Logo
image

ঋষিৰ হাতত ব্ৰিটিছৰাজ

ব্ৰিটেইনত প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী

আমাৰ অসম, ২৫ অক্টোবৰঃ দুশবছৰ ভাৰত শাসন কৰি ব্ৰিটিছে দেশখনক দ্বিখণ্ডিত কৰি আঁতৰি যোৱাৰ ৭৫ বছৰ পাছত ব্ৰিটিছৰাজ দখললৈ আনিলে এজন ভাৰতীয় বংশোদ্ভৱ ৰাজনীতিকে৷ যদিও তেওঁৰ পৰিয়াল পূৱ আফ্ৰিকাৰ পৰা ইংলেণ্ডলৈ আহিছিল তথাপি সোমবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা ঋষি ছুনকৰ মূল পৰিচয় ভাৰতীয়৷ পিতৃ য়াছবীৰ ছুনক আৰু মাতৃ ঊষা ছুনকৰ পূৰ্বপুৰুষ আছিল পঞ্জাৱৰ৷ দুয়ো ব্ৰিটেইনৰ স্থায়ী বাসিন্দা হৈ পৰা সূত্ৰে ঋষি ছুনক জন্মাবধি ব্ৰিটিছ ঠিকেই, কিন্তু তেওঁ ভাৰতীয় মূলৰ৷ সেই দিশৰ পৰা ৰক্ষণশীল ব্ৰিটিছৰ চৰকাৰৰ মুৰব্বী এজন ভাৰতীয় মূলৰ ব্যক্তি হোৱাটো স্বাভাৱিকতে ভাৰতৰ বাবে গৌৰৱৰ বিষয়৷ কিয়নো দুশ বছৰ ধৰি ভাৰত শাসন কৰা, অন্যাৰ্থত ভাৰতক পদানত কৰি ৰখা ব্ৰিটিছে কেতিয়াও কল্পনাই কৰিব পৰা নাছিল যে এজন ভাৰত বংশোদ্ভৱ ৰাজনীতিকে কোনোবা এদিন ব্ৰিটিছক শাসন কৰিব৷ কিন্তু বিধিৰ কি বিধান, ভাৰতে যুঁজি ব্ৰিটিছৰ পৰা পৰাধীনতাৰ শিকলি ছিঙাৰ ৭৫ বছৰ পাছত এজন ভাৰতীয় বংশোদ্ভৱেই হৈ  পৰিল তেওঁলোকৰ শাসক, দেশৰ প্ৰধানমন্ত্ৰী৷ ব্ৰিটেইনৰ শতাব্দীপ্ৰাচীন ইতিহাসত কোনো কাহানিও নোহোৱা ঘটনা সম্ভৱ হ’ল৷ কিয়নো ইয়াৰ পূৰ্বে কেতিয়াও কোনো অশ্বেতাংগ আৰু কোনো ব্ৰিটিছ মূলৰ নোহোৱা ব্যক্তিয়ে ব্ৰিটেইন শাসন কৰাৰ সুযোগ পোৱা নাছিল৷ প্ৰকৃততে ৰক্ষণশীল ব্ৰিটিছে আন কাকো তেনে সুযোগ দিয়া নাছিল৷ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰথম প্ৰতিদ্বন্দ্বিতাতো অশ্বেতাংগ আৰু ভাৰতীয় মূলৰ হোৱাৰ বাবেই ঋষি ছুনকক কনজাৰভেটিভ দলৰ দুই লক্ষাধিক সদস্যই প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা নাছিল৷ তাৰ পৰিৱৰ্তে কনজাৰভেটিভ দলৰ সদস্যৰ মাজত হোৱা ভোটত দক্ষতা নথকা বুলি জনা সত্ত্বেও লিজ ট্ৰাছক বিজয়ী  কৰিছিল দলটোৰ সদস্যই৷ পিছে নিজৰ ব্যৰ্থতা উদঙাই দি লিজ ট্ৰাছে ৪৪ দিনৰ কাৰ্যকালৰ পাছতে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে আৰু ঋষি ছুনকৰ সন্মুখত আহি পৰিল দ্বিতীয়টো সুযোগ৷ দ্বিতীয় সুযোগ তেওঁ নেৰিলে আৰু অপ্ৰতিদ্বন্দ্বী হিচাপে অধিষ্ঠিত হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আসনত৷ এসময়ত সূৰ্য ডুব নোযোৱা দেশ ব্ৰিটেইনত এতিয়াৰ পৰা আৰম্ভ হ’ব ভাৰতীয় মূলৰ ৰাজনীতিক ঋষি ছুনকৰ ব্ৰিটিছৰাজ৷

১০ নং ডাউনিং ষ্ট্ৰীটৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক বাসভৱনত ভাৰতীয় মূলৰ ঋষি ছুনকৰ প্ৰৱেশ ইমান সহজ নাছিল৷ যদিও তেওঁ বৰিছ জনছন মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী আছিল তথাপি পদত্যাগ কৰাৰ পাছতো বৰিছ জনছনৰ তীব্ৰ প্ৰচেষ্টা আছিল কোনোমতে ঋষি ছুনকক প্ৰধানমন্ত্ৰী হোৱাৰ পৰা প্ৰতিহত কৰা৷ সেই কথা তেওঁ নিজ মুখেৰেই ৰাজহুৱাভাৱে ব্যক্ত কৰিছিল৷ অথচ কনজাৰভেটিভ দলৰ সাংসদে প্ৰাথমিকভাৱে কৰা নিৰ্বাচনৰ পাঁচটা  পৰ্যায়ত প্ৰথমৰ পৰা শেষলৈ শীৰ্ষত আছিল ঋষি ছুনক৷ অন্তিম পৰ্যায়ত অৰ্থাৎ যেতিয়া কনজাৰভেটিভ দলৰ সদস্যই ভোটদান কৰিবলগীয়া হ’ল তেতিয়াহে ঋষি ছুনকক অতিক্ৰমি বৰিছ জনছনৰ স্থান ল’লে আজন্ম ব্ৰিটিছ লিজ ট্ৰাছে৷  তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে পাৰ্টীগেট কেলেংকাৰিকে ধৰি একাধিক কেলেংকাৰিত পতিত হৈ তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰাৰ সময়তো বৰিছ জনছনে পদত্যাগ কৰাৰ কথা তেতিয়ালৈকে ভবা নাছিল, যেতিয়ালৈকে বিত্তমন্ত্ৰী ঋষি ছুনকে পদত্যাগ কৰা নাছিল৷ ছুনকে পদত্যাগ কৰাৰ লগে লগে জনছন মন্ত্ৰীসভাত পদত্যাগৰ ঢৌ উঠে আৰু অৱশেষত জ্জ জুলাইত বৰিছ জনছনে পদত্যাগ ঘোষণা কৰিবলৈ বাধ্য হয়৷ তেতিয়াই ঋষি ছুনকেই দেশখনৰ যোগ্যতম প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা হৈছিল৷ ৫৪ দিনৰ প্ৰধানমন্ত্ৰিত্বৰ যুঁজত অৱশেষত ছুনক পৰাভূত হ’বলগীয়া হৈছিল তেওঁ ভাৰতীয় বংশোদ্ভৱ আৰু অশ্বেতাংগ হোৱাৰ বাবে৷ পিছে দেশখনৰ কঠিন পৰিস্থিতিত এইবাৰ কনজাৰভেটিভ দলৰ সাংসদে ঋষি ছুনককে যোগ্য প্ৰধানমন্ত্ৰী হিচাপে বিবেচনা কৰিলে৷ অৱশ্যে এইবাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হ’বলৈ মনস্থ কৰিও সোমবাৰে আগবেলা সিদ্ধান্ত সলনি কৰিলে বৰিছ জনছনে৷ আনহাতে প্ৰাৰ্থিত্ব আগবঢ়ায়ো ১০০ জন সাংসদৰ সমৰ্থন গোটাব নোৱাৰি শেষমুহূৰ্তত ৰণভংগ দিলে পেনি মৰ্ডাণ্টে৷ সেয়ে নিৰ্বাচনৰ প্ৰয়োজন নোহোৱাকৈয়ে ঋষি ছুনক দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল৷ অন্যাৰ্থত প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনেও সোমবাৰে পুৱাই ছত্ৰভংগ দিবলৈ বাধ্য হয়৷ কিয়নো তেতিয়ালৈ জনছনেও ১০০ জন সাংসদৰ সমৰ্থন গোটাবলৈ সক্ষম হোৱা নাছিল৷ পুনৰ প্ৰধানমন্ত্ৰীৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এয়া সঠিক সময় নহয় বুলি জনছনে ছত্ৰভংগ দিয়ে৷ অথচ এদিন আগলৈকে তেওঁৰ মনোভাৱ আছিল ভিন্ন৷

দেশৰ কঠিন পৰিস্থিতিত লিজ ট্ৰাছে ৪৪ দিন কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰাৰ পাছত ঋষি ছুনকেই এইবাৰৰ যোগ্য প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে অনেকেই ধাৰণা কৰিছিল৷ কিন্তু যিজন প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ ফলত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসন খালী হৈছিল সেই বৰিছ জনছনে পদত্যাগ কৰাৰ চাৰিমাহ নৌহওতেই পুনৰ খালী হোৱা প্ৰধানমন্ত্ৰীৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটে৷  ডমিনিকান ৰিপাব্লিকত অৰ্থাৎ কেৰিবিয়ান দ্বীপপুঞ্জত বিলাসী ছুটিৰ দিন কটাই থকা বৰিছ জনছনে প্ৰাৰ্থিত্ব আগবঢ়োবাৰ বাবে শনিবাৰে দৌৰাদৌৰিকৈ লণ্ডনলৈ উভতি আহে৷ ফলত বৰিছ জনছনৰ প্ৰত্যাৱৰ্তন আৰু তেওঁৰ প্ৰধানমন্ত্ৰী পদ লাভ কৰাৰ আশা ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকৰ বাবে প্ৰবল বাধা হিচাপে থিয় দিয়ে৷ প্ৰথমে বৰিছ জনছনৰ পক্ষই ঋষি ছুনকক প্ৰাৰ্থিত্বৰ পৰা আঁতৰি থাকিবলৈ আহ৩ান জনাইছিল৷ এক বাৰ্তাত জনছনৰ পক্ষই ঋষি ছুনকক কৈছিল যে ২০২৪ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত কনজাৰভেটিভ দলক পুনৰ ক্ষমতাসীন কৰি ৰখাৰ ক্ষমতা কেৱল বৰিছ জনছনৰহে আছে৷ উল্লেখ্য, তিনি বছৰ পূৰ্বে অতি সোঁপন্থী নেতা বৰিছ জনছনে ব্যক্তিগত জনপ্ৰিয়তাৰে দলটোক ক্ষমতাত অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷ চৰ্চা হৈছে আগন্তুক নিৰ্বাচনত লেবাৰ পাৰ্টিৰ বিৰুদ্ধে এতিয়াৰ শাসনাধিষ্ঠিত কনজাৰভেটিভ দল পৰাজিত হ’ব৷ সেই নিৰ্বাচনত ঋষি ছুনকে দলক ৰক্ষা কৰিব নোৱাৰে বুলি কেবল বৰিছ জনছনেই নহয় দলৰ সকলো সমৰ্থক একমত আছিল৷ কিয়নো প্ৰশাসনীয় দক্ষতা থাকিলেও ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকৰ আহ৩ানত ব্ৰিটিছে এটা ৰাজনৈতিক দলক বিজয়ী নকৰে৷ তাৰবাবে জনছনৰ দৰে ব্যক্তিগত জনপ্ৰিয়তা থকা নেতাৰ প্ৰয়োজন৷ সেই কথা অৱগত কৰিয়েই বৰিছ জনছনে ঋষি ছুনকক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ পৰা আঁতৰি থাকি তেওঁক সমৰ্থন জনাবলৈ আহ্বান জনাইছিল৷ পিছে দেওবাৰে বৰিছ জনছনে তেওঁৰ সেই প্ৰস্তাৱ সামান্য সালসলনি কৰি ছুনকৰ সৈতে মুখামুখি আলোচনাত বহিবলৈ আহ্বান জনায়৷ বৰিছ জনছনৰ পক্ষই কয় যে তেওঁ অথবা ছুনক যিকোনো এজন দলৰ মুৰব্বী আৰু প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব৷ কোন প্ৰধানমন্ত্ৰী হ’ব সেয়া আলোচনাৰ মাধ্যমেৰে স্থিৰ হ’ব৷ প্ৰধানমন্ত্ৰী নোহোৱাজনক মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব দিয়া হ’ব৷ অৱশ্যে সেই আলোচনা নোহোৱাকৈয়ে

ঋষি ছুনক প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’বলৈ সক্ষম হ’ল৷ কিয়নো তাৰ পূৰ্বেই ৰাজনীতিৰ বতাহৰ সোঁত বুজি বৰিছ জনছন আঁতৰি পৰিল৷ আনহাতে প্ৰথমে প্ৰাৰ্থিত্ব ঘোষণা কৰা পেনি মৰ্ডাণ্টৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ২৪-২৫ জন সাংসদে৷ তেওঁ এশজন সাংসদৰ সমৰ্থন গোটাবলৈ সক্ষম নহ’ল৷ সেয়ে নিৰ্বাচন অনুষ্ঠিত নহ’ল৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে দেশৰ শীৰ্ষৰ পদলৈ ৰাওনা হ’ল ছুনক৷ অন্যথা নিৰ্বাচন অনুষ্ঠিত হ’লহেঁতেন আৰু এসপ্তাহৰ ভিতৰত কনজাৰভেটিভ দলৰ মুৰব্বী অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন হ’লহেঁতেন৷ কনজাৰভেটিভ দলৰ মুখ্য সাংসদৰ সংখ্যা ৩৫৭ জন৷ ইয়াৰে ১০০ জনৰ সমৰ্থন যি আদায় কৰিব পাৰিব তেওঁ আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰিলেহেঁতেন৷ সেই হিচাপত সৰ্বাধিক প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছিল ৩ জন৷ তেতিয়া ৩৫৭ জন সাংসদে ভোটদান কৰি¸ নূন্যতম ভোট পোৱা প্ৰাৰ্থীজনক আঁতৰাই পঠিয়ালেহেঁতেন৷ তাৰ পাছত দ্বিতীয়বাৰৰ বাবে সাংসদসকলে ভোটদান কৰি তেওঁলোকৰ পছন্দৰ প্ৰধানমন্ত্ৰী কোন তাৰ ইংগিত দিলে সেই দুজন প্ৰাৰ্থীৰ মাজৰ পৰা এজনক কনজাৰভেটিভ দলৰ মুৰব্বী অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অনলাইন ভোটৰ জৰিয়তে নিৰ্বাচন কৰাৰ কথা আছিল প্ৰায় দুই লক্ষাধিক কনজাৰভেটিভ দলৰ সদস্যৰ৷ কিন্তু বৈধ প্ৰাৰ্থী এজন হোৱাৰ বাবে কোনো নিৰ্বাচনৰ প্ৰয়োজন নহ’ল৷

প্ৰধানমন্ত্ৰীৰ আসন নিশ্চিত কৰাৰ পাছত ঋষি ছুনকে দুপৰীয়া আঢ়ৈ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি এটা চমু ভাষণ প্ৰদান কৰে৷ সেই ভাষণত তেওঁ দেশবাসী আৰু ঘাইকৈ কনজাৰভেটিভ দলৰ সকলো সাংসদক একগোট হৈ চৰকাৰক সমৰ্থন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– হয় চৰকাৰক পূৰ্ণ ৰূপত সমৰ্থন কৰা, নতুবা মৃত্যুৰ মুখলৈ আগবাঢ়া৷ অহা ২৮ অক্টোবৰত ঋষি ছুনকে ব্ৰিটেইনৰ ৫৭ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ মঙলবাৰে দেশৰ নতুন সম্ৰাট চাৰ্লছে ছুনকৰ হাতত প্ৰধানমন্ত্ৰীৰ নিয়োগপত্ৰ তুলি দিব৷ চাৰ্লছৰ বাবেও সেয়া হ’ব সম্ৰাট হিচাপে প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নিযুক্তি৷ ঋষি ছুনক যিসময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে, এয়া দেশখনৰ বাবে অতি সংকটৰ সময়৷ মূলতঃ অৰ্থনৈতিক সংকটত ভুগি থকা ব্ৰিটেইনৰ নাগৰিকৰ বাবে এতিয়া জীৱন নিৰ্বাহ কঠিন হৈ পৰিছে৷ অতিৰিক্ত কৰৰ বোজাই সকলোৰে জীৱন আৰু জীৱিকা কঠিন কৰি তুলিছে৷  এসময়ৰ বিত্তমন্ত্ৰী ঋষি ছুনকে দেশখনক সেই সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি চৰম প্ৰত্যাশাৰে দলৰ সাংসদে তেওঁক নিৰ্বাচিত কৰিছে৷ ঋষি ছুনকে দায়িত্ব লৈয়েই  মধ্যৱৰ্তী নিৰ্বাচনৰ সম্ভাৱনা অস্বীকাৰ কৰিছে৷ আশা কৰা হৈছে ঋষি ছুনকে তেওঁৰ ওপৰত দেখুওৱা প্ৰত্যাশা পূৰণ কৰিব পাৰিব৷