Logo
image

১০ লাখ চাকৰিৰ প্ৰতিশ্ৰুতিৰে প্ৰধানমন্ত্ৰীৰ দীপাৱলীৰ উপহাৰ

আমাৰ অসম, ২৩ অক্টোবৰঃ এটা চৰকাৰী চাকৰিৰ বাবে হা-হুমুনিয়াহ কাঢ়ি থকা দেশৰ লক্ষ লক্ষ নিবনুৱালৈ অৱশেষত আহিল প্ৰধানমন্ত্ৰীৰ বিশেষ ‘দীপাৱলীৰ উপহাৰ’৷ অহা এটা বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ যোগ্য নিবনুৱাক দহ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব৷ দেশৰ যুৱপ্ৰজন্মৰ মাজত নতুন আশা আৰু উদ্যমৰ সঞ্চাৰ কৰি আজি ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি শুভাৰম্ভ কৰিলে বৃহৎ ৰোজগাৰ মেলাৰ৷ ধনতেৰছৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দহ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শুভাৰম্ভ কৰা ৰোজগাৰ মেলাৰ প্ৰথম দিনটোতে নিবনুৱাক প্ৰদান কৰা হ’ল দেশজুৰি ৭৫ হাজাৰ চৰকাৰী চাকৰি৷ ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰি কয় যে ৰোজগাৰ মেলাৰ অধীনত প্ৰতিমাহে ৭৫ হাজাৰ চৰকাৰী চাকৰি যোগ্যজনক প্ৰদান কৰা হ’ব৷ আজি ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা চাকৰি পোৱা প্ৰাৰ্থীসকলে কেন্দ্ৰীয় চৰকাৰৰ ৩৮টা মন্ত্ৰণালয়ৰ গ্ৰুপ এ, বি [গ্ৰেজেটেড], গ্ৰুপ বি [গেজেটেড], গ্ৰুপ চি [নন গেজেটেড পোষ্টত যোগদান কৰিব৷ এই নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে– এনডিএ শাসিত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহতো একেই ধৰণৰ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে৷ দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউ, জম্মু-কাশ্মীৰ আৰু আন্দমান-নিকোবৰতো অনুৰূপ চাকৰি মেলাৰ আয়োজন কৰা হৈছে৷ অহা কেইটামান দিনৰ ভিতৰত এই অঞ্চলসমূহতো হাজাৰ হাজাৰ লোকক নিযুক্তি দিয়া হ’ব৷ প্ৰধানমন্ত্ৰীয়ে দহ বছৰৰ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতি তুলনা কৰি কয় যে দেশত কৰ্মসংস্কৃতিৰ পৰিৱৰ্তন হৈছে৷ স্কীল ইণ্ডিয়াৰ অধীনত এক কোটিৰো বেছি যুৱকক কৰ্মসংস্থাপনৰ কৰি গঢ়ি তোলা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্ত কৰাৰ বাবে দেশ আগবাঢ়িছে৷ আজি ভাৰত বিশ্বৰ পঞ্চম অৰ্থনীতিত পৰিণত হৈছে৷ যোৱা আঠ বছৰত আমাৰ চৰকাৰে কৰা সংস্কাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰা হৈছে৷ ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদি কেন্দ্ৰীয় চৰকাৰৰ বহু অভিলাষী আঁচনিয়ে যুৱপ্ৰজন্মক নতুন সাহস, মনোবল আৰু উদ্দীপণা প্ৰদান কৰিছে৷ ভাৰতবৰ্ষৰ আজাদী কা অমৃত কালৰ মুহূৰ্তত দেশক আত্মনিৰ্ভৰশীল কৰাত যুৱপ্ৰজন্মই অগ্ৰণী ভূমিকা পালন কৰিছে৷