Logo
image

জনাৰ্দন গোস্বামীক সামাজিকভাৱে বৰ্জন, ফেচবুকত আহিল প্ৰত্যাহ্বানো

আমাৰ অসম, ২৪ অক্টোবৰঃ সমগ্ৰ অসমবাসীকে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন গোস্বামীক সামাজিকভাৱে বৰ্জন কৰাৰ আহ্বান জনালে সত্ৰ মহাসভা মাজুলী জিলা সমিতিয়ে৷ দেওবাৰে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অসম সত্ৰ মহাসভাৰ মাজুলী জিলা সমিতি আৰু মাজুলীৰ কেইবাটাও দল-সংগঠনৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মাধ্যমক অৱগত কৰে সত্ৰ মহাসভাৰ মাজুলী জিলা সমিতিৰ সভাপতি তথা গড়মুৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে৷ উল্লেখ্য, অতীজৰে পৰা দুৰ্গাপূজা অনুষ্ঠিত নোহোৱা মাজুলীত দুৰ্গাপূজা কোনোবাই অনুষ্ঠিত কৰিলে আপত্তি নাই বুলি উল্লেখ কৰিছিল দক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়া জনাদ্দৰ্ন দেৱগোস্বামীয়ে৷ মাজুলীত কেৰলৰ ধবনি বাজিলে, দুৰ্গাপূজা অনুষ্ঠিত কৰাত আপত্তি ক’ত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল গোস্বামীয়ে৷ এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীত৷ এই সম্পৰ্কতে অনুষ্ঠিত হোৱা সভাই বিশ্ব হিন্দু মহাসভাৰ পৰাও জনাৰ্দন দেৱগোস্বামীক বহিষ্কাৰ কৰিবলৈ আহ্বান জনাব বুলি জানিবলৈ দিয়ে সত্ৰ মহাসভাই৷ লগতে অসম সত্ৰ মহাসভা মাজুলী জিলা সমিতিয়ে জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ২০ অক্টোবৰত আজিৰ স্থানতে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাতে জনাৰ্দন দেৱগোস্বামীক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল৷ সময়ত, জনাৰ্দন দেৱগোস্বামীয়ে ইয়াৰ কোনো উত্তৰ নিদিয়াত আজিৰ সভাই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্ন দেৱ গোস্বামীয়ে কয়, ‘মাজুলীক মাজুলী হৈ থাকিবলৈ দিয়ক৷ দুজনা গুৰুৰ মিলভূমি এই বৈষ্ণৱপীঠ মাজুলী ভৱিষ্যতেও যাতে সুৰক্ষিত হৈ থাকে তাতহে মনোনিবেশ কৰক৷ আমাৰ মাজত এক সংঘাতৰ পৰিৱেশ সৃষ্টিৰ বাবে যাতে কোনেও প্ৰয়াস নকৰে৷ মাজুলীৰ যি সাতাম পুৰুষীয়া পৰম্পৰা সেয়া সুৰক্ষিত হৈ আছে আৰু সুৰক্ষিত থাকিব৷ দক্ষিণপাট গৃহস্থী সত্ৰৰ যি গৰাকী সত্ৰীয়াই যিখিনি কথা কৈছে তাক আমি গৰিহণা দিছোঁ৷ সেয়া তেওঁৰ ব্যক্তিগত বক্তব্য৷ তেওঁ সমগ্ৰ মাজুলীৰ অভিভাৱক নহয়৷ তেওঁ যিহেতু দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰো নহয়, গতিকে তেওঁৰ বক্তব্যক লৈ আমি চিন্তিত নহয়৷’ সত্ৰভূমি মাজুলীত ৰাজ্যৰ অন্য স্থানৰ দৰে দুৰ্গাপূজা অনুষ্ঠিত কৰা নহয়৷ কাৰণ বৈষ্ণৱ ধৰ্মৰ পীঠস্থান স্বৰূপ মাজুলীত বলি-বিধানৰ প্ৰথা নিষিদ্ধ৷ মহাপুৰুষ গুৰুজনাৰ লগত মাধবদেৱৰ মিলনৰ মনিকাঞ্চন সংযোগভূমি মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰৰ ঐতিহ্য মহাপুৰুষীয়া আদৰ্শক নস্যাৎ কৰি মাজুলীৰ ঐতিহ্যৰ বিপৰীতে দিয়া মন্তব্যক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে মাজুলীৰ ৰাইজে৷ সত্ৰীয়া গৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীয়ে কয়, ‘তেওঁৰ মন্তব্য শুনি আমিও সচকিত হৈছোঁ৷ মাজুলীত বিশেষকৈ বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰা আছে৷ গতিকে এই বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰাৰ মাজত হঠাতে কিবা এটা নতুনকৈ জাপি দিয়া কথাটো কোনো কাৰণতে আমি গ্ৰহণ কৰিব নোৱাৰোঁ৷ আমি সদায় এইটোকে বিচাৰোঁ বৈষ্ণৱ সংস্কৃতিৰ যি ঐতিহ্য আছে আৰু বৈষ্ণৱ সাংস্কৃতিক প্ৰতিনিধিত্ব কৰা মাজুলী আৰু মাজুলীয়ে গোটেই অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক, বৈষ্ণৱ সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেনেকুৱা অৱস্থাত মাজুলীৰ ঐতিহ্য অক্ষুণ্ণ হৈ থাকিব লাগে৷ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান আৰু এই যি স্বকীয় ঐতিহ্য সদায় যেন এনেকৈয়ে থাকে তাকে আমি মনে প্ৰাণে বিচাৰোঁ৷’ উল্লেখ্য, বৈষ্ণৱপীঠ মাজুলীত ৩৬খন সত্ৰৰ বিপৰীতে ৬৪টা গীৰ্জা স্থাপন হোৱা স্পৰ্শকাতৰ বিষয়ত মাজুলীয়ে সত্ৰপীঠৰ গৌৰৱ হেৰুৱাই পেলোৱাৰ আশংকা প্ৰকাশ কৰি এইক্ষেত্ৰত মাজুলীৰ সচেতন ব্যক্তি, সত্ৰাধিকাৰ, চৰকাৰ সমন্বিতে সকলো সৰৱ হ’ব লাগে বুলিও প্ৰকাশ কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া গৰাকীয়ে৷ কিন্তু কাৰ্যক্ষেত্ৰত এই বিষয়ত বিশেষ সজাগতা পৰিলক্ষিত নোহোৱাত সত্ৰীয়া গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি মাজুলীত শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসন্মত হোৱাৰ কাৰণ নাই বুলি ব্যক্ত কৰিছিল৷ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে কয় যে জনাৰ্দন দেৱ গোস্বামীয়ে কৰা মন্তব্য একান্তই ব্যক্তিগত৷ মাজুলীত দুৰ্গাপূজা হ’বনে নহ’ব মাজুলীৰ জনসাধাৰণে সিদ্ধান্ত কৰিব৷ মাজুলীৰ দুইলাখ জনসাধাৰণৰ মত এজনে দিব নোৱাৰে৷ একেদৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ ভূঞা আৰু উপদেষ্টা যুগল হাজৰিকাই কয় যে আমি সত্ৰাধিকাৰ হিচাপে সকলোকে সন্মান জনাও, কিন্তু মাজুলীৰ ঐতিহ্য বিঘ্নিত কৰিব পৰা যিকোনো সিদ্ধান্ত এগৰাকী সত্ৰাধিকাৰে দিলেই মানি ল’ব নোৱাৰোঁ৷ কেৱল ব্যক্তিগত আবেগৰ বশৱৰ্তী হৈ দিয়া সিদ্ধান্ত মাজুলীবাসীয়ে মানি নলয়৷ মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মাজুলী সাংস্কৃতিক মহাসভাৰ সভাপতি প্ৰভাত বুঢ়াভকতে কয় যে ব্যক্তিগত আৱেগৰ অধীন হৈ দিয়া মন্তব্যক মাজুলীবাসীয়ে মানি নলয়৷ এনে মন্তব্যই মাজুলীৰ ঐক্য সংহতিত ব্যাঘাত জন্মাব৷ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শক লৈ গৌৰৱ কৰা মাজুলীত এনে মন্তব্য নিতান্তই সমীচীন হোৱা নাই৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই এই প্ৰসংগত কয় যে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থলীত মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শ কোনো কাৰণতে ব্যাহত হ’বলৈ দিব নোৱাৰি৷ কাৰোবাত আবেগিক মত জনসাধাৰণ মতামত হ’ব নোৱাৰে৷ ইফালে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন গোস্বামীলৈ সত্ৰ মহাসভা মাজুলী জিলা সমিতিয়ে প্ৰেৰণ কৰা সভাৰ প্ৰস্তাৱৰ কোনো উত্তৰ দিয়াৰ বিপৰীতে আজি সামাজিক মাধ্যম ফেচবুকত ‘আমি আমিয়েই’ বুলি কৰা পোষ্টও বিপুল চৰ্চাৰ বিষয় হৈ পৰিছে৷ তেওঁৰ এই পোষ্টৰ জৰিয়তে কি প্ৰকাশ কৰিবলৈ বিচাৰিছে সেয়া সময়ত লক্ষণীয় হ’ব৷ উল্লেখ্য, এই ফেচবুক পোষ্টত তেওঁ বিশ্ব হিন্দু পৰিষদৰ সদস্যৰ সৈতে থকা তিনিখন ফটো আপলোড কৰিছে৷ ইয়াৰে এখন ফটোত শিশু বৈষ্ণৱসকলে গেৰুৱা বসন পিন্ধি থকা দেখা গৈছে৷