Logo
image

সহস্ৰজনৰ শ্ৰদ্ধা, আজি শেষকৃত্য

আমাৰ অসম, ২৪ অক্টোবৰঃ ৰাজ্যৰ সত্ৰীয়া-সংস্কৃতিৰ ক্ষেত্ৰখনক শোকস্তব্ধ কৰি পৰলোকলৈ গতি কৰা বৰপেটাৰ সমাজ জীৱনৰ হৃদস্পন্দন স্বৰূপ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহ আজি তেওঁৰ সুন্দৰীদিয়া কলয়াহাটীৰ বাসগৃহৰ পৰা গায়ন -বায়ন, ভকত-আইসকলৰ নাম কীৰ্তনেৰে বৃহৎ শোকসমদল কৰি বৰপেটা সত্ৰৰ বাছ আস্থানলৈ অনা হয়৷ আস্থানত অস্থায়ীকৈ সজা সু-সজ্জিত শ্ৰদ্ধাঞ্জলি মণ্ডপত বুঢাসত্ৰীয়াৰ নশ্বৰদেহ ৰখা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে৷ পুৱা দহ বজাত তেওঁৰ নশ্বৰদেহ বাসগৃহৰ পৰা উলিয়াই আনি প্ৰথমে মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰলৈ নি তাত শেষশ্ৰদ্ধা নিবেদন কৰে৷ তাৰ পাছত বুদৰুৰটুপ হৈ আহি বিলৰতাৰীৰ ৰাখাল থান, পালাংদিহাটী হৈ আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদি থান চূণপোৰা ভিঠিৰ ভকতসকলে শেষশ্ৰদ্ধা নিবেদন কৰাৰ পাছত আমবাৰীহাটীহৈ বৰপেটা বিদ্যাপীঠৰ সন্মুখেৰে সত্ৰৰ বাছ আস্থানত প্ৰৱেশ কৰে শোকসমদলটোৱে৷ শ্ৰদ্ধাঞ্জলি মণ্ডপৰ বেদীত সত্ৰীয়া সংস্কৃতিৰ পুৰোধা বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহ ৰখাৰ পাছত প্ৰথমে বৰপেটা সত্ৰৰ হৈ ডেকাসত্ৰীয়া গৌতম পাঠকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ প্ৰধান সম্পাদক মহানন্দ পাঠকে শ্ৰদ্ধা নিবেদন কৰে৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেবা হাজাৰ ভক্ত-গুণমুগ্ধ- শুভাকাংক্ষীৰ উপৰি বৰপেটা সত্ৰৰ শাখা সত্ৰ ক্ৰমে- কৰেৰতল কীৰ্তনঘৰ, জেইলৰোডৰ বুঢ়া গোঁহাই থান, পুঠিমাৰী মৌকুছি সত্ৰ, পুঠিমাৰী পাঁচপৰা নামঘৰ, মণিয়েৰী শাখা সত্ৰ, বাৰাপেটা ওদালগুৰী শাখা সত্ৰ, লাবদাংগুৰী শাখা সত্ৰ, দঙৰকুছি চতুৰ্ভুজ নামঘৰ, গণককুছি পথাৰহাটী শাখা সত্ৰ, থমনাৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, গুৱাহাটী ৰুক্মিনী নগৰ শাখা সত্ৰ, গুৱাহাটীৰ শেনমেলা শাখা সত্ৰ, কমলপুৰৰ শংকৰদেৱ সত্ৰ, গোৱালপাৰাৰ শ্যামৰায় সত্ৰ, চমৰীয়া সত্ৰ আৰু বাপুজী নগৰ নামঘৰ, বৰপেটাৰ বুদৰুৰটুপ ৰাখাল থান, পালাহৰতল শাখা সত্ৰ, নালিৰপাৰ শংকৰদেৱ সত্ৰ, নলবাৰীৰ কলীয়া ঠাকুৰ নামঘৰ শাখা সত্ৰ, টংলাৰ শংকৰদেৱ শাখা সত্ৰ, বিজনী শাখা সত্ৰ আদি বহু শাখা সত্ৰই বুঢ়াসত্ৰীয়ালৈ শেষশ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ উপৰিও বৰপেটাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ, ঋষিকেশ গোস্বামী আদি কেইবাজনো বিশিষ্ট লোকে শ্ৰদ্ধা নিবেদন কৰে৷ হাউলী ৰাস মহোৎসৱ সমিতি, নলবাৰী হৰিমন্দিৰ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, চৰকাৰী পেঞ্চনাৰ সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, বৰপেটা জিলা মুক্তি যুঁজাৰু সন্মিলন, শংকৰী সাংস্কৃতিক ভাওনা দল, বৰপেটা সাহিত্য সভা, বৰপেটা লেখিকা সমাৰোহ সমিতি, হিন্দু জাগৰণ মঞ্চকে প্ৰমুখ্য কৰি ত্ৰি-শতাধিক অনুষ্ঠান - প্ৰতিষ্ঠানে শেষশ্ৰদ্ধা জ্ঞাপন কৰে৷ আজি ৰাতিটো বাছ আস্থানৰ অস্থায়ী মণ্ডপতে ৰখা হ’ব বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহ৷ কাইলৈ পুৱা সত্ৰৰ প্ৰসংগৰ পাছত বুঢাসত্ৰীয়াৰ নশ্বৰদেহ সত্ৰলৈ নি কীৰ্তন ঘৰৰ চাৰিওফালে ঘূৰাই সত্ৰৰ খটখটিৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷


শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোক প্ৰকাশ


 বৰপেটা কীৰ্তন ঘৰৰ বুঢ়া সত্ৰীয়া, সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক, মহীৰূহ বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই৷ সংঘৰ সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা আৰু সংঘাধিকৰ্তা হৰ্ষবদ্ধৰ্ন কাশ্যপে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ মহীৰূহ গৰাকীৰ মহাপ্ৰয়াণ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ সদায় তৰুণ প্ৰজন্মক সত্ৰীয়া সংস্কৃতিলৈ আকৰ্ষিত কৰাৰ সংগ্ৰামৰ কাণ্ডাৰী দেৱশৰ্মাৰ কৰ্মৰাজী অসমৰ প্ৰতিটো প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ’ব বুলি বিষয়ববীয়াদ্বয়ে মন্তব্য কৰিছে৷ সংঘই দেৱশৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সহমৰ্মিতা জ্ঞাপন কৰিছে৷ 


সদৌ অসম জুনা নাম শিল্পী সমাজৰ শোক প্ৰকাশ


বৰপেটা সত্ৰৰ বঢ়াসত্ৰীয়া, শ্ৰীমন্ত মঙ্কৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ দেৱ শৰ্মাৰ শনিবাৰে দেহাৱসানৰ বাৰ্তাই সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে সদৌ অসম জুনা নাম শিল্পী সমাজক যথেষ্ট মৰ্মাহত কৰিছে৷ বশিষ্ঠ শৰ্মা  এজন অদ্বিতীয় থিয়নামৰ শিল্পী উপৰিও ভোৰতাল বজোৱা, ঘোষা-কীৰ্তন কৰা, হোলীগীত, নাওখেলৰ গীত, বৰগীতৰ আছিল এগৰাকী অপ্ৰতিদ্বন্দ্বী শিল্পী৷ তেওঁৰ কণ্ঠস্বৰে ভকত-বৈষ্ণৱক দেহ মন শাত পেলাই হৰিনাম গাবলৈ উদ্বুদ্ধ কৰি তুলিছিল৷