Logo
image

এইখন মোৰ যুঁজ, যুঁজি যাম! ৰৌণক

আমাৰ অসম, ২২ অক্টোবৰঃ ন্যায় পালিকাৰ ওপৰত মোৰ ভৰষা আছে৷ এইখন মোৰ যুঁজঁ, মই যুঁজি যাম৷ –এইদৰে কয় নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাই৷ জামিনত মুক্তিৰ পাছতেই প্ৰথম বাৰৰ বাবে মুখ খুলি নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে মোৰ গোচৰ আদালতত বিচৰাধীন হৈ আছে বাবে ৰাজনৈতিক ষড়যন্ত্ৰ আছে নে নাই সেইটো কব পৰা নাযাব৷ চৰকাৰী ষড়যন্ত্ৰ আছে নে নাই সেয়া গোচৰ দিয়া সকলে গম পাব বুলি ৰৌণক আলী হাজৰিকাই স্পষ্ট কৰি দিয়ে৷ ই ডিৰ তদন্তৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত নিলম্বিত আৰক্ষী বিষয়া জনে কয় যে তেওঁলোকক সোধক কি পালে কি নাপালে৷ মোৰ সপক্ষে ইতিমধ্যে মই আদালতত কৈছোঁ বুলি উল্লেখ কৰি নিলম্বিত ডি আই জি জনে কয় যে চি এম ভিজিলেঞ্চ আৰু ই ডিৰ তদন্ত প্ৰক্ৰিয়াত মই সম্পূৰ্ণ সহযোগ কৰি যাম৷ উল্লেখ্য যে, জামিনত মুক্তিৰ পাছতেই নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ ঘৰত কালি এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে তালাচী অভিযান চালোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কালি পুৱা ৯ বজাৰ পৰা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ ঘৰত ওৰে দিনটো তালাচী চলাইছিল৷ ই ডিৰ গুৱাহাটীৰ মাণ্ডলীক কাৰ্যালয়ত নতুনকৈ ৰুজু হোৱা আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণ গোচৰৰ ভিত্তিত আৰক্ষী বিষয়া জনৰ ঘৰত অভিযান চলাই ৰৌণক আলী হাজৰিকা আৰু তেওঁৰ পত্নীক জেৰা কৰিছিল৷  অৱশ্যে ই ডিয়ে ইতিমধ্যে অসম আৰক্ষীৰ পৰা ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকা সংগ্ৰহ কৰিছে বুলি ই ডিৰ এটা ভিতৰুৱা সূত্ৰই জানিবলৈ দিছিল৷  উল্লেখ্য যে, জামিন বিচাৰি দেশৰ উচ্ছতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল নিলম্বিত কাৰাবন্দী ডি আই জি ৰৌণক আলী হাজৰিকাই৷ এই আবেদনৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ে নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ জামিন মঞ্জুৰ কৰিছিল৷ জামিন লাভ কৰি অলপতে ৰৌণক আলী হাজৰিকাই মুকলি আকাশৰ তললৈ ওলাই আহিছিল৷ ইপিনে, যোৱা বছৰ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চাৰ্জশ্বিট দাখিল কৰিছিল৷  উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে ২০২১ চনৰ জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল৷