Logo
image

ঋষিৰ বাটত হেঙাৰ বৰিছ

আমাৰ অসম, ২৩ অক্টোবৰঃ কনজাৰভেটিভ দলৰ মুৰব্বী আৰু পৰোক্ষভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ৪৮ ঘণ্টা সময় বাকী থকা অৱস্থাত দুজন সম্ভাব্য প্ৰাৰ্থী ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন এজনেও প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা ঘোষণা কৰা নাই৷ শুকুৰবাৰে প্ৰথমগৰাকী প্ৰাৰ্থী হিচাপে প্ৰধানমন্ত্ৰীৰ পদৰ দৌৰত আনুষ্ঠানিকভাৱে নিজৰ নাম ঘোষণা কৰিছিল কনজাৰভেটিভ দলৰ মহিলা সাংসদ পেনি মৰ্ডাণ্টে৷ ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে, ঋষি ছুনকে অচিৰেই আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰিব৷ অন্তিমবাৰৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বিতাত ছুনক অন্তিম পৰ্যায়ত দলীয় সদস্যৰ ভোটদানত আনগৰাকী প্ৰতিদ্বন্দ্বী লিজ ট্ৰাছৰ বিৰুদ্ধে পৰাজিত হৈছিল৷ তাৰ আগলৈকে সাংসদসকলে প্ৰদান কৰা পাঁচবাৰৰ ভোটদানত তেওঁ শীৰ্ষত আছিল৷ লিজ ট্ৰাছে ৪৪ দিন কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰাৰ পাছত ঋষি ছুনকেই এইবাৰৰ যোগ্য প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে অনেকেই ধাৰণা কৰিছিল৷ কিন্তু যিজন প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ ফলত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসন খালী হৈছিল সেই বৰিছ জনছনে পদত্যাগ কৰাৰ চাৰিমাহ নৌহওতেই পুনৰ খালী হোৱা প্ৰধানমন্ত্ৰীৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনস্থ কৰিছে৷ বৰিছ জনছনৰ আশা, তেওঁৰ প্ৰধানমন্ত্ৰিত্বৰ বাবে পুনৰ খালী হৈছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আসন৷ ডমিনিকান ৰিপাব্লিকত অৰ্থাৎ কেৰিবিয়ান দ্বীপপুঞ্জত বিলাসী ছুটিৰ দিন কটাই থকা বৰিছ জনছনে প্ৰাৰ্থিত্ব আগবঢ়োবাৰ বাবে দৌৰাদৌৰিকৈ লণ্ডনলৈ উভতি আহিছে৷ শুকুৰবাৰে বিয়লি সাধাৰণ ‘ইক’নমি ক্লাছ’ৰ বিমানত অতি কষ্টৰে যাত্ৰা কৰি আহি শনিবাৰে তেওঁ পৰিয়ালসহ লণ্ডনত উপস্থিত হৈছে৷ বৰিছ জনছনৰ প্ৰত্যাৱৰ্তন ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকৰ বাবে প্ৰবল বাধা হিচাপে থিয় দিছে৷ কিয়নো বৰিছ জনছনে ঋষি ছুনকক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷ ব্ৰিটিছ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ঋষি ছুনকৰ ঘনিষ্ঠ ব্যক্তিক জনছনৰ পক্ষৰ পৰা এই বাৰ্তা দিয়া হৈছে৷ এই বাৰ্তাত জনছনৰ পক্ষই ঋষি ছুনকক কৈছে যে ২০২৪ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত কনজাৰভেটিভ দলক পুনৰ ক্ষমতাসীন কৰি ৰখাৰ ক্ষমতা কেৱল বৰিছ জনছনৰহে আছে৷ উল্লেখ্য, তিনি বছৰ পূৰ্বে অতি সোঁপন্থী নেতা বৰিছ জনছনে ব্যক্তিগত জনপ্ৰিয়তাৰে দলটোক ক্ষমতাত অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷ চৰ্চা হৈছে আগন্তুক নিৰ্বাচনত লেবাৰ পাৰ্টিৰ বিৰুদ্ধে এতিয়াৰ শাসনাধিষ্ঠিত কনজাৰভেটিভ দল পৰাজিত হ’ব৷ সেই নিৰ্বাচনত ঋষি ছুনকে দলক ৰক্ষা কৰিব নোৱাৰে বুলি কেবল বৰিছ জনছনেই নহয় দলৰ সকলো সমৰ্থক একমত৷ কিয়নো প্ৰশাসনীয় দক্ষতা থাকিলেও ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকৰ আহ্বানত ব্ৰিটিছে এটা দলক বিজয়ী নকৰে৷ তাৰবাবে জনছনৰ দৰে ব্যক্তিগত জনপ্ৰিয়তা থকা নেতাৰ প্ৰয়োজন৷ সেই কথা অৱগত কৰিয়েই বৰিছ জনছনে ঋষি ছুনকক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ পৰা আঁতৰি থাকি তেওঁক সমৰ্থন জনাবলৈ আহ্বান জনাইছে৷

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পূৰ্বেই ঋষি ছুনকৰ প্ৰতি কনজাৰভেটিভ দলৰ ১১০ জন সাংসদে মুকলি সমৰ্থন আগবঢ়াইছে৷ জনছনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৪৮ জনে আৰু ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰা পেনি মৰ্ডাণ্টৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ২১ জনে৷ অৰ্থাৎ এই পৰ্যন্ত ১৭৯ জন সাংসদে নিজৰ পছন্দৰ প্ৰাৰ্থী কোন সেয়া জনাই দিছে৷ অৱশ্যে ভোটদান আৰম্ভ হ’লে আৰু সোঁত সলনি হ’লে এতিয়া সমৰ্থন আগবঢ়োৱা সাংসদে পছন্দৰ প্ৰাৰ্থী সলনি কৰাটো তেনেই সাধাৰণ কথা৷ অৰ্থাৎ ছুনকৰ প্ৰতি সমৰ্থন আগবঢ়োৱা অধিকাংশ সাংসদে জনছনৰ পক্ষ ল’ব পাৰে যদিহে জনছনৰ দিশে পাল্লাৰ ওজন বাঢ়ে৷ এতিয়াও ১৭৫ জন সাংসদে নিজৰ সমৰ্থন ব্যক্ত কৰা নাই৷ উল্লেখ্য, বিগত প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ দৰে এইবাৰৰ নিৰ্বাচন দীঘলীয়া নহ’ব৷ শেষবাৰৰ প্ৰধানমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াত ৫৪ দিন প্ৰয়োজন হৈছিল৷ এইবাৰ এসপ্তাহৰ ভিতৰত কনজাৰভেটিভ দলৰ মুৰব্বী অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব৷ কনজাৰভেটিভ দলৰ মুখ্য সাংসদৰ সংখ্যা ৩৫৭ জন৷ ইয়াৰে ১০০ জনৰ সমৰ্থন যি আদায় কৰিব পাৰিব তেওঁ আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব লাভ কৰিব৷ সেই হিচাপত সৰ্বাধিক প্ৰাৰ্থী হ’ব পাৰে ৩ জন৷ ৩৫৭ জন সাংসদে ভোটদান কৰিব আৰু নূ্যনতম ভোট পোৱা প্ৰাৰ্থীজন আঁতৰি যাব৷ তাৰ পাছত দ্বিতীয়বাৰৰ বাবে সাংসদসকলে ভোটদান কৰি তেওঁলোকৰ পছন্দৰ প্ৰধানমন্ত্ৰী কোন তাৰ ইংগিত দিব, নিৰ্বাচন নকৰে৷ সেই দুজন প্ৰাৰ্থীৰ মাজৰ পৰা এজনক কনজাৰভেটিভ দলৰ মুৰব্বী অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অনলাইন ভোটৰ জৰিয়তে নিৰ্বাচন কৰিব প্ৰায় দুই লক্ষাধিক কনজাৰভেটিভ দলৰ সদস্যই৷