Logo
image

ৰুদ্ধশ্বাস জয়ত বিৰাট উজ্জ্বল দীপাৱলী

শেষ বলত আহিল জয়

দীৰ্ঘদিনৰ পাছত কোহলিৰ গুৰুত্বপূৰ্ণ ইনিংছ

আৰম্ভৰ পূৰ্বেই উৎসৱ

আমাৰ অসম, ২৪ অক্টোবৰঃ ক্ৰিকেটৰ অভাৰ নহয় যেন সেয়া এটা বিৰাট গভীৰ খাদহে, য’ত ডুবি যোৱাৰ অপেক্ষাত দুই ভাৰতীয় ক্ৰিকেটাৰ আৰু দীপাৱলী-উন্মুখ কোটি কোটি ভাৰতীয়৷ গভীৰ খাদত নিমজ্জিত নোহোৱাৰ বাবে তেতিয়া আশা এটাই– ক্ৰিকেট নামৰ খেলবিধত সদাই সোমাই থকা মহান অনিশ্চয়তা আৰু সামান্য পৰিমাণে বেটহাতে ‘বিৰাট’৷ মানে বিৰাট কোহলি৷ নাই, গভীৰ খাদৰ দৰে সেই শেষ অভাৰটো নহয়, আৰু দুটা বলৰ আগৰ পৰা আৰম্ভ কৰিব পাৰি টীম ইণ্ডিয়াৰ এই মহাকাব্যিক বিজয়ৰ প্ৰতিবেদন, হ’লেইবা এইখন টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচ, সন্মুখৰ প্ৰতিদ্বন্দ্বিতো বৈৰী পাকিস্তান৷ ম’হালিয়ে হওক বা মেলব’ৰ্ন, ক্ৰিকেটাৰ পথাৰত পাকিস্তান চিৰন্তন শত্ৰু ভাৰতৰ তাৰ দ্বিৰুক্তিৰ প্ৰয়োজন নাই৷

তেতিয়া ৮টা বলত প্ৰয়োজন হৈছিল ২৮ ৰান৷ হেৰিছ ৰৌফৰ চতুৰ্থ বলত ৰ ৰান লৈ হাৰ্দিক পাণ্ডিয়াই ষ্ট্ৰাইক দিছিল বিৰাট কোহলিক৷ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল ‘বিৰাট’ ভয়ংকৰ খেল৷ কঁকালৰ উচ্ছতাত অহা ৰৌফৰ পঞ্চম বলটো কেৱল টাইমিঙক সাৰথি কৰি বিৰাট কোহলিয়ে মেলব’ৰ্নৰ গেলাৰীত পেলালে৷ বিশ্বৰ বৃহত্তম ক্ৰিকেট গ্ৰাউণ্ড মেলব’ৰ্নৰ সীমা পাৰ কৰাই য’ত কঠিন কাম, কোহলিয়ে হেলাৰঙে পাৰ কৰিলে বাউণ্ডেৰীৰ ওপৰেৰে৷ খাদৰ সন্মুখত ৰৈ থকা ভাৰতীয় দলটোৱে যেন প্ৰাণ পালে৷ উশাহ ঘূৰি আহিল দেশৰ জনতাৰ৷ ৭টা বলত প্ৰয়োজন হৈছিল তেতিয়া ২২ ৰান৷ ষ্ট্ৰাইকত বিৰাট কোহলি৷ এইবাৰো বল গেলাৰীত পেলালে বিৰাটে ৰাজকীয় ঢঙত মৰা এটা ফ্লিকেৰে৷ নন ষ্ট্ৰাইকাৰ এণ্ডত থকা হাৰ্দিক পাণ্ডিয়াই বিস্ময়েৰে লক্ষ্য কৰিলে, এনেকৈয়ো ছিক্সাৰ মৰা যায়! অন্তিম অভাৰত, অৰ্থাৎ ৬টা বলত ১৬ ৰানৰ প্ৰয়োজন৷ বিজয়ৰ স্বাদ পোৱা পাকিস্তান তেতিয়া সন্ত্ৰস্ত, সামান্য সাৱধানী৷ অধিনায়ক বাবৰে বল তুলি দিলে স্পীনাৰ মহম্মদ নৱাজৰ হাতত, যাতে পেচ বলাৰে অপ্ৰয়োজনীয়ভাৱে কোনো ‘বাই’ ৰান দি দলক বিপদত নেপেলায়৷ প্ৰথম বলতে নৱাজে বাবৰৰ সিদ্ধান্তৰ যথাৰ্থতা প্ৰমাণ কৰি হাৰ্দিক পাণ্ডিয়াক আউট কৰিলে৷ মেলব’ৰ্নৰ গেলাৰীত তেতিয়া অস্বাভাৱিক নিস্তব্ধতা৷ ৫টা বলত তেতিয়াও ১৬ ৰান৷ ষ্ট্ৰাইকত দীনেশ কাৰ্তিক৷ প্ৰথমটো ফুলটছ বল আৰু কাৰ্তিকে লং অনলৈ ঠেলি বিৰাট কোহলিক ষ্ট্ৰাইক দিলে৷ ৪টা বল বাকী৷ বিৰাট কোহলিয়ে লং অনলৈ ঠেলি ২ ৰানল’লে৷ কিন্তু আম্পায়াৰে বলটো ন’ ঘোষণা কৰিলে৷ পৰৱৰ্তী ফ্ৰি হিটত কোহলি ব’ল্ড হ’লেও বলটো ডিপ স্কোৱাৰ লেগলৈ যোৱাত ৩ ৰান ল’লে বিৰাট কোহলিয়ে৷ পঞ্চম বলত ষ্ট্ৰাইকত কাৰ্তিক৷ ছুইপ কৰিবলৈ গৈ কাৰ্তিকে লাইন মিছ কৰিলে আৰু ৰিজৱানে ষ্টাম্পড কৰিলে কোনো ভুল নকৰাকৈ৷ তেতিয়া ২টা বল বাকী আৰু ২ ৰানৰ প্ৰয়োজন৷ ক্ৰিজত ৰবিচন্দ্ৰন অশ্বিন৷ ষষ্ঠ তথা অন্তিম বলটো নৱাজে ৱাইড কৰিলে৷ অৰ্থাৎ মেচৰ স্ক’ৰ তেতিয়া সমান সমান৷ শেষ বলত অশ্বিনে অবলীলাক্ৰমে লং অন বাউণ্ডেৰীৰে বল বাহিৰলৈ পঠিয়াই ৰুদ্ধশ্বাস বিজয় দিলে ভাৰতক৷ অৱধাৰিতভাৱে লগে লগে সূচনা হ’ল ডেৰশ কোটি জনসংখ্যাৰ দেশ ভাৰতত ‘বিৰাট’ দীপাৱলী৷ 

দীপাৱলী হোৱাৰে কথা৷ প্ৰাচ্য জ্যোতিষ অনুযায়ী লগ্ন আছিল এদিন পাছত, সোমবাৰে৷ সমগ্ৰ দেশবাসীয়ে একেলগে দীপাৱলী উদ্‌যাপন কৰাৰ কথা আছিল, পোহৰ আৰু আতচবাজীৰে৷ সেই দীপাৱলী পিছে এদিন পূৰ্বেই মহা ধুমধামেৰে আৰম্ভ গৈ গ’ল সমগ্ৰ দেশত৷ মেচৰ প্ৰতিপক্ষ যিহেতু পাকিস্তান আৰু মেচৰ ভাগ্য পেণ্ডুলামৰ দৰে দুলি থকাৰ পৰা নিজৰ পক্ষে আনিছে টীম ইণ্ডিয়াই, এই দীপাৱলী জোৰদাৰ নহৈ, অধিক আলোকোজ্জল নহৈ কেনেকৈ থাকে৷ সেয়ে এইবাৰৰ দীপাৱলীৰ সূচনা হ’ল ৯০০০ কিলোমিটাৰ দূৰৰ মেলব’ৰ্নৰ পৰা৷ 

৯০,২৩৯জন দৰ্শকৰ সন্মুখত ভাৰতৰ টি-২০ বিশ্বকাপৰ সূচনা দুৰ্দান্ত হ’ল সঁচা, কিন্তু যি বিপৰ্যয়ৰ পৰা ৰক্ষা পৰিল টীম ইণ্ডিয়া, সেয়া  অনিশ্চয়তাৰে ভৰা ক্ৰিকেটাতো আশ্চৰ্যকৰ৷ ক্ৰিকেটৰ পৰিসংখ্যাত ভৱিষ্যতে লিখা থাকিব কেৱল স্ক’ৰ আৰু ভাৰতৰ চাৰি উইকেটত বিজয়ৰ তথ্য৷ লিখা নাথাকে ৰুদ্ধশ্বাস উত্তেজনাৰ কথা, যি উত্তেজনা আৰম্ভ হৈছিল মেচৰ প্ৰথমৰ পৰা, অন্ততঃ ভাৰতৰ ইনিংছৰ সূচনাৰ পৰা৷ নাটকীয় মেচত প্ৰথমে বেট কৰি পাকিস্তানে কৰিছিল ৮ উইকেটত ১৫৯ ৰান৷ ভাৰতৰ বাবে সেয়া প্ৰত্যাহ্বানজনক নাছিল৷ কিয়নো ৬ অক্টোবৰতে অষ্ট্ৰেলিয়াত উপস্থিত হোৱা টীম ইণ্ডিয়াই পাৰ্থ, ব্ৰীছবেন, মেলব’ৰ্নত প্ৰস্তুতি চলাই পৰিৱেশৰ সৈতে অভ্যস্ত হৈছিল৷ কিন্তু শ্বাহিন শ্বাহ আফ্ৰিদী, নাছিম শ্বাহৰ বিষযুক্ত বলিঙত বিধবস্ত হৈ পৰিছিল ভাৰতীয় ইনিংছ৷ আৰম্ভণিতেই লোকেশ ৰাহুল [৪], ৰোহিত শৰ্মাৰ [৪] বিদায়ে ৰাজহাঁড় ভাঙি পেলাইছিল ভাৰতৰ৷ বিশ্বস্ত সূৰ্যকুমাৰ [১৫] আৰু পঞ্চম স্থানত নমা অক্ষৰ পেটেলৰ [২] বিদায়ে ভাৰতক গভীৰ খাদৰ সন্মুখত থিয় কৰাইছিল, মাথোঁ বাগৰি পৰিবলৈ বাকী৷ কিন্তু সেই অৱস্থাত ভাৰতক খাদত পৰাৰ পৰা ৰক্ষা কৰিলে প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে৷ তেওঁক যথাযথ সংগ দিলে হাৰ্দিক পাণ্ডিয়াই [৪০]৷ পঞ্চম যুটিত দুয়ো কৰা ১১৩ ৰান পাকিস্তানক হতাশাত ভোগাবলৈ যথেষ্ট আছিল৷ কিয়নো ৬টা বাউণ্ডেৰী আৰু ৪টা অভাৰ বাউণ্ডেৰীৰে ইনিংছৰ মাজৰ সময়ছোৱা বিৰাট কোহলিয়ে [৮২] নিজৰ দমনত ৰাখিবলৈ সক্ষম হৈছিল৷ অৱশেষত আহিছিল সেই নাটকীয়তাৰে ভৰা অন্তিমটো অভাৰ আৰু তাৰ আগৰ দুটা বল, যি আঠটা বলৰ ওপৰত নিৰ্ভৰ কৰি বিৰাট কোহলিয়ে দেশবাসীক ‘বিৰাট দীপাৱলী’ উদ্‌যাপনৰ অবিস্মৰণীয় সুযোগ দিলে৷

একাধিক কাৰণত এই মেচখন আছিল তাৎপৰ্যপূৰ্ণ৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহে কৰা মন্তব্যত অসন্তুষ্ট হৈ আছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷ যাৰ ফলশ্ৰুতিত এই মেচখনকেই বৰ্জনৰ আহ্বান জনাইছিল আকলমসহ বহু প্ৰাক্তন ক্ৰিকেটাৰে৷ উত্তেজনাৰ পাৰা সেয়ে মেচত বাঢ়িবলৈ ধৰিছিল, বাঢ়িছিল দৰ্শকৰ মনতো৷ ভাৰতীয় পেচাৰ অৰ্শদীপৰ বিৰুদ্ধে খালিস্তানপন্থী বুলি বিতৰ্কিত অভিযোগ উঠিছিল৷ কিন্তু বাঁওহতীয়া পাঞ্জাবী তৰুণ পেচাৰে ৪ অভাৰত ৩ উইকেট লৈ সমালোচনা সূদে মূলে ঘূৰাই দিলে৷ ‘গাদ্দাৰ’ অশ্বদীপ অৱশেষত ‘চৰ্দাৰ’ হ’ল পাকিস্তানক বশ কৰি৷ টীম ইণ্ডিয়াৰ বিশ্বকাপৰ সূচনাও চমৎকাৰ হ’ল৷ আৰম্ভ হ’ল বিৰাট দীপাৱলীৰ৷