Logo
image

বি টি আৰৰ নিৰ্বাচন আৰু বড়ো জাতীয়তাবাদ

বিটি আৰৰ নিৰ্বাচনত বিজেপি, বিপিএফ, গণ সুৰক্ষা পাৰ্টী, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত চলিছিল তুমুল বাকযুদ্ধ৷ সকলোৱে সচৰাচৰ দাবী কৰাৰ দৰেই পৰিষদ গঠনৰ দাবী কৰিছিল৷ কিন্তু ফলাফল ঘোষণাৰ পাছত এটা কথা স্পষ্ট হ’ল যে বিজেপিয়ে কোৱাৰ দৰে বি টি এ ডিত হাগ্ৰামা মহিলাৰী নিঃশেষ হৈ যোৱা নাই৷ কিন্তু এতিয়া হাগ্ৰামাৰ দলক বিজেপিয়ে থানবান কৰিব৷ এই প্ৰচেষ্টা নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছৰে পৰা আৰম্ভ হৈছে৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত পৰিষদসমূহত দলত্যাগবিৰোধী আইনখন প্ৰযোজ্য নহয়৷ সেয়ে পৰিষদসমূহৰ সদস্যসকলক শাসক দলে প্ৰায়ে বেচা-কিনা কৰা দেখা যায়৷ এই ঘটনা কাৰ্বি আংলং আৰু ডিমা হাচাও পৰিষদত প্ৰায়ে ঘটে৷ পৰিষদৰ নিৰ্বাচিত সদস্য হৈ থাকিলে তেওঁলোকে বিশেষ একো কাম কৰিব নোৱাৰে৷ শাসক দলত থাকিলে কাৰ্যবাহী সদস্য নহ’লেও কোনো নিগম-নিকায়ৰ অধ্যক্ষ হৈ চলি থাকিব পাৰে৷ পৰিষদৰ সদস্যসকলৰ প্ৰথম আকাংক্ষা কাৰ্যবাহী সদস্য হোৱা  আৰু সেয়া নহ’লে কোনো বিভাগৰ অধ্যক্ষ হোৱা৷ এই আশাতে বি পি এফৰ নিৰ্বাচিত সদস্যক বিজেপি দলে নিজৰফলীয়া কৰি নিজ দলৰ শক্তি ইউ পি পি এলতকৈ বেছি কৰাৰে সম্ভাৱনা আছে৷ ইতিমধ্যে দলটোৱে কংগ্ৰেছৰ একমাত্ৰ সদস্যজনৰ লগতে বি পি এফৰো এজন সদস্যক নিজ দললৈ আনিলেই৷

২০০৩ চনত বিটিচি গঠন হোৱাৰ পৰা বি পি এফৰ হাততে পৰিষদৰ ক্ষমতা আছিল৷ এইবাৰৰ দৰে নিৰ্বাচনী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল বিপিএফ৷ একপ্ৰকাৰ বড়ো জাতীয়তাবাদী শিবিৰৰ হাগ্ৰামা মহালাৰী আছিল অবিসম্বাদী নেতা৷ পিছে বিজেপিৰ লগত মিত্ৰতা কৰি মিত্ৰতাত থাকিয়ে এইবাৰ বিপিএফে সৰ্বভাৰতীয় দল বিজেপিৰ চতুৰ ৰাজনীতিৰ সোৱাদ পালে৷ ১৭খন আসন লাভ কৰি একক বৃহৎ দল হৈও বিপিএফে পৰিষদ গঠন কৰিব নোৱাৰিলে৷ বিজেপিয়ে হাগ্ৰামাৰ লগ এৰি ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৰ লগ ল’লে৷ ইউ পি পি এল, বিজেপি আৰু জি এছ পিয়ে সন্মিলিতভাৱে পৰিষদখন গঠন কৰিলে৷ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী আৰু দলটোৰ নেতা গোবিন্দ বসুমতাৰীয়ে উপ-মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব গ্ৰহণ কৰিছে৷ বিজেপি আৰু জি এছ পিৰ নেতাক কাৰ্যবাহী সদস্য পদ দিয়া হৈছে৷

মিত্ৰজোঁটৰ বৃহৎ দল হ’ল ইউ পি পি এল৷ পিছে গোটেই পৰিষদখন গঠনত বিজেপিয়েহে সকলো কৰিছে৷ ইউ পি পি এলৰ ভূমিকা চাবি দিয়া পুতলাৰ দৰে৷ বিজেপিৰ অনুগ্ৰহত পৰিষদ গঠন কৰাৰ পাছত প্ৰমোদ বড়ো পাঁচ বছৰলৈ চলিব লাগিব বিজেপিৰ শ্ৰুতলিপিত৷ শাসক বিজেপি দলে বিপিএফৰ লগত মিত্ৰতা ভংগ নকৰাকৈয়ে ইউ পি পি এলৰ লগত মিত্ৰতা কৰি পৰিষদ গঠন কৰিলে৷ বিজেপিৰ কথা– বিপিএফৰ লগত বিধানসভাৰ নিৰ্বাচনক লৈহে বুজাবুজি হৈছিল, পৰিষদক লৈ নহয়৷ পিছে এতিয়া এন ডি এৰ অংশীদাৰ ইউ পি পি এল হ’বনে? নেডাত ইউ পি পি এল থাকিবনে? বিজেপিয়ে বিধানসভাৰ নিৰ্বাচনক লক্ষ্যৰূপে লৈ এই গোটেই ৰাজনীতি কৰিছে৷ কিন্তু সময়ে ক’ব বিটিআৰৰ ১২খন আসনৰ কেইখন বিজেপিয়ে লাভ কৰে৷ আনহাতে, অসমৰ ৰাজনীতিত পুনৰ কিনা-বেচাৰ মুকলি বেহা এইবাৰ বিটিআৰত দেখা গ’ল৷ নিৰ্বাচিত পাৰিষদসকলক হোটেলত আবদ্ধ কৰি ৰখা হ’ল৷ বিজেপিৰ লক্ষ্য বিপিএফৰ পৰা চাৰি-পাঁচজন নিৰ্বাচিত সদস্যক নিজৰ পক্ষলৈ আনি বিটিআৰক নিজৰ নিয়ন্ত্ৰণত ৰখা৷ এই পৰিকল্পনা সফল হ’লে আৰু ইউ পি পি এলৰ লগত সংঘাত হ’লে, বিশ্বজিৎ দৈমাৰী কোনোবাদিনা মুখ্য কাৰ্যবাহী হ’ব৷ পৰিষদলৈ পাছত তেওঁক মনোনীত কৰাই আনিব৷

ইফালে এখন আসন লাভ কৰা গণ সুৰক্ষা পাৰ্টীও মিত্ৰজোঁটৰ অংশীদাৰ হ’ল৷ বিজেপিয়ে গণ সুৰক্ষা পাৰ্টীৰো ভেটি ভাঙি থানবান কৰাত নিজৰ অস্তিত্বৰ বাবেই এই বুজাবুজি৷ সাংসদ নৱ শৰণীয়াক হয়তো ২০২৪ত বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াৰ টোপ দিয়া হৈছে৷ সময়ৰ ৰাজনীতিৰ লগত মিলি সেয়ে এই টোপ গিলিছে৷ একমাত্ৰ নিৰ্বাচিত সদস্যজনক কাৰ্যবাহী সদস্য পদ দিয়া হৈছে৷ ইয়াৰ পাছতে আকৌ তেওঁৰ নাম এটা বিতৰ্কৰে সাঙুৰ খাইছে৷

আনহাতে, ১৭খন আসন দখল কৰা বিপিএফৰ এজন নিৰ্বাচিত সদস্যই কাৰ্যবাহী সদস্যৰ টোপ গিলি বিজেপিত যোগদান কৰিলে৷ কংগ্ৰেছৰ একমাত্ৰ সদস্যজনো বিজেপিলৈ আহিল৷ এতিয়া বিপিএফে কাৰ লগত মিত্ৰতা কৰিব, বিটিআৰত নিজ দলৰ স্থিতি কি হ’ব, তাক লৈ চিন্তাত৷ হাগ্ৰামা মহিলাৰীয়ে যি বড়ো জাতীয়তাবাদী ধাৰাৰ সৃষ্টি কৰিছিল, সেয়া বিজেপিয়ে থানবান কৰি দিলে৷ ১৫ বছৰীয়া কংগ্ৰেছী শাসনৰ সময়তো তেওঁলোকৰ কংগ্ৰেছৰ লগত মিত্ৰতা আছিল৷ কিন্তু কংগ্ৰেছে, বিশেষকৈ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিটিচিত নিজ দলৰ সাংগঠনিক ভেটি সবল কৰাতকৈ খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ দল বিপিএফক বিটিচি এৰি দিছিল৷ তেওঁ বিটিচিত শান্তি আৰু প্ৰগতি বিচাৰিছিল৷ কিন্তু বিজেপি এনে এটা দল যি এক দেশ, এক ভাষাত বিশ্বাসী৷ তেওঁলোকে আঞ্চলিকতাবাদক সমৰ্থন নকৰে৷ ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী দল বিজেপি৷ সেয়ে মহাৰাষ্ট্ৰত শিৱসেনাৰ লগত সংঘাত লাগি মিত্ৰতা ভংগ হ’ল৷ বিহাৰত নীতীশ কুমাৰ আজি পুতলা মুখ্যমন্ত্ৰী৷ সিদিনা অসম গণ পৰিষদৰ এজন নেতাই ক’লে– দিল্লীয়েহে জানিব সমষ্টি কোনটো দিয়ে বা নিদিয়ে৷ তাৰ অৰ্থ এইবাৰ অগপক কোনকেইখন আসন দিয়া হ’ব, সেয়া ঠিক কৰিব বিজেপিৰ নেতৃত্বই৷ অগপৰ কথামতে একো নহ’ব৷ বিপিএফেও এতিয়া বুজি উঠিছে বিজেপিয়ে যে তেওঁলোকক গ্ৰাস কৰিলে৷ সদায় সুবিধাবাদী ৰাজনীতি কৰা বুলি নিজেই কোৱা হাগ্ৰামা মহিলাৰীয়ে এতিয়া কি কৰিব, সেয়া হ’ব লক্ষণীয়৷

বিপিএফৰ লগত বৰ্তমান ১৬জন সদস্য আছে৷ তেওঁলোকে ইউ পি পি এলৰ পৰা ৫ন সদস্যক নিজৰ পক্ষলৈ আনিব পাৰিলে পৰিষদ গঠন কৰিব পাৰিব৷ কিন্তু সেয়া হ’বলৈ নিদিয়ে বিজেপিয়ে৷ যদিহে প্ৰমোদ বড়ো  নেতৃত্বাধীন পৰিষদখনৰ ওপৰত বিজেপি দল আৰু চৰকাৰে অধিক হেঁচা দি থাকে, তেতিয়া বড়ো জাতীয়তাবাদী শিবিৰ অনাগত দিনত একগোট হোৱাৰ সম্ভাৱনা নথকা নহয়৷ তেনে পৰিৱেশ আহিলে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একলগ হ’ব পাৰে৷ কিন্তু এনে সম্ভাৱনা বিধানসভা নিৰ্বাচনৰ আগত নাই আৰু বিপিএফে যদি বিধানসভাৰ নিৰ্বাচনতো মুখথেকেচা খায়, তেতিয়া দলটোৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি আহিব৷ বিপিএফে এতিয়া ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ লগত মিলি খিলঞ্জীয়াৰ হৈ ৰাজনীতি কৰাত অগ্ৰসৰ হোৱাই উচিত হ’ব৷ হাগ্ৰামাই বিটিচি এলেকাৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়াৰ ঐক্যবদ্ধ ৰাজনৈতিক শক্তিক সন্মুখৰ পৰা সমূহীয়া নেতৃত্ব দি আগবাঢ়িলে সুফল পাব৷ কাৰণ বিজেপিয়ে বিপিএফৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছে আৰু সম্পৰ্ক ছেদ নকৰিলেও ইমান অপমানৰ গ্লানি লৈ কোনো আত্মসন্মান থকা মানুহে পুনৰ বুজাবুজি নকৰে৷