিন্দা হ’বলৈ দিবলৈ মুঠেই ইচছা নকৰিলে৷ মাথোঁ ৪৪ দিনৰ ব্যৱধানত দ্বিতীয় দিনৰ বাবে প্ৰধানমন্ত্ৰীৰ পদৰ দৌৰত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছে ঋষি ছুনকে৷ পিছে ট্ৰাছৰ পদত্যাগৰ দ্বিতীয় দিনটোলৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হোৱাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা নাই৷ ঘোষণা নকৰিলেও ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক সম্প্ৰতি বুকি অৰ্থাৎ জুৱাৰীৰ প্ৰথম পচন্দ হৈ আছে৷ অৱশ্যে, শেহতীয়া দৌৰতো আৰম্ভণিৰে পৰা ছুনক বুকিৰ প্ৰথম পচন্দ আছিল৷ অন্তিম ৰাউণ্ডৰ পূৰ্বেহে তেওঁক বুকিয়ে দ্বিতীয় স্থানলৈ ঠেলি ট্ৰাছক শীৰ্ষলৈ আনে৷ যিকোনো মুহূৰ্তত এইবাৰো ঋষি ছুনকে প্ৰধানমন্ত্ৰী পদৰ দৌৰত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিব পাৰে৷ অৱশ্যে তাৰ পূৰ্বে তেওঁ নিজৰ সমৰ্থক কিমান আছে সেয়া গমি-পিতি ল’ব৷ বিগতবাৰ তেওঁ সকলোতকৈ আগতেই প্ৰাৰ্থিত্ব আগবঢ়াইছিল৷ এইবাৰো পিছে ঋষি ছুনকো পথ মুঠেই মসৃণ নহ’ব৷ কিয়নো তেওঁৰ সন্মুখত এইবাৰ প্ৰবল বাধা হিচাপে থিয় দিব পাৰে তিনিমাহৰ পূৰ্বে একাধিক কেলেংকাৰিত জৰ্জৰিত হৈ পদত্যাগ কৰিবলৈ বাধ্য হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন৷ 

আক্ষৰিক অৰ্থতে এই মুহূৰ্তত বৰিছ জনছনে সকলো হিচাপ খেলি-মেলি কৰি দিছে৷ বহু কেলেংকাৰিত পতিত হৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰিত্ব এৰা জনছনৰ কোনোমতে তিনিমাহ সম্পূৰ্ণ হৈছেহে৷ কিন্তু হঠাতে দলীয় মুৰব্বীৰ ব্যৰ্থতাই তেওঁৰ সন্মুখত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰি দিছে৷ সেয়ে অতি বিলাসবহুল কেৰিবিয়ান দ্বীপপুঞ্জ ভ্ৰমণৰত বৰিছ জনছন দৌৰা-দৌৰিকৈ শুকুৰবাৰে সপত্নীক লণ্ডনলৈ উভতি আহিছে৷ ঘনিষ্ঠ মহলত বৰিছ জনছনে জনাই দিছে তেওঁৰ সন্মুখত সৃষ্টি হোৱা এই সুযোগ এৰি নিদিয়ে৷ কেইমাহমান পূৰ্বে তেওঁ পদত্যাগ কৰিলেও দলৰ মুৰব্বীৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি হৈছে আৰু কেলেংকাৰিত অভিযুক্ত হ’লেও সেই মুৰব্বীৰ সংকট দূৰ কৰি দলক নেতৃত্ব দিবলৈ তেওঁ এতিয়াও সক্ষম৷ শুকুৰবাৰে পুৱাই তেওঁ কেৰিবিয়ান দ্বীপপুঞ্জৰ পৰা লণ্ডনলৈ দীঘলীয়া উৰণৰ বিমান ধৰে৷ অতি বিলাসী প্ৰমোদ ভ্ৰমণত ব্যস্ত থকাৰ বাবে জনছন দেশৰ সংবাদ মাধ্যমত সমালোচিত হৈছিল৷ সকলো উপেক্ষা কৰি তেওঁ পত্নীৰ সৈতে বিলাসী ভ্ৰমণত  মত্ত হৈ আছিল৷ কিন্তু লিজ ট্ৰাছে আচম্বিত আনি দিয়া সুযোগ তেওঁ হাতৰ পৰা হেৰুৱাব নোখোজে৷ একাংশ দলীয় সাংসদে এতিয়াও জনছনৰ বিৰোধিতা কৰি আছে৷ কিন্তু যেতিয়া এজন ভাৰতীয় বংশোদ্ভৱ দেশখনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ দিশে আগবাঢ়িব, তেতিয়া ৰক্ষণশীল ব্ৰিটিছে হয়তো তেওঁৰ সকলো দোষ পাহৰি ঋষি ছুনকৰ পৰিৱৰ্তে জনছনকে আকোঁৱালি ল’ব৷ পুনৰ অপূৰ্ণ হৈ থাকিব ঋষি ছুনকৰ আশা৷ বৃহস্পতিবাৰলৈকে ঋষি ছুনকক ৪০-৪৫ জন কনজাৰভেটিভ দলৰ সাংসদে সমৰ্থন জনাই আছিল৷ সেই সমৰ্থন আছিল প্ৰকৃততে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ বিৰুদ্ধে৷ কিন্তু শুকুৰবাৰে যেতিয়া প্ৰধানমন্ত্ৰীৰ আসন সম্পূৰ্ণ মুকলি হৈ পৰিল তেতিয়াৰ পৰা লাহে লাহে এজন এজনকৈ সাংসদে বৰিছ জনছনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে৷ সেয়ে শত দোষ সত্ত্বেও প্ৰধানমন্ত্ৰিত্ব এৰাৰ তিনিমাহৰ পাছতে পুনৰ সেই আসন দখল কৰিব পাৰে বৰিছ জনছনে৷ অন্ততঃ এই মুহূৰ্তত দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে তেওঁ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী৷ 

এইবাৰ কনজাৰভেটিভ দলৰ মুৰব্বীৰ নিৰ্বাচন এসপ্তাহতে সম্পন্ন হ’ব৷ দলৰ মুৰব্বী যি নিৰ্বাচিত হয় তেৱেই দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷ বিগতবাৰ দলীয় মুৰব্বী নিৰ্বাচনত ৫৪ দিন প্ৰয়োজন হৈছিল৷ এইবাৰ ২৮ অক্টোবৰৰ ভিতৰত দলৰ মুৰব্বী চূড়ান্ত হ’ব৷ যি সাংসদে নিজৰ পক্ষত ১০০ জন সাংসদৰ সমৰ্থন গোটাব পাৰিব তেওঁ দলৰ মুৰব্বী তথা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ যোগ্যতা অৰ্জন কৰিব৷ সেই হিচাপত সৰ্বাধিক তিনিজন সাংসদে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হোৱাৰ সুযোগ পাব পাৰে৷ কিয়নো দলৰ সাংসদ সংখ্যা হৈছে ৩৫৭ জন৷ যদিহে তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে কনজাৰভেটিভ দলৰ তিনি শতাধিক সাংসদে ভোটদান কৰি তাৰ মাজৰ পৰা সৰ্বাধিক ভোট লাভ কৰা দুজনক এঢাপ আগুৱাই দিব৷ দ্বিতীয় পৰ্যায়ৰ সেই দুই প্ৰাৰ্থীৰ কোনজন অধিক পচন্দ সেই ইংগিত দিব পুনৰ সাংসদসকলে আন এক ভোটদানেৰে৷ অন্তিম পৰ্যায়ত সেই দুই প্ৰাৰ্থীৰ সপক্ষে আৰু বিপক্ষে অনলাইনৰ জৰিয়তে ভোটদান কৰিব কনজাৰভেটিভ দলৰ প্ৰায় ২ লাখ সদস্যই৷ সেই ভোটৰ জৰিয়তে দলীয় মুৰব্বী আৰু প্ৰকাৰন্তৰে দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ’ব যিকোনো এজন প্ৰাৰ্থী৷ সেই সৌভাগ্যবান কোন হয় সেয়া নিশ্চিত হ’ব অহা ২৮ অক্টোবৰত৷