Logo
image

আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া বাতৰি চিৰদিনলৈ বন্ধ

আমাৰ অসম, ২৪ অক্টোবৰঃ অসমীয়া ভাষাৰ প্ৰতি পুনৰ মোক্ষম আঘাত হানিলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ পাছতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত বলপূৰ্বকভাৱে ইংৰাজী মাধ্যম জাপি দিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ একমাত্ৰ অসমীয়া ভাষাৰ নিউজ বুলেটিনৰ ওপৰতো আক্ৰমণ চলালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অহা বিজেপি চৰকাৰৰ কাৰ্যকালতে চিৰদিনৰ বাবে বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি৷ দুদিনমানৰ পাছতে আৰু শুনিবলৈ নাপাব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ ২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব৷ প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে৷ সেইমৰ্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব৷ উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল৷ প্ৰসাৰ ভাৰতীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ২৪ অক্টোবৰৰ সন্ধিয়া ৬ বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন৷ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালে ব্ৰডগজ ৰে’লৱে লাইন সম্প্ৰসাৰণৰ উদ্বোধনৰ বাবে ডিব্ৰুগড়লৈ অহাৰ সময়ত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ তাৰ পাছতে ১৯৯৭ চনৰ ১১ জুনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অসমীয়া বাতৰি প্ৰচাৰ কৰি আহিছিল৷ উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ থকা আঞ্চলিক বুলেটিনখনৰ সময়সীয়া দহ মিনিটলৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল৷ কিন্তু তাৰ বিপৰীতে প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অহা অসমীয়া বাতৰি বন্ধ কৰাৰ জাননী জাৰি কৰাটোৱে স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সচেতন মহলে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ সাংসদসকলৰ হস্তক্ষেপ কামনা কৰিছে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি অহা ৰাজ্য চৰকাৰখনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ অহা আঞ্চলিক ভাষাৰ বুলেটিনখন বাহাল ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰত অধিষ্ঠিত নিজ দলৰ চৰকাৰখনক সৈমান কৰাব পাৰিব নে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ জানিব পৰা মতে ব্যয় সংকোচনৰ দোহাই দি প্ৰসাৰ ভাৰতীয়ে ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত হৈ অহা বুলেটিনখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে৷ শেহতীয়াকৈ প্ৰসাৰ ভাৰতীয়ে জাৰি কৰা এই নিৰ্দেশনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মন কৰিবলগীয়া যে, অসমীয়াৰ আৱেগ আৰু অনুভূতিক আঘাত হানি অসম আৰু অসমীয়া ভাষাৰ প্ৰতি মোক্ষম আঘাত হানিব খোজা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে৷ প্ৰতি মুহূৰ্তত অসমীয়া ভাষাক নিঃশেষ কৰিব খোজা কেন্দ্ৰৰ এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে৷