Logo
image

কঠোৰ নীতি-নিৰ্দেশনাৰ মাজত আজি দেৱালী

আমাৰ অসম, ২৪ অক্টোবৰঃ কঠোৰ নীতি-নিৰ্দেশনাৰ মাজত ৰাজ্যবাসীয়ে আজি কালীপূজা আৰু পৰহি উদ্‌যাপন কৰিব পোহৰৰ উৎসৱ দেৱালী৷  কালীপূজা আৰু দেৱালীক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী৷ ৰাজ্যৰ বজাৰ সমূহ ভৰি পৰিছে বিভিন্ন ধৰণৰ ফটকা, ফুলজাৰি বিভিন্ন আৰ্হিত মাটি চাকি আদিৰে৷ বৈদ্যুতিক সামগ্ৰীৰ দোকানসমূহ উভৈনদী হৈ পৰিছে ৰঙ বিৰঙৰ লাইটেৰে৷ দেৱালীৰ পূৰ্বেই গুৱাহাটীবাসীয়ে ৰঙ বিৰঙৰ লাইটৰ মালা আঁৰি নিজৰ নিজৰ ঘৰ সজাই তোলা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন বজাৰত ফটকা-ফুলজাৰি, মাটিৰ চাকি, বৈদ্যুতিক চাকি বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে৷ স্মৰ্তব্য এই বেলি ৰাজ্য চৰকাৰে দেৱালী উপলক্ষে উদ্‌যাপন কৰাত কঠোৰ নীতি নিৰ্দেশনাত জাৰি কৰিছে৷ সেই অনুসৰি আগন্তুক দীপাৱলীৰ সময়ত আপুনি যিকোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব৷ এই ক্ষেত্ৰত প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰণ কৰি দীপাৱলী উপভোগ কৰিব লাগিব আপুনি৷ উল্লেখ্য যে   অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকা ফুটোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ কঠোৰ নিৰ্দেশনা৷ ২০০৫ চনতে উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা এক নিৰ্দেশনাৰ ভিত্তিত পৰিষদে জাৰি কৰিছে এই নীতি-নিৰ্দেশনা৷ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বিকট শব্দ কৰি ফুটা ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ শব্দ প্ৰদূষণ সৃষ্টি নকৰা ফটকাহে ব্যৱহাৰ কৰিব পাৰিব ৰাইজে৷ ১২৫ ডেচিবলতকৈ   বেছি শব্দৰ সৃষ্টি কৰা ফটকা প্ৰস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰতো ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে৷ দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলীৰ সময়ছোৱাত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ুৰ গুণগত মান আৰু শব্দ প্ৰদূষণৰ মাত্ৰা জৰীপ কৰিব৷ গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ুৰ মান জৰীপ কৰাৰ উপৰিও গুৱাহাটী মহানগৰীত বায়ুৰ মান ১৫ দিন ধৰি নিৰীক্ষণ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ দেৱালীৰ পূৰ্বৰ ৭ দিন আৰু পিছৰ ৭ দিন গুৱাহাটীৰ বায়ুৰ মান নিৰীক্ষণ কৰিব পৰিষদে৷ আনকি ফটকাৰ গুদাম সমূহতো তালাচী চলাব পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে৷ যাতে শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব পৰা ফটকা বিক্ৰী উৎসতে বন্ধ কৰিব পাৰে৷ পৰিষদৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়াও যাব৷ জিলা উপায়ুক্তসকলে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ উল্লেখ্য যে ২০১৪ চনত উচ্ছতম ন্যায়ালয়ে দেশবাসীৰ স্বাস্থ্য আৰু বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ফটকা প্ৰস্তুতৰ নিৰ্দেশ দিয়ে৷ সেউজ ফটকা ফুটালে ইয়াৰ পৰা তুলনামূলকভাৱে কমকৈ কাৰ্বন নিৰ্গমন হয়৷ প্ৰচলিত ফটকাত সাধাৰণতে এলুমিনিয়াম, বেৰিয়াম, পটাছিয়াম, নাইট্ৰেট বা কাৰ্বন অধিক পৰিমাণে ব্যৱহাৰ হয়৷ এইসমূহ প্ৰাকৃতিক বাবে যথেষ্ট ক্ষতিকাৰক৷ কিন্তু সেউজ ফটকাত এইসমূহ ক্ষতিকাৰক ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নহয়৷ সেউজ ফটকা প্ৰস্তুতৰ দায়িত্ব উচ্ছতম ন্যায়ালয়ে কেৱল চিএফআইআৰ–নেশ্বনেল এনভাইৰণমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউটেহে লাভ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কালী পূজা আৰু আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে অসমবাসীৰ লগতে ৰাজ্যৰ বাহিৰত বসবাস কৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সনাতন আধ্যাত্মিক জীৱনবোধত পোহৰৰ উৎসৱ এখন সুন্দৰ সমাজ নিৰ্মাণৰ দিশৰ আগুৱাই যাবলৈ প্ৰেৰণা যোগায়৷ মুখ্যমন্ত্ৰীয়ে এই উৎসৱৰ সময়ত প্ৰাকৃতিক পৰিৱেশ অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়৷ দেৱালী উপলক্ষে ইউ ডি আৰ সভাপতি বদৰুদ্দিন আজমল, আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক কমিটী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷