Logo
image

সেমেকা বতৰতো উদ্‌যাপন আলোকৰ উৎসৱ

আমাৰ অসম, ২৫ অক্টোবৰঃ প্ৰতিকূল বতৰকো নেওচি সোমবাৰে ৰাজ্যজুৰি কালী পূজা উদযাপন কৰা হয়৷ শক্তিৰ আৰাধ্যা দেৱী মা-কালীৰ আশিস¸ বিচাৰি ভক্ত সকলে সেমেকা বতৰকো নেওচি ৰাজ্যৰ কালী মন্দিৰসমূহত ভিৰ কৰে৷ কাতি মাহত অমাৱশ্যা তিথিত কালী পূজাৰ আয়োজন কৰা হয়৷ এইবাৰ সোমাবাৰে বিয়লি ৪বাজি ৫৬মিনিটৰ পৰা অমাৱশ্যা তিথি আৰম্ভ হৈছে আৰু মঙলবাৰে বিয়লি ৪ বাজি২৫ মিনিটত শেষ হ’ব৷ সোমবাৰে অৱশ্যে নিশা ৭.৩০ বজাৰ পাছতহে কালী পূজা অনুষ্ঠিত হয় আৰু গোটেই নিশাজুৰি দেৱী কালীক আৰাধনা কৰা হয়৷ ক’ভিডৰ বাবে দুটা বছৰৰ বিৰতিত এইবাৰ কালী পূজা উলহ মালহেৰে আয়োজন কৰা হৈছিল যদিও বৰষুণৰ বাবে কিছু পৰিমাণে ম্লান হৈ পৰে কালী পূজাৰ আনন্দ৷ সোমাবাৰে পুৱাৰে পৰা হৈ থকা কিনকিনিয়া বৰষুণৰ বাবে ভক্তৰ উচাহত চেঁচা পানী পৰে৷ অৱশ্যে সন্ধিয়াৰ পাছত বৰষুণৰ পৰিমাণ অলপ কমি যোৱাত পূজাথলী সমূহত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়৷ ৰাজ্যৰ বিভিন্ন কালী মন্দিৰ,  দুৰ্গা পূজাৰ স্থলী সমূহত কালী পূজা উদ্‌যাপন কৰা হয়৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৰ্ণাঢ্য কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হয়৷ গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া চকৰদৌ কালী মন্দিৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বৃহত্তৰ চকৰদৌবাসী ৰাইজৰ উদ্যোগত ‘‘শ্ৰীশ্ৰী শ্যামা আই‘‘ ৰ পূজাভাগ এদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷  সন্ধিয়া ৭ বজাত ঘট বুৰোৱা আৰু ৭.৩০ বজাত ডুলনী স্থাপনৰ পাছত নিশা ৮.৩০ বজাত পূজাৰম্ভ কৰা হয়৷ তাৰ পাছত গোটেই নিশাজুৰি পূজা অনুষ্ঠিত হয়৷ মহানগৰীৰ ধাৰাপুৰ চাৰিআলি শ্ৰী শ্ৰী শ্যামা পূজা সমিতিৰ উদ্যোগত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলিও ধাৰাপুৰ চাৰিআলিস্থিত কালী মন্দিৰ প্ৰাঙ্গনত সোমবাৰৰ পৰা ২৬ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে৷ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত বিগত বৰ্ষবোৰৰ দৰে এই বেলিও শক্তিৰ অধিষ্ঠাত্ৰী দেৱী  ‘‘শ্ৰীশ্ৰী শ্যামা আই‘‘ ৰ পূজাভাগ আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ অক্টোবৰত ৰাণী বনাঞ্চলিক কাৰ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ ভঙাগড়ৰ কালী মন্দিৰ, লাচিতনগৰস্থিত হনুমান মন্দিৰৰ লগতে দুৰ্গাপূজা স্থলী, বিভিন্ন ক্লাব আদিৰ লগতে ব্যক্তিগত ভাৱেও বহুলোকে কালী পূজাৰ আয়োজন কৰে৷ ফটকা, আতচবাজী ফুটুৱাবলৈ প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজত কাইলৈ ৰাজ্যবাসীয়ে আলোকৰ উৎসৱ দীপাৱলী পালন কৰিব৷ অৱশ্যে চৰকাৰ তথা প্ৰশাসন, বিভিন্ন সংগঠন, পৰিৱেশ প্ৰেমীৰ সেউজ দীপাৱলীৰ নিৰ্দেশনা অৱমাননা কৰি বহু লোকে ফটকা, আতচবাজী কালী পূজাত ফুটুৱা পৰিলক্ষিত হয়৷ তাৰ মাজতে ৰাজ্যবাসীয়ে মঙলবাৰে পোহৰৰ উৎসৱ দেৱালী পালন কৰি আলোকৰ পোহৰেৰে সকলোৰে জীৱন ভৰি পৰাৰ কামনা কৰিব৷

নেৰানেপেৰা বৰষুণ,  উছাহত বাধা

নেৰানেপেৰা বতাহ-বৰষুণৰ বাবে আজি যোৰহাটত কালী পূজা আৰু দীপাৱলীৰ উৎসাহ-উদ্দীপনা ম্লান পৰে৷ উল্লেখ্য, আজি পুৱাৰে পৰা  যোৰহাট আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পাতলীয়া বৰষুণৰ লগতে শীতল বতাহ প্ৰৱহিত হৈ থাকে৷ সেয়ে সন্ধিয়া যোৰহাট নগৰৰ লগতে উপকণ্ঠ অঞ্চলৰ বাসিন্দাসকলে চাকি-বন্তি জ্বলোৱাৰ পৰাও বঞ্চিত হয়৷ উল্লেখ্য, দীপাৱলী উপলক্ষে শনিবাৰৰ পৰাই একাংশ ধনাঢ্যই ব্যাপক হাৰত ফটকা ফুটুৱাই আনন্দ-উৎসৱৰ মহা আয়োজন কৰে যদিও আজি নেৰানেপেৰা বৰষুণৰ বাবে তুলনামূলকভাৱে ফটকা-আতচবাজীৰ প্ৰকোপ নিয়ন্ত্ৰিত হৈ থাকে৷ অৱশ্যে ইয়াৰ মাজতো একাংশই ফটকা, এটম বোমা আদি ফুটুৱায়৷ উৎসৱৰ নামত একাংশৰ  এনে অতপালিৰ বাবেই প্ৰকৃতিও ৰুষ্ট বুলি একাংশই মন্তব্য কৰিছে৷ তেওঁলোকৰ মতে, প্ৰকৃতিয়ে নিজেই নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে৷ ইফালে কাতিৰ প্ৰথমজাক বৰষুণে অঞ্চলটোৰ জনসাধাৰক শীতৰ আমেজ দিয়ে৷ ইয়াৰ মাজতে স্থান বিশেষত কালী পূজা অনুষ্ঠিত হৈছে৷

কটনৰ ছাত্ৰীয়ে জ্বলালে ৫০০ গছি চাকি

আজি পোহৰৰ উৎসৱ দীপাৱলী৷ সমগ্ৰ দেশৰ লগতে বাগসা জিলাতো অতি উৎসাহ-উদ্দীপনাৰে আজি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হৈছে৷ শ্ৰীৰামচন্দ্ৰই দুস্কৃতিকাৰী লংকেশ্বৰক যুদ্ধত হৰুৱাই লংকা জয় কৰি অযোধ্যালৈ উভতি অহাৰ সময়ত অযোধ্যাবাসীয়ে দীপাৱলী পালন কৰি অহাৰে পৰা পৰম্পৰাগতভাৱে হিন্দু সমাজে এই উৎসৱ উদ্‌যাপন কৰি আহিছে৷ কালক্ৰমত এই দীপাৱলীত বিভিন্ন আতচ্‌-বাজী ফুটাই শব্দ প্ৰদূষণ কৰি অহাৰ সময়তেই বাগসা জিলাৰ অঞ্চলী গাঁৱৰ নিৱাসী গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ তৃতীয় সান্মাষিকৰ ছাত্ৰী হীৰামণি তালুকদাৰে আতচ্‌-বাজী নুফুটাই নিজগৃহত ৫০০গছি মাটিৰ চাকি প্ৰজ্বলন কৰি শব্দ আৰু বায়ু প্ৰদূষণ নকৰাকৈ দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হৈছে৷ হীৰামণিয়ে বিভিন্ন ৰঙেৰে চাকিত ৰং দিয়াৰ লগতে পদুম ফুল, লখিমীৰ ভৰিৰ চাপ, হেপ্পী দিৱালী আদি ৰংগোলী অংকন কৰি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা দেখা যায়৷ প্ৰতিকুল বতৰকো নেওচি হীৰামণিয়ে নিজগৃহত ৫০০গছি বন্তি প্ৰজ্বলন কৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰি শব্দ আৰু বায়ু প্ৰদূষণ কৰাৰ এক প্ৰচেষ্টা কৰা পৰিলক্ষিত হয়৷