Logo
image

২০২০ চনৰ পৰীক্ষাত ৩৩১জন বাছনিত উত্তীৰ্ণ

আমাৰ অসম, ২২ অক্টোবৰঃ শুকুৰবাৰে সন্ধিয়া প্ৰকাশ পালে অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল৷ উল্লেখ্য যে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে শুকুৰবাৰে অসমীয়া ভাষা প্ৰত্যাহাৰৰ সপক্ষে ৰায়দান কৰি এপিএছচিৰ ২০২০ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণাৰ অনুমতি প্ৰদান কৰাৰ পাছতে ততাতৈয়াকৈ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে এ পি এছ চিয়ে৷ ঘোষিত ফলাফল অনুসৰি ১২১জনে এচিএছ, ৬৯জনে এপিএছ, ২৭জনে কৰ পৰিদৰ্শক, ৭জনে আবকাৰী পৰিদৰ্শক, পাঁচজনে ডিটিঅ’, ছয়জনে কৰ অধীক্ষক, ১৮জনে শ্ৰম পৰিদৰ্শক, ৩১জনে উপপঞ্জীয়ক আৰু দহজনে উদ্যোগ বিভাগৰ সহকাৰী প্ৰৱন্ধক, ৩৩জনে খণ্ড উন্নয়ন বিষয়া আৰু চাৰিজনে সহকাৰী নিয়োগ বিষয়াৰ চাকৰি লাভ কৰিছে৷ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ শীৰ্ষত থাকিল বাগমাৰ নিকাছিৰ বিজিত পাঠক৷ দ্বিতীয় আৰু তৃতীয় স্থানত থাকিল ক্ৰমে জুৰি কলিতা আৰু জেবিনগুল নীহাৰ৷ লক্ষ্যণীয় যে শুকুৰবাৰে ঘোষিত এপিএছচি পৰীক্ষাৰ ফলাফলত যোৱাবাৰৰ এপিএছচিৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰা গোলাঘাটৰ মৰঙীৰ কংকনজ্যোতি শইকীয়াৰ ভ্ৰাতৃ ডিম্পল শইকীয়াই সপ্তম স্থান লাভ কৰিছে৷

প্ৰথম প্ৰয়াসতে প্ৰথম স্থান বাগ্‌সাৰ বিজিতৰ

নিৰাথিৰ পৰা ধ্ৰুৱ শৰ্মা [আমাৰ অসম]ঃ বাগ্‌সাৰ নিকাছিত আগতীয়া দীপাৱলী৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে দেখা গ’ল এনে পৰিৱেশ৷ বাগ্‌সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিকাছিৰ বিজিত পাঠকে অসম লোকসেৱা পৰীক্ষাত প্ৰথম স্থান লাভ কৰাত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিজিত পাঠকৰ বাসগৃহত৷ চৰকাৰী পৰ্যায়ত ইংৰাজী মাধ্যমত শিক্ষাদানৰ পৃষ্ঠপোষকতা কৰাৰ বিপৰীতে এইবাৰ এপিএছচি পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা বিজিত পাঠকে অসমীয়া মাধ্যমত শিক্ষালাভ কৰি প্ৰথম প্ৰয়াসতেই উত্তীৰ্ণ হোৱাই নহয়, এপিএছচি পৰীক্ষাত শীৰ্ষস্থানো লাভ কৰিছে৷ মুছলপুৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে পাছ কৰে তেওঁ৷ পাঠাশালা আনন্দৰাম বৰুৱা স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সুখ্যাতিৰে পাছ কৰি, গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা ৰসায়ন বিজ্ঞানত অনাৰ্ছসহ বি এছ চি পাছ কৰে বিজিত পাঠকে৷  হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি [ৰসায়ন বিজ্ঞানত] পঢ়ি থকা সময়ৰে পৰা লক্ষ্য কৰি লৈছিল এ পি এছ চি পৰীক্ষা৷ প্ৰথম প্ৰয়াসতে প্ৰথম স্থান লাভ কৰি সুখী বুলি ক’লে তেওঁ৷ স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা হোৱা বুলি ক’লে বিজিত পাঠকে৷ ফাৰ্মাচিষ্ট পিতৃ আৰু গৃহিনী মাতৃৰ সন্তান বিজিতে ৰাইজৰ সেৱা কৰিব বুলি ক’লে সাংবাদিকৰ আগত৷ উল্লেখ্য যে, বিজিত পাঠকৰ সৰু ভনী মুম্বাই আই আই টিত ৰসায়ন বিজ্ঞানত পি এইচ ডি কৰি আছে৷ ফলাফল ঘোষণাৰ পাছতে বিজিত পাঠকৰ বাসগৃহত গোৰ্খা ছাত্ৰ সন্থা, বিভিন্ন দল-সংগঠন উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷ পৰীক্ষাত শ্ৰেষ্ঠ হৈও বিজিত পাঠকৰ ট্ৰেজেডী এয়ে যে তেওঁ যিদিনা অসমীয়া মাধ্যমত শিক্ষালাভ কৰি অৰ্জন কৰা জ্ঞানেৰে এপিএছচি পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে, সেইদিনাই অসমীয়া ভাষাই এপিএছচিৰ মজিয়াত মান্যতা হেৰুৱাইছে– আনকি ন্যায়ালয়ৰ মজিয়াতো৷

মোৰাঝাৰৰ দুই ভাতৃ-ভগ্নীয়ে পালে এপিএচছিত স্থান

আব্দুল কাদিৰ, মোৰাঝাৰ [আমাৰ অসম]ঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ হোজাই জিলাৰ নাম উজলালে জিলাখনৰ এটা পৰিয়ালৰ দুই ভাতৃ-ভগ্নীয়ে৷ স্থান পালে এপিএছচি চূড়ান্ত ফলাফলত৷ আজি সন্ধিয়া অসম লোকসেৱা আয়োগৰ ঘোষিত ফলাফলত স্থান লাভ কৰিলে হোজাই জিলাৰ মোৰাঝাৰৰ চাৱাজপুৰ গাৱৰ একে পৰিয়ালৰ দুই ভাতৃ-ভগ্নীয়ে৷  সম্প্ৰতি গুৱাহাটীত থকা অভিযন্তা আলা উদ্দিন আহমেদ আৰু ৰুজামিন আহমেদৰ কন্যা আইৰিছ আৰমান আহমেদে অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত এচিএচ জুনিয়ৰ গ্ৰেডত ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি ৰাজ্যৰ লগতে হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷ আইৰিছে হোজাই ডনবস্কৰ পৰা মেট্ৰিক, গুৱাহাটীৰ গুৰুকুল বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ হৈ ছিকিম মানিপাল বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ হোজাইৰ যোগীজানৰ আইৰিছৰ এটি পাঁচ বছৰীয়া কন্যা সন্তানো আছে৷ কৰ্মসূত্ৰে অভিযন্তা স্বামী ৰাজ্যৰ বাহিৰত থাকিলেও তেওঁৰ প্ৰেৰণাতে আইৰিছে কলিকতাৰ এটা কোম্পানীৰ চাকৰি এৰি ৰাজ্যলৈ উভতি আহি লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়৷ মেধাৱী আইৰিছে আজি ঘোষিত ফলাফলত ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷ আইৰিছৰ ভাতৃ আৰশ্বাদ ৱাছিম আহমেদে অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত যুটীয়া পৰীক্ষাত শ্ৰম পৰিদৰ্শকৰ দশম স্থান লাভ কৰে৷ এটা পৰিয়ালৰ দুগৰাকীকৈ সদস্যই সন্মানীয় লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত দুটাকৈ গুৰুত্বপূৰ্ণ পদত স্থান লাভ কৰাত হোজাইৰ বিদ্বৎ মহলক উৎফুল্ল কৰি তুলিছে৷

ষষ্ঠদশ স্থানত হাটশিঙিমাৰীৰ জান্নাতুল ফিৰদৌছ

অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হাটশিঙিমাৰীৰ খাৰুৱা বান্ধাৰ জান্নাতুল ফিৰদৌছ সদ্য ঘোষিত পৰীক্ষাত শ্ৰম পৰিদৰ্শক পদত ১৬নং স্থান দখল কৰে৷ জান্নাতুল ফিৰদৌছে ২০০৮ চনত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰি উত্তীৰ্ণ হৈছিল৷ গুৱাহাটী কটন কলেজৰ পৰা উচ্ছতৰ মাধ্যমিক পৰীক্ষা আৰু শ্বিলঙৰ পৰা বি টেক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ দিল্লীৰ শ্ৰীৰাম আই এ এছ একাডেমীত কোচিং কৰি তিনিবাৰৰ বেলিকা এইবেলি শ্ৰম পৰিদৰ্শক পদত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ জান্নাতুল ফিৰদৌছ কালাপানী মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোলজাৰ হুছেইন আৰু আছিয়া খাতুনৰ ছোৱালী৷ জান্নাতুল ফিৰদৌছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ দক্ষিণ শালমাৰা মানকাচৰ জিলালৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে৷