Logo
image

তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হৈ চীনত একছত্ৰী জিনপিং

আমাৰ অসম, ২৪ অক্টোবৰঃ তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱা চি জিনপিঙে সাতজন পলিটব্যুৰ’ৰ সদস্যৰ চাৰিজন নিজৰ ঘনিষ্ঠ সদস্য নিৰ্বাচিত কৰি দেশৰ একছত্ৰী শাসকত পৰিণত হৈছে৷ চীনৰ কমিউনিষ্ট পাৰ্টীৰ নতুন সংবিধান অনুযায়ী পূৰ্বতকৈ অধিক ক্ষমতা বৃদ্ধি পাইছে জিনপিঙৰ৷ শনিবাৰে সৰ্বসন্মতিক্ৰমে অনুমোদন লাভ কৰা সংবিধানৰ জিনপিঙৰ ক্ষমতা বৃদ্ধি কৰি তেওঁক পূৰ্বৰ সৰ্বাধিনায়ক মাও জে ডঙৰ সমপৰ্যায়লৈ উন্নীত কৰা হৈছে৷ নতুন সংবিধান অনুসৰি চীনৰ সমাজ ব্যৱস্থাও নিয়ন্ত্ৰণ কৰিব কমিউনিষ্ট পাৰ্টীয়ে৷ ইতিপূৰ্বে পাৰ্টীৰ সাধাৰণ সম্পাদক অৰ্থাৎ মুৰব্বী হিচাপে নিৰ্বাচিত হোৱা জিনপিং সেই সূত্ৰে দেশখনৰ একছত্ৰী ৰাষ্ট্ৰপ্ৰধানত পৰিণত হৈছে৷ সংবিধান সংশোধনৰ ফলত চীনত একদলীয় আৰু ব্যক্তিকেন্দ্ৰিক শাসন আৰু শক্তিশালী হৈ পৰিল বুলি ধাৰণা কৰা হৈছে৷ এইক্ষেত্ৰত জিনপিঙেই হ’ব চীনৰ ব্যক্তিকেন্দ্ৰিক শাসনৰ মূল স্তম্ভ৷ কিয়নো দলত তেওঁৰ ক্ষমতা নিৰংকুশ৷ কমিউনিষ্ট পাৰ্টীৰ মুৰব্বী হোৱাৰ সূত্ৰে জিনপিং দেশৰ ৰাষ্ট˜পতি হোৱাটো নিশ্চিত৷ এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা নহ’লেও অহা মাৰ্চত চৰকাৰৰ বাৰ্ষিক অধিৱেশনত জিনপিঙক চীনৰ ৰাষ্ট˜পতি হিচাপে ঘোষণা কৰা হ’ব৷ সেয়া হ’ব তেওঁৰ তৃতীয়টো কাৰ্যকাল৷ চীনৰ কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক হিচাপে নিজৰ স্থান নিশ্চিত কৰাৰ লগে লগে জিনপিং আৰু এটা কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হৈ পৰিল৷ একে সময়তে সংবিধান সংশোধন কৰি সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰপতিৰ ক্ষমতা বৃদ্ধি আৰু পলিটব্যুৰ’ত নিজৰ ঘনিষ্ঠ সদস্যৰ অন্তৰ্ভুক্তিয়ে অৱধাৰিতভাৱে জিনপিঙক ভৱিষ্যতৰো ৰাষ্ট্ৰপতি হিচাপে ক্ষমতা অৰ্জনৰ সুযোগ দিলে৷ দেওবাৰে তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব পোৱাৰ  পাছত  প্ৰথমবাৰলৈ সাংবাদিকৰ মুখামুখি হৈ কয় যে, যিদৰে সমগ্ৰ বিশ্বক এতিয়া চীনৰ প্ৰয়োজন সেইদৰে চীনকো সমগ্ৰ বিশ্বৰ প্ৰয়োজন৷ চীনৰ উন্নতি নহ’লে বিশ্বৰো উন্নতি নহ’ব বুলি জিনপিঙে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ বিগত ৪০ বছৰত চীনৰ উত্থান বিদ্যুৎ গতিত হোৱা বুলি তেওঁ মন্তব্য কৰে৷ জিনপিঙৰ মতে এই সময়ছোৱাত চীনে একেলগে দ্ৰুত অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ ইপিনে পলিটব্যুৰ’ৰ ৭ জন সদস্যৰ ভিতৰত মহিলা সদস্য নথকা বিষয়টোৱে বিস্ময়ৰ সৃষ্টি কৰিছে৷ কাৰ্যকাল সমাপ্ত হোৱা অন্তিম পলিটব্যুৰ’ত ছুন চুনলাং আছিল একমাত্ৰ মহিলা সদস্য৷ তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাত দেওবাৰে ঘোষণা কৰা নতুন পলিটব্যুৰ’ত কোনো মহিলা সদস্য নাথাকিল৷