Logo
image

গোৱালপাৰাত উদ্বোধন মিঞা মিউজিয়াম

আমাৰ অসম, ২৪ অক্টোবৰঃ অসমত মিঞা মিউজিয়াম স্থাপন কৰা বিষয়টো এতিয়া আৰু আলোচনাৰ বিষয় হৈ থকা নাই৷ ইতিমধ্যেই মিঞা মিউজিয়ামে  কাৰ্যকৰী ৰূপ পালে৷ অসমৰ ভূমিত স্থাপন হ’ল বহু বিতৰ্কিত মিঞা মিউজিয়াম৷ অৱশ্যে এই মিউজিয়াম গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নহয়, গোৱালপাৰা জিলাৰ পশ্চিম প্ৰান্তত ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলতহে স্থাপন কৰা হ’ল মিঞা মিউজিয়াম৷ অসম-মিঞা [অসমীয়া] পৰিষদে আজি লক্ষ্মীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জলেশ্বৰ সমষ্টিৰ দাপকাৰভিটা গাঁৱৰ আলী কমপ্লেক্সত মিঞা মিউজিয়াম উদ্বোধন কৰে৷ মিঞা মিউজিয়ামৰ ফিটা কাটি উদ্বোধন কৰে আহোম ৰয়েল ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই৷ এই উপলক্ষে অসম-মিঞা [অসমীয়া]পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীৰ সভাপতিত্বত এখনি উদ্বোধনী সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক এম আমিৰ হুছেইনে৷ উক্ত সভাত আহোম ৰয়েল ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়া, মিঞা পৰিষদৰ উপ-সভাপতি এম আব্দুল বাতেন, অসম বাঘ সেনাৰ মুখ্য সেনাধ্যক্ষ এম ৰফিকুল ইছলাম হাজৰিকা, খলিচাভিটা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক আব্দুল লতিফ শিকদাৰ, মিঞা যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম ইফতাৰুল ইছলাম প্ৰামাণিকৰ উপৰি শতাধিক পুৰুষ মহিলা উপস্থিত থাকে৷ উল্লেখযোগ্য যে মিঞাসকলে অতিজৰে পৰা ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী মিঞা মিউজিয়ামত সংৰক্ষণ কৰা হ’ব বুলি অসম-মিঞা [অসমীয়া] পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷  উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ উত্থাপন কৰিছিল এজন কংগ্ৰেছী বিধায়ক৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত তদানীন্তন কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল এই প্ৰসংগ৷ ইয়াক লৈ ৰাজ্যত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছিল৷ কিছুদিন পূৰ্বে বিধায়ক শ্বেৰমান আলীয়ে লুঙি পিন্ধি ব্ৰিটেইন ভ্ৰমণ কৰাৰ ফটো ভাইৰেল  হোৱাৰ সময়তো উক্ত প্ৰসংগ চৰ্চালৈ আহিছিল৷