Logo
image

অসমীয়া প্ৰত্যাহাৰৰ সপক্ষে ৰায়দানৰ পাছতেই এপিএছচিৰ ফলাফল ঘোষণা

অসমীয়া বাধ্যতামূলক কৰাৰ পিআইএল খাৰিজ উচ্ছ ন্যায়ালয়ৰ

আমাৰ অসম, ২২ অক্টোবৰঃ অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু চাৰিখন লেখ আবেদন আজি খাৰিজ কৰিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য যে এ পি এছ চিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্ন কাকত উঠাই দিয়াৰ সন্দৰ্ভত বঙাইগাঁও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কেবিনেটৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই ৮৩/২০২১ নম্বৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত এখন পি আই এম দাখিল কৰাৰ বিপৰীতে ক্ৰমে নবীন কুমাৰ ৰয় [WP[C]No.5169/2020], বনানীপ্ৰিয় ৰাজকোঁৱৰ [WP[C]No.5248/2020], বন্দিতা বৰা [WP[C]No.28/2021] আৰু ধৃতিদ্বীপ দাসে [WP[C]No.1208/2022] চাৰিখন লেখ আবেদন দাখিল কৰিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দুজনীয়া বিচাৰপীঠে আজি এই পি আই এল আৰু সমুদায় লেখ আবেদনসমূহ একেষাৰে খাৰিজ কৰি কয় যে– ‘চাৰ্ভিছ মেটাৰত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ গ্ৰহণযোগ্যতা নাই৷’ উল্লেখ্য যে আজি আদালতত গোচৰীয় পক্ষৰ হৈ অধিবক্তা কে এন চৌধুৰীয়ে, চৰকাৰী পক্ষৰ হৈ ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আৰু এ পি এছ চিৰ হৈ তন্ময়জ্যোতি মহন্ত আৰু পংকজপ্ৰতীম দত্তই যুক্তি প্ৰদৰ্শন কৰে৷ আদালতৰ বাহিৰত গোচৰৰ ৰায়ৰ সন্দৰ্ভত মহাধিবক্তা দেৱজিৎ শইকীয়াই এনেদৰে কয়– অসমীয়া ভাষাৰ পেপাৰখন বাধ্যতামূলক কৰিবৰ বাবে উচ্ছ ন্যায়ালয়ত দাখিল কৰা পি আই এল খন আজি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশে সৌমিত্ৰ শইকীয়াৰ দুজনীয়া বিচাৰপীঠে খাজিৰ কৰিছে৷ গোচৰটো খাৰিজ কৰি ২০২০ চনৰ এ পি এছ চিৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে নিৰ্দেশ দিয়ে উচ্ছ ন্যায়ালয়ে৷ গোচৰটো চলি থকাৰ বাবে মাজে মাজে পৰীক্ষা অনুষ্ঠিত কৰাৰহে অনুমতি দিছিল আদালতে৷ উচ্ছ ন্যায়ালয়ৰ ঘোষণাৰ পাছত ফলাফল ঘোষণাত কোনো বাধা নাথাকিব৷’ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যিক কেবিনেটে এ পি এছ চিৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকতখন আতৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বেই অসমীয়া কাকতখন আতৰাবলৈ আদালতৰ দ্বাৰস্থ হৈছিল অসমীয়া ভাষা লিখিব নজনা একাংশ অসমীয়া প্ৰাৰ্থী৷ আজিৰ আদালতৰ ৰায়ে তেওঁলোকৰ দাবীৰ প্ৰতিও নায্যতা প্ৰদান কৰিলে৷ আজিৰ আদালতৰ ৰায়ে অসম চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখিলে৷ ভাষা বিষয়ৰ পৰীক্ষা অবিহনে এ পি এছ চিক ফলাফল ঘোষণাৰ অনুমতি প্ৰদান কৰিলে ন্যায়ালয়ে৷