Logo
image

অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ দেহ উদ্ধাৰ

আমাৰ অসম, ২২ অক্টোবৰঃ এমাহৰ ভিতৰত দ্বিতীয়খন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল অৰুণাচল প্ৰদেশত৷ শুকুৰবাৰে ভাৰতীয় সেনাবাহিনীৰ এখন ‘এডভান্সড লাইট হেলিকপ্টাৰ’ [এএলএইছ] অৰুণাচল প্ৰদেশৰ মিগিং গাঁৱৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়৷ নিয়মিত উৰণৰ বাবে মুঠতে ৪জন সামৰিক বাহিনীৰ ব্যক্তি আৰু এজন পাইলটক লৈ লিকাবালিৰ পৰা হেলিকপ্টাৰখনে উৰা মাৰিছিল৷ উৰণৰ কিছুসময়ৰ পাছতে হেলিকপ্টাৰখন প্ৰতিকূল বতৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈ দক্ষিণ টুটিং অঞ্চলৰ মিগিং গাঁৱৰ সমীপত ভাগি পৰে৷ দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল যাব পৰাকৈ কোনো পথ নথকাত সেনা বাহিনীৰ আন দুখন হেলিকপ্টাৰেৰে উদ্ধাৰকাৰ্য চলোৱাৰ চেষ্টা কৰা হৈছে৷ এখন ওলমা দলঙৰে দুৰ্ঘটনাস্থললৈ যাব পৰাৰ ব্যৱস্থা থাকিলেও সেই পথেৰে কোনো যান বাহন যাতায়ত কৰিব নোৱাৰে৷ এনে পৰিস্থিতিত গাঁওবাসীয়ে উদ্ধাৰ কাৰ্যত সাহায্য আগবঢ়াইছে৷ দিনৰ ১০.৪৩ বজাত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি পৰে বুলি সেনাবাহিনীয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে৷ উদ্ধাৰকাৰী দলে আকাশমাৰ্গৰ পৰা সংগ্ৰহ কৰা ফটোত ৪জন যাত্ৰীৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে৷ পঞ্চমজন যাত্ৰীৰ সন্ধান এতিয়াও পোৱা হোৱা নাই৷ সেনাবাহিনী আৰু বায়ুসেনা বাহিনী উভয়ে যুটীয়া উদ্ধাৰ অভিযান চলোৱা বুলি সেনাবাহিনীৰ এক বিবৃতিত প্ৰকাশ৷ সেই উদ্ধাৰ কাৰ্যত সেনাবাহিনীয়ে এম ১৭ হেলিকপ্টাৰ আৰু ধ্ৰুৱ নামৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে৷  ইতিমধ্যে নিহত পাইলটজনৰ মৃতদেহ উদ্ধাৰ কৰা বুলি এটা অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে৷ সেনাবাহিনীৰ এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই৷ উল্লেখ্য চলিত মাহতে অৰুণাচল প্ৰদেশত সেনা বাহিনীৰ আন এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি পৰিছিল৷  সেই দুৰ্ঘটনাত সেনা বাহিনীৰ এজন পাইলটৰ মৃত্যু হৈছিল৷ শুকুৰবাৰে যিখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল সেই লাইট হেলিকপ্টাৰখন সেনা বাহিনীয়ে এনে দুৰ্গম অঞ্চলত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰে৷ আজি পিছে হেলিকপ্টাৰখনে নিয়মিত অনুশীলন চলাবলৈ যাওতেই দুৰ্ঘটনাগ্ৰস্ত হৈ ভূপতিত হয়৷ উল্লেখ্য ২০১৭ চনৰ মাৰ্চৰ পৰা বিগত বছৰৰ ডিচেম্বৰলৈ অৰুণাচল প্ৰদেশত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত মুঠতে ৩১ জন ব্যক্তিৰ  মৃত্যু হৈছে৷ এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীৰ ১৫ খন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি পৰিছে৷