Logo
image

পূৰ্বৰ গৃহ সচিবসহ ৭ পৌৰ বিষয়া গ্ৰেপ্তাৰ, পলাতক ২

আমাৰ অসম, ২২ অক্টোবৰঃ গুৱাহাটীৰ নলা-নৰ্দমাৰ বোকা চাফ-চিকুণ কৰাৰ নামত বিশ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত পৰিল গুৱাহাটী পৌৰ নিগমৰ অ’ এছ ডি তথা গৃহ সচিবসহ আঠজন বিষয়া৷ চি এম ভিজিলেঞ্চৰ জালত পৰা জি এম চিৰ বিষয়াকেইজন হৈছে অ’ এছ ডি এ চি এছ বিষয়া বাবুলাল শৰ্মা, স্বচ্ছতা বিষয়া আছিফ আহমেদ, জি এম চিৰ এক নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শংকৰ মেধি, জি এম চিৰ দুই নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰমাকান্ত শইকীয়া, জি এম চিৰ তিনি নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা এলিন বেগম, জি এম চিৰ চাৰি নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা চিত্তৰঞ্জ ন দত্ত, জি এম চিৰ পাঁচ নং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হীৰণ্য বৰ্মন, আৰু দিনচন গ্লোৱেল ভেনচাৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক দীনেশ জয়ছোৱাল৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ জাৱৰ জোথৰ, বোকা চাফ চিকুণ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে এম এছ দিনচন গ্লোৱেল ডেনচাৰ প্ৰাইভেট লিমিটেডৰ ঠিকা আৱণ্টন দিয়ে৷ ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে প্ৰথম পৰ্যায়ত মহানগৰীৰ নলা-নৰ্দমাৰ চাফ চিকুণ কৰাৰ নামত ন কোটি টকাৰ বিল জমা দি জি এম চিৰ পৰা ধন ওলাই নিয়ে৷ চলিত বৰ্ষৰ দুই এপ্ৰিলৰ পৰা ২৬ মাৰ্চলৈ নলা নৰ্দমা চাফ-চিকুণ কৰা দেখুওৱাই দিনচন গ্লোৱেল ভেনচাৰ প্ৰাইভেট লিমিটেডে বিশ কোটি টকাৰ বিল জি এম চিত জমা দিয়ে৷ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ বিশ কোটি টকাৰ বিল দেখা পাই সেই সময়ৰ জি এম চিৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ সন্দেহ ওপজে৷ এই সন্দেহৰ ভিত্তিত আয়ুক্ত দেৱাশিষ শৰ্মাই উক্ত বিলৰ ওপৰত তদন্ত কৰিবলৈ জি এম চিৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক দায়িত্ব দিয়ে৷ ঘটনা সন্দৰ্ভত যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে তদন্ত কৰি ব্যাপক বিসংগতি ধৰা পেলায়৷ আনকি নলা-নৰ্দমা চাফ চিকুণ কাৰ্যত ব্যৱহাৰ কৰা ডাম্পাৰকে ধৰি যান-বাহন সমূহৰ নম্বৰ মটৰ চাইকেলৰ নম্বৰ ব্যৱহাৰ কৰি ভুৱা বিল জমা দিয়াৰ তথ্য লাভ কৰিছিল তদন্তকাৰী বিষয়াজনে৷ তদুপৰি এদিন চাফ-চিকুণ কাৰ্যত ব্যৱহাৰ কৰা এখন ডাম্পাৰ সাত দিন পৰ্যন্ত কামত ব্যৱহাৰ কৰা বুলি ভুৱা বিলত দেখুওৱা হৈছিল বুলি তদন্তকাৰী বিষয়াজনে ধৰা পেলাইছিল৷ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ বিলৰ বিৰুদ্ধে তদন্ত কৰি তদন্তকাৰী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে জি এম চিৰ আয়ুক্তৰ ওচৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিছিল৷ এই প্ৰতিবেদনৰ ভিত্তিত আয়ুক্ত দেবাশিষ শৰ্মাই ঘটনা সন্দৰ্ভত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰ ভিত্তিত মুখ্যমন্ত্ৰী তদাৰকী কোষে ভাৰতীয় দণ্ডবিধিৰ ১২০[বি]/৪২০/৪০৬/৪০৯/৪৬৮/৪৭১ আৰু ১৩[১][এ]/১৩[২] পি চি এ“ৰ অধীনত থানাত ০৪/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ তদন্তকাৰী সংস্থাটোৰ প্ৰাথমিক তদন্তত ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে দাখিল কৰা ভুৱা বিলখন পৰীক্ষা নকৰাকৈ জি এম চিৰ পৰা বিষয়া-কৰ্মচাৰীসকলে স্বত্বাধিকাৰীক ধন আদায় দিয়াৰ তথ্য ধৰা পেলায়৷ মূলতঃ জি এম চিৰ বিশ কোটি টকা কেলেংকাৰীটো বিষয়া-কৰ্মচাৰী আৰু ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে গোপন বুজাবুজি কৰি সংঘটিত কৰা বুলি মুখ্যমন্ত্ৰী তদাৰকী কোষে নিশ্চিত তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰিয়েই মুখ্যমন্ত্ৰী তদাৰকী কোষে আঠজন অভিযুক্তক ৰূপনগৰৰ কাৰ্যালয়লৈ মাতি আনি আজি গ্ৰেপ্তাৰ কৰে৷ ধৃত অভিযুক্ত বিষয়া-কৰ্মচাৰীকেইজনক আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে গুৱাহাটীস্থিত বিশেষ আদালতত হাজিৰ কৰাই পাঁচ দিনৰ বাবে জিম্মাত দিবলৈ প্ৰাৰ্থনা জনায়৷ আদালতে দুয়োপক্ষৰ অধিবক্তাৰ যুক্তিতৰ্ক শুনি আঠ অভিযুক্তক পাঁচ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে৷ ইপিনে, পলাতক হৈ থকা জি এম চিৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান আৰু কাৰ্যবাহী অভিযন্তা সীমান্তজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী তদাৰকী কোষে তীব্ৰ অভিযান চলাই আছে৷