Logo
image

ভাষা গ’ল, আক্ষেপ ৰ’ল

এপিএছচিত অসমীয়া প্ৰত্যাহাৰত উদ্বিগ্ন সচেতন মহল

আমাৰ অসম, ২৩ অক্টোবৰঃ  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছিল–‘ আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম? সকলো আছিল সকলো আছে, নুবুজোঁ নলওঁ গম৷’ সুধাকণ্ঠ ভূপেন হাজৰিকাই কিন্তু অসমীয়াক সাৱধান কৰি দিছিল যে ইয়াক লৈ সান্ত৩না লভিলে নহ’ব৷ আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব৷ শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰৰ বাবে লোৱা কেবিনেট সিদ্ধান্তৰ সপক্ষে ৰায় দিয়াৰ পাছতে অসমীয়া ভাষা আৰু জাতিৰ সংকটো ঘণীভূত হ’ল৷ ভূপেন হাজৰিকাৰ সেই সকীয়নিও অধিক প্ৰাসংগিক হৈ উঠিল৷ অসমীয়া লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰক লৈ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে বিশেষ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও ৰাজ্যৰ সচেতন মহলে গভীৰভাৱে আক্ষেপ প্ৰকাশ কৰিলে৷ অসম লোকসেৱা আয়োগৰ পৰা কাৰ্যতঃ অসমীয়া ভাষাক ‘বিতাড়ন’ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই৷  চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয়– মাতৃভাষা লিখিব, ক’ব, পঢ়িব জনাটো সকলোৰে প্ৰাথমিক দায়িত্ব৷ আমাৰ মানুহেই ন্যায়ালয়ৰ আগত অসমীয়া ভাষা লিখিব, পঢ়িব নাজানো বুলি কোৱাটো দুৰ্ভাগ্যজনক৷ ন্যায়ালয়ৰ ৰায়ক লৈ অসমৰ সকলো দল-সংগঠন, ভাষা অনুৰাগী সকলোৱে একগোট হৈ আলোচনা কৰা প্ৰয়োজন৷ মাতৃভাষা সন্দৰ্ভত বিভিন্ন ৰাজ্যত নীতি প্ৰযোজ্য হৈছে৷ আমি   আটায়ে এই বিষয়ে চাব লাগে৷ ভাষা এটা জাতিৰ সম্পদ৷ ভাষাৰ সৈতে যদি অৰ্থনৈতিক ভিত্তি জড়িত নাথাকে তেতিয়া ভাষা এটা টিকি থাকিব নোৱাৰে৷ এপিএছচিৰ পৰা  অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে কয়– এপিএছচিৰ ভাষা বিষয়ক প্ৰশ্ন কাকত প্ৰত্যাহাৰৰ সিদ্ধান্তৰ বাবে উচ্ছ ন্যায়ালয় দায়ী নহয়, দায়ী চৰকাৰ৷ এয়া জাতিৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ অসমীয়া জাতিটোৰ কাৰণে এইটো দুৰ্ভাগ্যজনক পৰিস্থিতি৷ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কাৰণে চৰকাৰখনেই প্ৰধানকৈ দায়ী৷ কাৰণ ৰাজ্য চৰকাৰে এনে এটা নীতি গ্ৰহণ কৰিছে৷ মাতৃ ভাষাক লৈ বিভিন্ন ৰাজ্যত নীতি আছে৷ বহু  বিজেপি শাসিত ৰাজ্যতো আছে এনে নীতি৷ কিন্তু অসমত হঠাৎ এইটো কিয় কৰিব বিচাৰিছে বুজাটো টান৷ মোৰ ধাৰণা কেন্দ্ৰৰ বহতীয়া হৈ এই  কামটো কৰিছে৷ তেওঁলোকৰ যে নিজস্ব চিন্তা নাই সেই কথা পুনৰ প্ৰমাণ হ’ল৷ যিসকলে তৃতীয় মানৰ পৰা গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত শিকোৱাৰ সিদ্ধান্ত লৈছে এইটোও তেনে ধৰণৰ সিদ্ধান্ত৷ এপিএচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত আঁতৰ কৰা সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়–অসম চৰকাৰৰ কেবিনেটৰ এইটো অসমীয়া ভাষাৰ ওপৰত মাধমাৰ সোধোৱা সিদ্ধান্ত৷  আন আন ৰাজ্যই নিজৰ নিজৰ ৰাজ্যভাষা বা মাতৃ-ভাষাৰ গুৰুত্ব প্ৰদান কৰি নীতি প্ৰস্তুত কৰিছে৷ কিন্তু আমাৰ অসম চৰকাৰে নকৰে৷ এইটোহে আচৰিত বিষয়৷ ইউপিএছচিৰ পৰীক্ষাতো মাতৃভাষা সন্দৰ্ভত নীতি আছে৷ আমাৰ ৰাজ্যত মাতৃভাষাক লৈ নীতি নোহোৱাটো  আশ্চৰ্যকৰ আৰু ৰহস্যজনক কথা৷ এইটো অসমীয়া ভাষাক নস্যাৎ কৰাৰ দীৰ্ঘদিনীয়া পৰিকল্পনাৰ ফল৷ এপিএছচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত আঁতৰ কৰা সন্দৰ্ভত সৰৱ হৈছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গ৷ তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– অসম লোকসেৱা আয়োগৰ অসমীয়া ভাষাৰ প্ৰশ্নকাকত থাকিবই লাগিব৷ অসমত অসমীয়া মাধ্যম থাকিবই৷ প্ৰয়োজনত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিম৷ এপিএছচিৰ পৰা অসমীয়া ভাষা আঁতৰ কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আহোম সেনাৰ উপদেষ্টা যুগল গগৈয়ে৷ তেওঁ কয়– চৰকাৰখনে অসমীয়া ভাষাৰ মৃত্যুৰ দলিলত  শেষ স্বাক্ষৰ কৰিলে৷ এই সিদ্ধান্ত লোৱা চৰকাৰক গৰিহণা দিছোঁ৷ উচ্ছ ন্যায়ালয়ৰ এই আহ৩ানৰ প্ৰতিও আমাৰ সন্মান নাই৷ এই ৰায়ৰ পাছত অসমীয়া ভাষাৰ মৃত্যুৰ দলিল আদালততে শেষ স্বাক্ষৰ মাৰিছে বুলি ভাবিছোঁ৷ এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক৷ জাতি এটা জীয়াই থাকিবলৈ হ’লে জাতিটোৰ আত্মপৰিচয় থাকিব লাগে৷ ভাষা নাথাকিলে জাতিৰ আত্মপৰিচয় নাথাকে৷ জাতিৰ সংকটৰ সময়ত সকলো ওলাই আহক৷ আমি এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়লৈ যোৱাৰ পোষকতা কৰিছোঁ৷ আমি সকলো মাৰ বান্ধি বিষয়টো উচ্ছতম ন্যয়ালয়লৈ লৈ যাব লাগে৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ কয়– এইটো অসমৰ জাতীয় জীৱনৰ প্ৰতি হঠকাৰী সিদ্ধান্ত ৷ এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষাবিষয়ক প্ৰশ্নকাকত বাধ্যতামূলক নকৰিলে অনাগত দিনত ই এক প্ৰত্যাহ৩ান তথা ভাবুকি নমাই আনিব৷ এয়া অসমীয়া ভাষাৰ প্ৰতি অপমান৷ ভাষাটোৰ বিৰুদ্ধে লোৱা সিদ্ধান্তত চৰকাৰৰ দৃষ্টিভংগী প্ৰকট হৈছে৷ এপিএছচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত আঁতৰ কৰিলে বাহিৰৰ প্ৰাৰ্থীয়েও পৰীক্ষা দিব পাৰিব৷ এয়া অসমৰ নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি৷ অসমীয়া ভাষা নিঃশেষ কৰিবলৈ উঠি পৰি অসমীয়া মানুহৰ নিজৰ মাতৃভাষাটোক ধবংস কৰিবলৈ ওলাইছে হিমন্ত বিশ্বৰ চৰকাৰে৷ এক দেশ এক ভাষা নীতি বলবৎ কৰি বিজেপিৰ প্ৰিয় ভাজন হ’বলৈকে ভাষাটোক জলাঞ্জলি দিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাই৷ এই ভাষ্য ছাত্ৰ মুক্তি সংগ্ৰাম শইকীয়া, মানস কোঁৱৰ, কাৰ্যকৰী সভাপতি পাপু দত্ত, ৰাহুল চৌধুৰী, কাশ্যপ সম্পাদক প্ৰাৱল কলিতা আৰু বাহুল চেত্ৰীৰ৷ তেওঁলোকে আৰু কয়– এপিএছচিৰ পৰা অসমীয়া ভাষা বিষয়ৰ কাকতখন অসম চৰকাৰে কৰ্তন কৰাৰ প্ৰস্তাৱেই আছিল জাতিৰ প্ৰতি কৰা চূড়ান্ত বিশ্বাসঘাটকতা৷ অসমীয়া ভাষা নজনাকৈ প্ৰশাসনিক সেৱাৰ বিষয়াই প্ৰশাসনীয় কাম-কাজ কেনেকৈ চলাব৷ দেশৰ আন ৰাজ্যসমূহত গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, তামিলনাড়ু আদি ৰাজ্যসমূহত প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত সেই ৰাজ্যৰ স্থানীয় ভাষা বাধ্যতামূলক, অসমতহে অসম চৰকাৰে মাতৃভাষা বিৰোধী সিদ্ধান্ত লৈছে৷ ইয়াৰ জৰিয়তে  এতিয়াৰ পৰা অসমত উচ্ছস্থানৰ প্ৰশাসনীয় পদসমূহত চাকৰি লাভৰ পৰা বঞ্চিত হ’ব অসমৰ নিবনুৱা৷ এয়া ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ লগতে অসমবাসীক কৰা এক প্ৰতাৰণা৷