Logo
image

কোন দিশে ধাৱমান ৰাজনৈতিক ধাৰা

১৫ ডিচেম্বৰত কোকৰাঝাৰত ৰাজহুৱাভাৱে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে প্ৰমোদ বড়ো, উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু তিনিজন কাৰ্যবাহী পাৰিষদে শপত গ্ৰহণ কৰিলে যদিও উচ্ছ ন্যায়ালয়ে বিটিচি পাৰিষদৰ সকলো কাম-কাজৰ স্থিতাৱস্থা বাহাল ৰখাৰ বাবে প্ৰদান কৰা নিৰ্দেশৰ ফলত পুনৰ এক জটিল পৰিস্থিতিৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ সদ্য অনুষ্ঠিত নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দল হোৱাৰ পাছত দলটোৱে চৰকাৰ গঠনৰ আমন্ত্ৰণ বিচাৰি ৰাজ্যপালক আবেদন জনোৱাৰ পাছতো চৰকাৰ গঠনৰ সুযোগ প্ৰদান নকৰা, বিটিচি [নিৰ্বাচন] আইনৰ পৰিপন্থী সিদ্ধান্তৰে কাৰ্যবাহী পৰিষদ গঠন, কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষৰ নিৰ্বাচন নোহোৱাকৈ আৰু অনিয়মেৰে মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰমোদ বড়োক নিযুক্তি দিয়া আদিৰ প্ৰতিবাদ জনাই বিপিএফ দল উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ অহা ২২ ডিচেম্বৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়াত সমগ্ৰ বিষয়টোৰ ওপৰত শুনানি হোৱাৰ পাছতহে বিচিটি অঞ্চলৰ ৰাজনৈতিক প্ৰেক্ষাপট কি হ’ব তাৰ নিশ্চয়তা পোৱা যাব৷ সৌ সিদিনালৈকে মিত্ৰতা অটুট থকাৰ [অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও বি পি এফ-বিজেপিৰ মিত্ৰতা ভংগ হোৱা নাই] সত্ত্বেও বি পি এফক ত্যাগ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল, গণ সুৰক্ষা পাৰ্টিৰ সৈতে লগ হৈ বিজেপিৰ পৃষ্ঠপোষকতাত বিটিচিত নতুন চৰকাৰ গঠনৰ বাবে কৰা উদ্যোগক বি পি এফে পূৰ্ণশক্তিৰে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাটো নিশ্চিত হৈ পৰিল৷ অৱশ্যে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাকযুদ্ধ সমূহে ভোট গ্ৰহণৰ পূৰ্বেই পৰস্পৰৰ মাজত সৃষ্টি হোৱা তিক্ত সম্পৰ্কৰ বিষয়ে প্ৰতীয়মান কৰিছিল৷ ইফালে নিৰ্বাচনী ফলাফলত ৪০খন আসনৰ ভিতৰত ১৭খন লাভ কৰা সত্ত্বেও বি পি এফক চৰকাৰ গঠনৰ বাবে সুযোগ নিদিয়াৰ পাছত খড়গহস্ত  হৈ থকা হাগ্ৰামাৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিত হোৱাটো অতি তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপিয়ে ইউ পি পি এল, জি এছ পিৰ সৈতে লগ হৈ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি কোনোমতে ‘মেজিক ফিগাৰ’ লাভ কৰিছে যদিও নিৰ্বাচিত সদস্যসকলক লৈ আশ্বস্ত হোৱা নাই৷ সেই বাবেই শপত গ্ৰহণ হোৱাৰ ঠিক পাছতে ‘হৰ্ছ ট্ৰেডিং’ক ৰোধ কৰাৰ বাবে গুৱাহাটীৰ হোটেলত কেইবাদিন ধৰি ‘ৰাজনৈতিক বন্দী’ৰূপে আৱদ্ধ কৰি ৰাখিছে এই দলকেইটাৰ নিৰ্বাচিত সদস্যসকলক৷ এফালে শাসনত থকা নেতাই বৰ বৰ কথাৰে নীতিশাস্ত্ৰৰ কথা দোহাৰে আনফালে নিৰ্বাচনৰ সময়ত অসংসদীয় শব্দৰে বিৰোধীক গালি পাৰে আৰু সাংবিধানিক নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ পোষকতা কৰে৷ এই ক্ষেত্ৰত অৱশ্যে বিৰোধীৰ ভূমিকাও কোনো গুণে কম নহয়৷ বি টি চি নিৰ্বাচনত প্ৰচাৰ পৰ্ব আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে যিবোৰ ঘটনা-পৰিঘটনা ঘটিছে ইয়েই প্ৰমাণ কৰিছে কোন দিশে ধাৱমান আমাৰ ৰাজনৈতিক গতিবিধি! গণতান্ত্ৰিক বিধি-ব্যৱস্থাৰ মাজত গণতান্ত্ৰিকভাৱে ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিক হোটেলৰ ৰূমত আৱদ্ধ কৰি ম’বাইল ফোন পৰ্যন্ত ব্যৱহাৰ কৰিবলৈ নিদিয়াটোৱে কি সূচাইছে? অৱশ্যে এয়া কেৱল অসমৰে প্ৰতিচ্ছবি নহয়৷ অলপতে কৰ্ণাটক বিধানসভাত উপাধ্যক্ষজনক বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে শাৰীৰিকভাৱে নিৰ্যাতন কৰাটোৱে আমাৰ দেশৰ নিৰ্বাচিত প্ৰতিনিধিৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিলে৷ এনে উদাহৰণ আজিকালি দেধাৰ৷ দেশত গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ ‘মন কী বাত’ৰ দ্বাৰা বিভিন্ন সময়ত প্ৰদান কৰা ভাষণসমূহৰ যোগেদি উদাত্ত আহ্বান জনায় যদিও নিৰ্বাচিত জনপ্ৰতিনিধি, মন্ত্ৰী-নেতাৰ কাৰ্যকলাপে গণতান্ত্ৰিক প্ৰমূল্যবোধক অধিক অৱনমিত হোৱাত ইন্ধন যোগাইছে৷