Logo
image

ৰূপজ্যোতিৰ ‘নাট্য’-ৰূপ

আমাৰ অসম, ২৩ অক্টোবৰঃ সঘনে ৰাজনৈতিক বক্তব্য, ৰাজনৈতিক স্থিতি আৰু বিতৰ্কিত মন্তব্যৰে বহুবল্কী আখ্যা পোৱা মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কালি দেখা গ’ল কংগ্ৰেছীৰ পোছাকত৷ অৱশ্যে বাস্তৱ ক্ষেত্ৰত নহয় নাটকৰ চৰিত্ৰ ৰূপায়নতহে দেখা গ’ল বিতৰ্কিত বিধায়কজনক৷ ফুটবল খেলুৱৈ হিচাপে জনাজাত আৰু ৰাজনৈতিক অভিনয়ত পাকৈত ৰূপজ্যোতি কুৰ্মীৰ যে নাটকৰ অভিনয়তো হাত আছে সেইটো প্ৰমাণ কৰি কালি বিজেপিৰ বিধায়কজনে স্থানীয় শিলিখা চাহ বাগিচাৰ মঞ্চত এখন নাটকত এজন কংগ্ৰেছী নেতাৰ চৰিত্ৰ ৰূপায়ন কৰে৷ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অৱহেলিত চাহ জনগোষ্ঠীয় মহিলা মাংৰি ওৰাং ওৰফে মালতি মেমৰ জীৱনৰ আধাৰিত ‘মালতি মেম’ নামৰ নাটখনত কালি ৰূপজ্যোতি কুৰ্মীয়ে দাড়ী কাটি গান্ধী টুপি পিন্ধি কংগ্ৰেছ নেতা অমিয় কুমাৰ দাসৰ চৰিত্ৰত অভিনয় কৰি ৰাইজক আপ্লুত কৰে৷ বিধায়কজনে নাটক অভিনয়ৰ যোগেদি নাটকৰ প্ৰতি চাহ বাগিচাৰ যুৱক-যুৱতীসকলক আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলোৱা বুলি মন্তব্য কৰে৷ উল্লেখ্য, বিধায়কজনৰ পত্নীকে ধৰি তেওঁৰ বহু গুণগ্ৰাহী আৰু চাহ বাগিচাৰ বহু লোকৰ উপস্থিতিত অনুষ্ঠিত নাটকখনত বিধায়কজনৰ অভিনয় নাটকীয় দৃষ্টিত বিচাৰ কৰাতকৈ তেওঁৰ ইচ্ছা আৰু ৰাইজৰ মাজত নাটকৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কৰা প্ৰচেষ্টাইহে গুৰুত্বপূৰ্ণ বুলি নাটক প্ৰদৰ্শন কৰা বিভিন্নজনে মন্তব্য কৰিছে৷ ইফালে বিধায়কজনে নাটকত অভিনয় কৰি সন্তুষ্টি লভা বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে, মই ভাওনা কৰিয়েই থাকো এতিয়াৰ পৰা মই নাটক কৰা আৰম্ভ কৰিম৷