দিতিমণিৰ সূত্ৰ ধৰি ডিব্ৰুগড়ৰ ডিটিঅ’ গ্ৰেপ্তাৰ, ৭ লাখ জব্দ
আমাৰ অসম, ২২ অক্টোবৰঃ পৰিবহণ বিষয়া কাৰ্যালয়ৰ দালাল আৰু কনিষ্ঠ সহায়িকাক গ্ৰেপ্তাৰৰ পাছতে এইবাৰ ডি টি অ’ৰ ঘৰত ওলাইছে লাখ লাখ টকা৷ অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখা সঞ্চালকালয়ৰ অভিযানত আজি ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰা কেইবালাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত বাসগৃহত আজি পুৱাৰে পৰা অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ দলে মাৰাথন অভিযান চলাই ৭ লাখ ৩ হাজাৰ ৮০০ টকা উদ্ধাৰ কৰিছে৷ ইয়াৰে ৮৭ হাজাৰ টকা আছিল অচল নোট৷ ১৯ অক্টোবৰত এজন যুৱকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাৰ সুবিধা দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰাৰ সময়তে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ সঞ্চালকালয়ৰ এটা দলে হাতে-লোতে ধৰা পৰাৰ পাছতে দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈক গ্ৰেপ্তাৰ কৰিছিল৷ উক্ত নিশা অভিযানকাৰী দলটোৱে চহৰখনৰ পি এন ৰোডত থকা জে এছ বি এপাৰ্টমেণ্টৰ দীতিমণি গগৈৰ বাসগৃহত অভিযান চলাই প্ৰায় ৯ লাখ টকা উদ্ধাৰ কৰিছিল৷ সেইদিনাই দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈক গুৱাহাটীলৈ লৈ যোৱা হয় তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলে৷ ইয়াৰ পাছতে ধৃত দুয়োজনকে অভিযানকাৰী দলে ধাৰাবাহিক মাৰাথন জেৰাত স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱাৰ ভাগত ডি টি অ’ সঞ্জীৱ হাজৰিকাৰ বাসগৃহতো অভিযান চলাই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰায় কেইবাঘণ্টা ধৰি বৈৰাগীমঠৰ বাসগৃহত চলোৱা অভিযানৰ পাছতে ডিব্ৰুগড় থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত থকা ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ বেংক একাউণ্ট পৰীক্ষা কৰা হয়৷ কাৰণ তদন্তকাৰী দলক ডিটিঅ’ সঞ্জীৱ হাজৰিকাই উদ্ধাৰ হোৱা ধনখিনি বেংকৰ পৰা উলিয়াই অনাৰ কথা প্ৰকাশ কৰিছিল৷ ইয়াৰ সত্যতা নিৰূপণৰ বাবে ডিটিঅ’ সঞ্জীৱ হাজৰিকাক লগত লৈ এছ বি আইত বেংক একাউণ্টৰ ষ্টেটমেণ্ট পৰীক্ষা কৰে৷ ইয়াৰ পাছতে তেওঁক লৈ যোৱা হয় ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ৷ তেওঁৰ কাৰ্যালয়ত তালাচী চলোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰা হয়৷ কাৰ্যতঃ দিতিমণিৰ সূত্ৰৰ আঁত ধৰিয়েই ডিব্ৰুগড়ৰ ডি টি অ’ সঞ্জীৱ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হয়৷ প্ৰায় ডেৰ ঘণ্টা ধৰি কাৰ্যালয়তে তালাচী আৰু মাৰাথন জেৰা চলোৱাৰ অন্ততঃ তদন্তৰ বাবে আন স্থানলৈয়ো লৈ যোৱা হয় বিষয়াজনক৷ অৱসৰলৈ মাত্ৰ এমাহ বাকী থকাৰ মুহূৰ্ততে পৰিবহণ বিষয়াজনৰ বিৰুদ্ধে দুৰ্নীতিবিৰোধী অভিযান চলায় অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই৷ উল্লেখ্য যে, নাম প্ৰকাশক অনিচ্ছুক এজন যুৱকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাৰ সুবিধা দিয়াৰ নামত ২ হাজাৰ টকা উৎকোচ বিচাৰিছিল দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈয়ে৷ ইয়াৰে আগধন হিচাপে ১,৩০০ টকা আদায় কৰিছিল যুৱকজন৷ কিন্তু বুধবাৰে ৭০০ টকা উৎকোচ গ্ৰহণৰ সময়তে দালাল পংকজ শইকীয়াক হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে৷ অভিযোগ অনুসৰি, পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা দীতিমণি গগৈয়ে সহায়ক হিচাপে ৰাখিছিল দালাল পংকজ শইকীয়াক৷ টেঙাখাটৰ বৰ অভয়পুৰীৰ গাঁৱৰ পংকজ শইকীয়া পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সৈতে নাই কোনো সম্পৰ্ক৷ ‘মধ্যভোগীক প্ৰশ্ৰয় নিদিব’ বুলি বৃহৎ আকাৰৰ বেনাৰ আঁৰি সজাগতা সৃষ্টি কৰাৰ সময়তে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ চকুৰ সন্মুখতে আৰু তেওঁৰ প্ৰচ্ছন্ন সমৰ্থনত দালালৰ বাবে সুকীয়াকৈ ৰখা টেবুলত দালালৰ বজাৰ চলাই আহিছিল পংকজ শইকীয়াই৷ মন কৰিবলগীয়া যে, দীৰ্ঘদিনৰ পৰা মহিলা কনিষ্ঠ সহায়িকাগৰাকীয়ে দালাল পংকজ শইকীয়াৰ জৰিয়তে বহু অসহায় লোকৰ পৰা ধন দাবী কৰি আহিছে৷ ধন নাপালে মাহ মাহ ধৰি আগনবঢ়ায় ফাইলৰ কাম৷ আনকি ধন নিদিলে গুৰুত্বই দিয়া নাছিল কাৰ্যালয়লৈ অহা কোনো লোকক৷






