Logo
image

পূব আফ্ৰিকাৰ পৰা আহিছিল হিন্দু দম্পতী য়াছবিৰ-ঊষা

আমাৰ অসম, ২৫ অক্টোবৰঃ সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ব্ৰিটেইনৰ শাসনাধিষ্ঠিত কনজাৰভেটিভ দলৰ মুৰব্বী আৰু  সেই সূত্ৰে দেশখনৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰা ভাৰত বংশোদ্ভৱ ঋষি ছুনকৰ জন্ম হৈছিল ১৯৮০ চনৰ ১২ মে’ত ছাউডাম্পটনত৷ তেওঁৰ পিতৃ য়াছবীৰ ছুনক আৰু মাতৃ ঊষা ছুনক পূৱ আফ্ৰিকাৰ পৰা আহি ইংলেণ্ডত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল৷ পিতৃ আছিল ‘নেশ্যনেল হেলথ ছাৰ্ভিচ জেনেৰেল প্ৰেক্টিচনাৰ’ আৰু মাতৃয়ে এখন ঔষধৰ দোকান পৰিচালনা কৰিছিল৷ ঋষি ছুনকে  উইনচেষ্টাৰ কলেজত পঢ়াশুনা কৰি স্নাতক ডিগ্ৰী লোৱাৰ পাছত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লিংকন কলেজৰ পৰা দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতিৰ স্নাতক ডিগ্ৰী লৈছিল৷ পৰৱৰ্তী সময়ত আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল এম বি এ ডিগ্ৰী৷ প্ৰথমবাৰৰ বাবে তেওঁ ৰিচমণ্ডৰ পৰা কনজাৰভেটিভ দলৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ পাছত ২০১৭ আৰু ২০১৯ চনতো তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ বৰিছ জনছন মন্ত্ৰীসভাত তেওঁ আছিল বিত্তমন্ত্ৰী৷ প্ৰথমৰ পৰাই তেওঁ ব্ৰিটেইনৰ ৰাজনীতিত চৰ্চিত নাম আছিল৷ দায়িত্ব লাভ কৰা প্ৰতিটো ক্ষেত্ৰতো তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল৷ ঘাইকৈ বিত্তমন্ত্ৰী হিচাপে ছুনকৰ দক্ষতা আছিল আকৰ্ষণীয়৷ সেয়ে ভাৰতীয় বংশোদ্ভৱ হোৱা সত্ত্বেও ছুনকে এদিন নিজ দল আৰু দেশক নেতৃত্ব দিব বুলি ধাৰণা কৰা হৈছিল৷ উল্লেখ্য ঋষি ছুনকৰ পত্নী   অক্ষতা ছুনক হৈছে ভাৰতৰ বিখ্যাত তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ইনফ’ছিছৰ সহ প্ৰতিষ্ঠাতা নাৰায়ণ মূৰ্তিৰ কন্যা৷ দুয়োৰে কৃষ্ণা আৰু অনুষ্কা নামৰ দুগৰাকী জীয়ৰী আছে৷ অক্ষতা মূৰ্তি এতিয়াও ভাৰতীয় নাগৰিক হৈ থকাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত বহুসময়ত বাধাৰ সন্মুখীন হৈছিল ঋষি ছুনক৷ ভাৰতীয় হোৱাৰ সুবাদত ব্ৰিটেইনত ব্যৱসায় কৰিও  অক্ষতা ছুনকে কৰ আদায় নিদিয়াৰ বাবে বিতৰ্কৰ গৰাহত পৰিছিল স্বামী ঋষি ছুনক৷ ৰাজনীতি কৰিলেও ঋষি ছুনক ব্ৰিটেইনৰ অন্যতম বিত্তশালী ব্যক্তি৷ পত্নী আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ভাৰতীয় মুদ্ৰাত ৬,৮০০ কোটি টকাৰো অধিক৷ দুয়োৰে লণ্ডনত এটা বিলাসবহুল বাসভৱন আছে৷ ছাউডাম্পটনতো আছে অনুৰূপ বিশাল বাসভৱন৷ পত্নীৰ ব্যৱসায় সূত্ৰে দুয়োৰে সম্পত্তিৰ পৰিমাণ ঈৰ্ষণীয়৷ পিছে অৰ্থনীতি আৰু ৰাজনীতি দুয়োটা বিষয়ৰে অগাধ পণ্ডিত মাথোঁ ৪২ বছৰ বয়সীয়া ঋষি ছুনক এজন দক্ষ ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদো৷ সেয়ে কনজাৰভেটিভ দলৰ সকলো সাংসদে এই মুহূৰ্তত ভাৰতীয় মূলৰ হোৱা সত্ত্বেও ঋষি ছুনকৰ ওপৰতে দেশ পৰিচালনাৰ দায়িত্ব অৰ্পন কৰিছে৷