Logo
image

বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা প্ৰয়াত

কাইলৈ বৰপেটাত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য

আমাৰ অসম, ২৩ অক্টোবৰঃ সত্ৰীয়া ধৰ্ম সংস্কৃতিৰ এক বৰ্ণিল পৰিক্ৰমা সামৰি শণিবাৰে ইহসংসাৰৰ পৰা বিদায় ল’লে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, বৈষ্ণৱ ধৰ্মৰ একান্ত সেৱক, প্ৰচাৰক তথা শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ দেৱ শৰ্মাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শণিবাৰে বিয়লি ৪-৫৬ বজাত শেষনিঃশ্বাস ত্যাগ কৰে বুঢ়া সত্ৰীয়া শৰ্মাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ৷ জীৱনৰ শেষ মুহূৰ্তলৈকে তিলমানো আঁচোৰ নপৰাকৈ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত নিমগ্ন বৈষ্ণৱ সংস্কৃতিৰ একনিষ্ঠ সেৱকগৰাকীৰ মৃত্যুত যেন অভিভাৱকহীন হৈ পৰিল সত্ৰনগৰী বৰপেটাবাসী৷ যাৰ পুৱাৰ প্ৰসংগত সদা মুখৰিত হৈ থাকে সত্ৰনগৰী বৰপেটা,  যাৰ উদাত্ত কণ্ঠত প্ৰাণ পাই উঠে বৰগীত, হোলীগীত, সেই সত্ৰীয়া সংস্কৃতিৰ সেৱকগৰাকীৰ অনুপস্থিতিত স্বাভাৱিকতে শোকস্তব্ধ হৈ পৰিছে বৰপেটা৷ ক্ষণিকৰ বাবে হ’লেও নিজম পৰি ৰৈছে শংকৰী সংস্কৃতিৰ পীঠস্থান, দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰ৷ ভকতসকলৰ মাজত কেৱল দেখিবলৈ পোৱা গৈছে শোকৰ চকুলো৷ সত্ৰীয়া সংস্কৃতিৰ লাইখুঁটাস্বৰূপ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে সত্ৰনগৰী বৰপেটাবাসী শোকত ম্ৰিয়মাণ হৈ পৰিছে৷ উল্লেখ্য যে, ১৯৩৮ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই সৰুৰে পৰা এক সত্ৰীয়া পৰিৱেশত ডাঙৰ-দীঘল হয়৷ বৰপেটা চহৰৰ সমীপৱৰ্তী সুন্দৰীদিয়াত জন্মগ্ৰহণ কৰা বশিষ্ঠ দেৱ শৰ্মাৰ পিতৃ-মাতৃ আছিল ক্ৰমে গিৰীশ চন্দ্ৰ শৰ্মা আৰু দময়ন্তী দেৱী৷ বশিষ্ঠ শৰ্মাই শিশুকালৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী হয়৷ তেওঁৰ ভাতৃ বিখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মা, জীয়ৰী কণ্ঠশিল্পী তৰালী শৰ্মাকে ধৰি গোটেই পৰিয়ালটোৱে মহাপুৰুষকেইজনাৰ গীত-মাত-ধৰ্মৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ আহিছে৷ বৃত্তিত এগৰাকী শিক্ষক আছিল বশিষ্ঠ দেৱ শৰ্মা৷ বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰি সুন্দৰীদিয়াৰ দক্ষিণ হাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল৷ শিশুকালৰে পৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানবোৰৰ সৈতে জড়িত হৈ পৰিছিল বশিষ্ঠ দেৱ শৰ্মা৷ মহাপুৰুষজনাৰ নীতি-আদৰ্শৰ প্ৰতি একান্ত আনুগত্য থকা একনিষ্ঠ সেৱক বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৰাজ্যখনৰ লগতে বহিঃৰাজ্যতো ভাগৱতৰ সুন্দৰ ব্যাখাৰে হাজাৰ হাজাৰ লোকক ধৰ্মৰ অমৃত ৰস পান কৰাইছিল৷ আনহাতে, তেওঁ বৰপেটাৰ থিয় নামৰো এজন বিখ্যাত পাঠকৰ উপৰিও ভাওনাত সুন্দৰ অভিনয়েৰে ৰাইজৰ মাজত জনপ্ৰিয় শিল্পী হিচাপে খ্যাতি লাভ কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ হোলীগীতৰ এজন বিখ্যাত শিল্পী আছিল৷ বৰপেটাৰ দৌলৰ সময়ত বুঢ়া সত্ৰীয়াগৰাকীয়ে শিল্পীসকলৰ লগত প্ৰাণঢালি গোৱা হোলীগীতসমূহে বৰপেটাৰ দৌলক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল৷ ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটী কেন্দ্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰিত হোৱা বশিষ্ঠ দেৱ শৰ্মাই পৰৱৰ্তী সময়ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সফলতাৰে বীৰ নাম, নিবিড় কীৰ্তন, ঘোষা কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত, ভাওনা আদি পৰিৱেশন কৰিছিল৷ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সংগীতৰ ভাঙনিৰে তেওঁ শ্ৰীবৎস চিন্তা, নল দময়ন্তী, সতী বেউলা, পূজনী পখি আদি নাটক পৰিচালনা কৰিছিল৷ ৰাজ্যৰ পৰিধি অতিক্ৰমি পশ্চিম বংগ, বিহাৰ, দিল্লী, পঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল৷ সুন্দৰ, হৰি গুণ গাই নাচা, মোহন কলীয়া, দেৱ যদুপতি, বনমালী ৰাম আদি শ্ৰব্য কেছেটসমূহ পৰিচালনা কৰাৰ লগতে শ্ৰব্য কেছেটসমূহত সন্নিবিষ্ট থিয় নাম, ঘোষা নাম, প্ৰাৰ্থনা আদিত তেওঁ কণ্ঠদান কৰিছিল৷ ১৯৯৩ চনত তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হয়৷ নিষ্ঠা আৰু সততাৰে ১৪ বছৰ ধৰি ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়োৱাৰ পাছত ২০০৭চনত তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হয়৷ মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদত অধিষ্ঠিত হৈ আছিল৷ সমান্তৰালভাৱে তেওঁ উজনি আৰু নামনি অসমত থকা বৰপেটা সত্ৰৰ শাখা সত্ৰসমূহকো নেতৃত্ব দি আহিছিল৷ ৰাজ্যৰ বিভিন্ন স্থানত থকা বৰপেটা সত্ৰৰ প্ৰায় ৩০০ শাখা সত্ৰক তেওঁ পুনৰ সংগঠিত কৰিছিল৷ বশিষ্ঠ দেৱ শৰ্মাৰ অভিনয় প্ৰতিভা আছিল উল্লেখনীয়৷ দেশৰ বিভিন্ন ঠাইত মঞ্চস্থ হোৱা যাত্ৰা আৰু অংকীয়া ভাওনাত তেওঁ অভিনয় কৰিছিল৷ বিহাৰৰ পাটনাৰ কালিদাস ৰংঙ্গ মঞ্চত মঞ্চস্থ হোৱা ‘বন্দী মাছৰ গদ্য ‘নামৰ নাটকত তেওঁ অভিনয় কৰিছিল৷ কিশোৰী মোহন পাঠকৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘মথুৰা পুৰীৰ মথুৰা দাস’ নামৰ নাটখনত তেওঁ মথুৰা দাস বুঢ়া আতাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ তেওঁ কেইবাখনো বঙালী নাটক অসমীয়ালৈ অনুবাদ কৰিছিল৷ তেওঁ অসমৰ বিভিন্ন স্থানত বহুসংখ্যক নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু নামঘৰসমূহক বৰপেটা সত্ৰৰ মূল সত্ৰীয়া ৰীতি-নীতিৰ সৈতে সংযোগ কৰোৱাইছিল৷ সমাজৰ নিষ্পেষিত-নিপীড়িত আৰু অনুসূচিত জাতি-জনজাতিসকলক তেওঁ ধৰ্মীয় বাণীৰে উদ্বুদ্ধ কৰিছিল৷ পিছপৰা অঞ্চলৰ বহুসংখ্যক লোকক তেওঁ ভাগৱতৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ তদুপৰি, যোৰহাট জিলাৰ তিতাবৰৰ ঠেঙাল কছাৰীৰ মাজত, লখিমপুৰ জিলাৰ পাঠালি পাহাৰ, নাওবৈচা আদি অঞ্চলত তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিছিল৷ ২০১২ চনত কোকৰাঝাৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত হতাহতৰ একাংশ পৰিয়ালৰ মাজত খাদ্য, বস্ত্ৰ, ঔষধ, খোৱাপানী, শিশু খাদ্য আদি বিতৰণ কৰি তেওঁ মহানুভৱতাৰ পৰিচয় দিছিল৷ তেওঁৰ ৰচনাসমূহ হৈছে নাওখেলৰ গীত, মহোহো গীত, থানৰ বাতৰি সোধা, সুন্দৰীদিয়া পূব হাটীৰ থিয়নাম-এক মধুৰ সোঁৱৰণ ইত্যাদি৷ তেখেতৰ অপ্ৰকাশিত গ্ৰন্থসমূহ হৈছে ভৱ ৰোগৰ ঔষধ কৃষ্ণ কথা, সত্ৰত শৰণৰ ব্যৱস্থা, ৰাস তত্ত্ব, ভকত ভঞ্জন, মানৱ জীৱন চন্দন কথা, ধৰ্ম ইত্যাদি৷ তেখেতৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থখন হৈছে ‘সত্ৰীয়া নীতি বিচাৰ৷ ‘সত্ৰীয়া ধৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে বশিষ্ট দেৱ শৰ্মাই তেখেতৰ জীৱনকালত বিভিন্ন বঁটা-বাহনেৰে সন্মানিত হয়৷ তেখেতক ২০১১ চনত সাংস্কৃতিক মহাসভাই প্ৰদান কৰে জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা৷ একেটা বৰ্ষত বামুণা সত্ৰই তেখেতক প্ৰদান কৰে শ্ৰীশ্ৰী দৈতাৰী ঠাকুৰদেৱ বঁটা৷ ২০১২ চনত গুৱাহাটীৰ নুনমাটিৰ জাতীয় বিদ্যালয়ৰ পৰা লাভ কৰে ফেল’শ্বিপ৷ ২০১৩ চনত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে তেখেতক মথুৰা দাস বুঢ়া আতা বঁটা প্ৰদান কৰে৷ ২০১৪ চনত মাজুলীৰ কমলাবাৰী সত্ৰৰ শ্ৰীশ্ৰী বদলা আতা সেৱা সমিতিয়ে তেখেতক প্ৰদান কৰে শ্ৰীশ্ৰী বদলা পদ্ম আতা বঁটা৷ যোৰহাটৰ সঞ্চাৰণে ২০১৬ চনত তেখেতক শংকৰ-মাধৱ বঁটাৰে সন্মানিত কৰে৷ একেটা বৰ্ষত হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে তেখেতক হাউলী বঁটা আৰু অসম সত্ৰ মহাসভাই সত্ৰ ৰত্ন বঁটা প্ৰদান কৰে৷ ২০১৭ চনত কৃষ্ণানন্দ বঁটা নিৰ্ণায়ক সমিতিৰ পৰা বশিষ্ঠ দেৱ শৰ্মাক কৃষ্ণানন্দ বঁটা প্ৰদান কৰা হয়৷ আনহাতে, ২০১৭ চনত অসম চৰকাৰে তেখেতক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰে৷ ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভাই তেখেতক প্ৰদান কৰে লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা৷ ২০২১ চনত সুন্দৰীদিয়া সত্ৰই তেখেতক মাধৱদেৱ বঁটা প্ৰদান কৰে৷ শেহতীয়াভাৱে, বৰপেটাৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছি’য়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ‘তাঁতীকুছি’ বঁটা’ এইবাৰ ২০২২ বৰ্ষৰ বাবে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাক নিৰ্বাচিত কৰিছিল৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শাৰীৰিক অসুস্থতাত ভুগি থকা বুঢ়া সত্ৰীয়া শৰ্মাই বিগত বৰ্ষৰ নবেম্বৰ মাহত ক’ভিডত আক্তান্ত হৈছিল৷ ক’ভিডত আক্ৰান্ত বুঢ়া সত্ৰীয়াগৰাকীক পৰৱৰ্তী সময়ত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নি ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰা হৈছিল৷ ইয়াৰ পাছতে বুঢ়া সত্ৰীয়াগৰাকীয়ে ক’ভিডমুক্ত হৈ ঘৰলৈ উভতে যদিও পাছলৈ বিভিন্ন ৰোগৰ উপসৰ্গই তেওঁৰ দেহত দেখা দিছিল৷ বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ সময়তে বুঢ়া সত্ৰীয়াগৰাকীৰ দেহত যকৃতৰ ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰিছিল৷ ইয়াৰ কিছুদিন পাছতে অসুস্থ হৈ পৰাত বুঢ়া সত্ৰীয়াগৰাকীক বৰপেটাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল৷ পাছলৈ বুঢ়া সত্ৰীয়াগৰাকী সুস্থ হৈ ঘৰলৈ আহে যদিও পৰৱৰ্তী সময়ত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে৷ দীৰ্ঘদিন ধৰি যকৃৎ আদিকে ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত বুঢ়া সত্ৰীয়া বাপজনাক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকাৰ মাজতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত কষ্ট পোৱাত ১০ অক্টোবৰত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল৷ পাছত তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শক্ৰমে ১১ অক্টোবৰত এম্বুলেন্সযোগে বুঢ়া সত্ৰীয়া বাপজনাক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসা চলাই থকা সময়তে আজি বুঢ়া সত্ৰীয়াগৰাকীয়ে জীৱনৰ শেষনিশ্বাস ত্যাগ কৰে৷ জি এম চি এইচত যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছতে নিশা বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহ বৰপেটাৰ নিজ বাসভৱনলৈ অনা হয়৷ দেওবাৰে পুৱা জ্জ্ব.৩০ বজাত সুন্দৰীদিয়াস্থিত বাসগৃহৰ পৰা সুন্দৰীদিয়া সত্ৰলৈ, সুন্দৰীদিয়া সত্ৰৰ পৰা বুদৰুৰটুপ পথ-বিলৰটাৰীহাটীৰ চ’ক হৈ বৰপেটা থানা-বৰপেটা বজাৰ-বৰপেটা বিদ্যাপীঠৰ সন্মুখেৰে বৰপেটা সত্ৰৰ বাছআস্থান চৌহদলৈ অন্তিম যাত্ৰা হ’ব৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সোমবাৰে পুৱা ৮ বজালৈ বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহ বৰপেটা সত্ৰৰ বাছআস্থান চৌহদত ৰখা হ’ব৷ সোমবাৰে পুৱা ৮.৩০ বজাৰ পাছত [পুৱাৰ প্ৰসংগৰ পাছত] বৰপেটা সত্ৰ চৌহদৰ চাৰিওফালে নশ্বৰ দেহ প্ৰদক্ষিণ কৰোৱাৰ লগতে থূল তিনি হাটীৰ তিনি বাটচ’ৰালৈ নি সন্মান প্ৰদৰ্শন কৰা হ’ব৷ তাৰ পাছত ৰাজ্যিক মৰ্যাদাৰে বৰপেটা সত্ৰৰ পিছপিনে থকা খটখটিত বুঢ়া সত্ৰীয়াগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত বৰপেটা সত্ৰ পৰিচালনা সমিতি, শাখা সত্ৰ সমাজ, সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি, বৰপেটাৰ জিলা উপায়ুক্ত আয়ুষ গৰ্গ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকাৰ, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰে৷ আনহাতে, বুঢ়া সত্ৰীয়াৰ মৃত্যুত বৰপেটা জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থা, বিজেপিৰ বৰপেটা জিলা সমিতি, অগপৰ বৰপেটা জিলা সমিতি, বৰপেটা প্ৰেছ ক্লাব, বিশ্ব হিন্দু পৰিষদৰ বৰপেটা জিলা সমিতি, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়ন, আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলন, খিলঞ্জীয়া সুৰক্ষা বাহিনী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাস, বৰপেটা মহকুমা ছাত্ৰ সন্থা, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা, ৰাইজিং ক্লাব, ক্লাব ৰাইনো, তাঁতীকুছি বৰপেটা, বৰপেটা জিলা কৰ্মচাৰী পৰিষদ, ৰংঘৰ বৰপেটা, সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ, বৰপেটা লেখিকা সমাৰোহকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷

বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

‘বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি৷ তেওঁ ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব৷’ –এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে উল্লেখ কৰে৷ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বুঢ়া সত্ৰীয়াগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে৷ অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ মন্ত্ৰী দাসে বুঢ়াসত্ৰীয়া গৰাকীৰ ইহলীলা সম্বৰণৰ বাতৰি পোৱাৰ পাছতে বৰপেটা সত্ৰত উপস্থিত হয়৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মন্তই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ ৰাইজৰ দলৰ তৰফৰ পৰাও বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ বৰপেটা সত্ৰৰ বঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ৷ সভাপতি বদৰুদ্দিন আজমলে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷ ইফালে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন বিধায়ক হেমেন দাস, সৰভোগৰ বৰনগৰ প্ৰেছ ক্লাব, অসম সত্ৰ মহাসভা, উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰে৷ উল্লেখ্য, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট দেৱ শৰ্মাৰ মৃত্যুত বৰপেটাৰ একাডেমী অব খোল বাদ্যই ২২ আৰু ২৩ অক্টোবৰত আয়োজন কৰা ‘বৰপেটা সংগীত সমাৰোহ’ স্থগিত ৰাখিছে৷

শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ শোক প্ৰকাশ

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট দেৱ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ওদালগুৰি জিলাৰ কাঠপুৰী শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰই৷ আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বৰপেটা সত্ৰৰ বশিষ্ট দেৱ শৰ্মাৰ প্ৰয়াণত মৰ্মাহত হৈ তেওঁৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি কাঠপুৰী শ্ৰীমন্ত শংকৰদেৱৰ শাখা সত্ৰত বাপ-আইমাতৃসকলে এক শোকসভা অনুষ্ঠিত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷

সত্ৰগাঁও ধৰ্মপুৰ-সৃজনগ্ৰামত শোকৰ ছাঁ

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত আজি অভয়াপুৰী তথা সত্ৰগাঁও হিচাবে পৰিচিত ধৰ্মপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ অভয়াপুৰীৰ ধৰ্মপুৰবাসী তথা অঞ্চলটোৰ অনুষ্ঠানৰ সৈতে সম্পৰ্ক থকা সত্ৰীয়াগৰাকীৰ বিয়োগত ধৰ্মপুৰ পৰিচালনা সমিতিৰ সভাপতি চিত্তৰঞ্জন দাস, সম্পাদক অৱনী কুমাৰ দাস, সাংস্কৃতিক বিভাগৰ কাৰ্যকৰী সভাপতি বুলুৰাম দাস, সম্পাদক দেবাশীষ পাঠক, হৰিশ পাঠক সোঁৱৰণী থিয়নাম দলৰ পৰিচালক উত্তম মজুমদাৰ, অভয়াপুৰী [ধৰ্মপুৰ] পালনাম মহোৎসৱ সমিতি, বাসুদেৱ সত্ৰৰ সভাপতি সত্যৰঞ্জন কলিতা, দামোদৰ নামঘৰৰ পৰিচালক বিৰাজ দাস, ধৰ্মপুৰ ৰাসল গোসাঁই নামঘৰৰ পৰিচালনা সমিতি, সৃজনগ্ৰাম আঞ্চলিক সৰ্বজনীন পালনাম মহোৎসৱ সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷