Logo
image

২০২৪! আঙুৰ টেঙা হ’বগৈ আমবাৰীৰ বাবে

আমাৰ অসম, ২৩ অক্টোবৰঃ সন্মুখত ‘২০২৪’ৰ লোকসভা নিৰ্বাচন, পুনৰ দিল্লীৰ মছনদত বহুৱাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক– আগ্ৰাসী বিজেপিত এতিয়া চলিছে নিৰন্তৰ যোগ-বিয়োগৰ অংক৷ ২০১৯ৰ লোকসভা নিৰ্বাচনত আস্থা আৰু বিশ্বাসত লৈ বিজেপিয়ে অগপক এৰি দিছিল বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী লোকসভাৰ আসন৷ কিন্তু নিৰাশ কৰিলে অগপই৷ এখনতো জয়লাভ কৰিব নোৱাৰিলে অগপই৷ সেয়েহে এইবাৰ অগপক মুঠেও ৰিক্সত ল’ব খোজা নাই বিজেপিয়ে৷ কাৰ্যতঃ লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ থকাৰ সময়তে কৌশলেৰে অগপক কাষৰীয়া কৰিলে বিজেপিয়ে৷ মাইনাছ অগপ কৰি বিজেপিয়ে যুগুত কৰিছে ১২+১+১ৰ নতুন সমীকৰণ৷ এই সমীকৰণত বিজেপিয়ে ২০২৪ৰ লোকসভাক লক্ষ্য কৰি মিছন-১২ৰে আগবাঢ়িব বিচাৰিছে৷ কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা যিকোনো প্ৰকাৰে লাগে বিজেপিক৷ ইয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কীৰেন ৰিজিজু, সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব তথা সংঘ পৰিয়ালৰ লোক পিয়াপি দি ঘুৰিছে সংশ্লিষ্ট সমষ্টিকেইটাৰ অলিয়ে গলিয়ে৷ বিজেপিৰ সূত্ৰই জনোৱা মতে, অগপক এইবাৰ বিজেপিয়ে জিকাৰ কোনো সম্ভাৱনা নথকা কেৱল ধুবুৰী সমষ্টিহে এৰি দিয়াৰ সম্ভাৱনা আছে৷ ইতিমধ্যে ইয়াৰ প্লেনিং সম্পূৰ্ণ হৈছে৷ অৱশ্যে আনটো মিত্ৰদল ইউপিপিএলক কৈ যথেষ্ট আশাবাদী বিজেপি৷ ইউপিপিএলক বিজেপিয়ে এৰি দিব কোক্‌ৰাঝাৰৰ আসন৷ কাজেই যদি এয়া সত্য হয় তেনেহ’লে ২০২৪ৰ নিৰ্বাচন হয়তো আমবাৰীৰ বাবে আঙুৰ টেঙা হ’বগৈ৷ অগপৰ প্ৰতিষ্ঠাতা প্ৰফুল্ল কুমাৰ মহন্তই প্ৰায়েই আওৰাই অহা ‘ডাঙৰ মাছে সৰু মাছক গিলে’ আপ্তবাক্য শাৰীও যেন সত্য হ’বগৈ ২০২৪তে৷ অৱশ্যে বিজেপিৰ এই মিছন-১২ক লৈ মুঠেই চিন্তিত নহয় অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা৷ কলিতাই সাংবাদিকৰ আগত দাবী কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত অগপই বিজেপিৰ পৰা চাৰিখন আসন বিচাৰিব৷ ইতিমধ্যে অগপই জয়লাভ কৰাৰ সম্ভাৱনা থকা চাৰি সমষ্টিৰ ছাৰ্ভে আৰম্ভ হৈছে৷ বিজেপিয়ে এটা সমষ্টি এৰি দিলেও ইয়াক কোনোপধ্যে মানি লোৱা নহ’ব বুলিও হুংকাৰ দিয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷