Logo
image

১৮%ৰ পৰা ৫%লৈ! আদানিৰ বাবে হ্ৰাস বিমানবন্দৰ-সেৱা কৰ

আমাৰ অসম, ২৩ অক্টোবৰঃ দেশৰ ছয় টা বিমানবন্দৰৰ পৰিচালনা নিজৰ হাতলৈ নিয়া গুজৰাটী ব্যৱসায়ী গৌতম আদানিয়ে এইবাৰ বিমানবন্দৰৰ সৰ্বাধিক লাভদায়ক সেৱা মেইনটেন্স, ৰিপেয়াৰ আৰু অভাৰহ’ল, চমুকৈ ‘এম আৰ অ’ সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিছে৷ গৌতম আদানিৰ কোম্পানী ‘আদানি ডিফেন্স ছিষ্টেমে’ দেশৰ সবাটোকৈ পুৰণি ‘এম আৰ অ’ কোম্পানী ‘এয়াৰ ৱৰ্কছ’ ৪০০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰাৰ লগে লগে ভাৰতৰ প্ৰায় সকলো বিমানবন্দৰৰ এয়াৰক্ৰেফট মেইনটেনেন্স, ৰিপেয়াৰ আৰু অভাৰহ’লৰ [বিমানৰ ৰক্ষণাবেক্ষণ, মেৰামতি আৰু পূৰ্ণ পৰ্যায়ৰ সালসলনি] দায়িত্ব আদানিয়ে কুক্ষিগত কৰিবলৈ সমৰ্থ হৈছে৷ পিছে আদানিয়ে দেশৰ সকলো বিমানবন্দৰৰ প্ৰত্যেকখন বিমানৰ ‘এম আৰ অ’ৰ দায়িত্ব নিজৰ হাতলৈ নিয়াটো কোনো ডাঙৰ খবৰ নহয়৷ কিয়নো ধন আৰু পৰিকল্পনা থাকিলে যিকোনো ব্যৱসায়ীয়েই এনে ব্যৱসায়ত নামিব পাৰে৷

ডাঙৰ খবৰটো হৈছে, গুজৰাটী বেপাৰী গৌতম আদানিয়ে এই ব্যৱসায় হাতত লোৱাৰ পূৰ্বেই আন এজন গুজৰাটীৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় চৰকাৰে এই ব্যৱসায়ৰ জি এছ টি বা পণ্য আৰু সেৱাকৰ ১৮ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্ৰাস কৰি দিছে৷ যোৱা মাৰ্চতে মোদী চৰকাৰে ‘এম আৰ অ’ৰ জি এছ টি ১৮ শতাংশৰ পৰা পাঁচ শতাংশলৈ কমাই দিয়ে৷ ঠিক তাৰ ছয় মাহৰ পাছত গৌতম আদানিয়ে বিমান ৰক্ষণাবেক্ষণ, মেৰামতি আৰু পূৰ্ণ পৰ্যায়ৰ সালসলনিৰ সমস্ত ব্যৱসায় নিজৰ হাতলৈ নিয়ে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ সৈতে গৌতম আদানিৰ কিমান ঘনিষ্ঠ পৰ্যায়ত বুজাবুজি থাকিলে এনে কাৰ্য সম্ভৱ হ’ব পাৰে সেয়া সামান্য বোধ-বুদ্ধি থকা লোকে সহজেই বুজিব পাৰিব৷ উল্লেখ কৰিব পাৰি, প্ৰাক-ক’ভিড বৰ্ষটোত দেশৰ বিমান বন্দৰেৰে মুঠতে চাৰি লাখ যাত্ৰীয়ে যাত্ৰা কৰিছিল৷ ২০২২ চনত ছয় মাৰ্চ পৰ্যন্ত দেশৰ বিমানবন্দৰেৰে যাতায়ত কৰা যাত্ৰীৰ সংখ্যা হৈছে ৩.৭ লাখ৷ সম্পূৰ্ণ বছৰটোত সেই সংখ্যা দহ লক্ষাধিক হ’ব৷ সম্প্ৰতি দেশৰ বিমানবন্দৰত ‘এম আৰ অ’ৰ ব্যৱসায়িক লেনদেন ১.৭ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ৷ অহা আঠ বছৰৰ ভিতৰত অৰ্থাৎ ২০৩০ চনত সেই পৰিমাণ পাঁচ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণলৈ বৃদ্ধি পাব৷ 

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে ৰেডীমেড পৰঠাৰ জি এছ টি ১৮ শতাংশ কৰিছে, সেই সময়তে এনে লাভদায়ক ব্যৱসায় এটাৰ জি এছ টি পাঁচ শতাংশলৈ কিয় হ্ৰাস কৰিলে, সেয়া এক বৃহৎ প্ৰশ্ন৷ যোৱা মাৰ্চত অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে এজন বিৰোধী দলৰ সাংসদৰ প্ৰশ্নৰ উত্তৰত ‘এম আৰ অ’ৰ জি এছ টি ১৮ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্ৰাস কৰা বুলি জনাইছিল৷ ব্যৱসায়ৰ সুবিধাৰ বাবেই চৰকাৰে সেই সিদ্ধান্ত লোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে দাবী কৰিছিল৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে এয়াৰ ৱৰ্কছ নামৰ ১৯৫১ চনতে প্ৰতিষ্ঠা হোৱা ভাৰতীয় কোম্পানীটোৱে অত্যধিক জি এছ টিৰ বোজা বহন কৰিবলৈ অক্ষম হৈয়েই তেওঁলোকৰ কোম্পানী গৌতম আদানিৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হ’ল৷ ধাৰণা কৰা হৈছে, মোদী চৰকাৰৰ সৈতে থকা গোপন বুজাবুজিৰ আধাৰত গৌতম আদানিয়ে দীৰ্ঘদিন পূৰ্বেই এই ব্যৱসায় কুক্ষিগত কৰিবলৈ পৰিকল্পনা কৰি এয়াৰ ৱৰ্কছ নামৰ কোম্পানীটো ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷ এয়াৰ ৱৰ্কছেও বোজা বহন কৰিব নোৱাৰি কোম্পানীটো আদানিৰ ওচৰত বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লয়৷ এয়াৰ ৱৰ্কছে ধাৰণাই কৰিব পৰা নাছিল আদানি আৰু মোদী চৰকাৰৰ গোপন বুজাবুজিৰ কথা৷ সকলো বন্দোবস্ত সম্পূৰ্ণ কৰাৰ পাছত যোৱা ১৯ অক্টোবৰত আদানিয়ে এয়াৰ ৱৰ্কছ ৪০০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰি লয়৷ এতিয়াৰ পৰা আদানিৰ কোম্পানীয়েই চলাব দেশৰ সকলো বিমানৰ ‘এম আৰ অ’ আৰু তাৰ বাবে তেওঁ জি এছ টি ১৮ শতাংশৰ পৰিৱৰ্তে আদায় দিব পাঁচ শতাংশ৷