Logo
image

কাৰ্গিলত সেনাৰ সৈতে মোদীৰ দীপাৱলী

আমাৰ অসম, ২৫ অক্টোবৰঃ দেৱালীৰ পুৱাই কাৰ্গিলৰ সেনা জোৱানসকলৰ কাষত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সেনা জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে দেৱালী উদ্‌যাপন কৰে৷ প্ৰধানমন্ত্ৰীৰ মতে ইয়াতকৈ ভাল দেৱালী তেওঁ আৰু ক’তোৱেই পালন কৰিব নোৱাৰিলেহেঁতেন৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছৰ পৰাই দেৱালীৰ দিনটো সেনা জোৱানৰ সৈতে কটোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ সোমবাৰে দেৱালী উপলক্ষে প্ৰধানমন্ত্ৰী উপস্থিত হয় লাডাখৰ কাৰ্গিলত৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে জোৱানসকলক নিজৰ ‘পৰিয়াল’ বুলি সম্বোধন কৰি কয়– মই দেৱালীৰ সকলো আনন্দ আপোনালোকৰ মাজত থাকি কটাব বিচাৰিছো৷ সীমান্তত সেনা বাহিনীয়ে পালন কৰা ভূমিকাক উচ্ছ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়– কাৰ্গিলত আমাৰ সেনাজোৱানসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি ইয়াক ধবংস কৰিলে৷ মই নিজেই তাৰ সাক্ষী৷ আজি যেতিয়া ইয়াত উপস্থিত হও তেতিয়া সেই পুৰণি ছবিবিলাক মোক দেখুওৱা হৈছে৷ ছবিবিলাক চাই পুৰণি স্মৃতি মনত পৰি গৈছে৷ পাকিস্তানৰ সৈতে ভাৰতৰ এনেকুৱা কোনো যুঁজ নাই য’ত কাৰ্গিলৰ বিজয় পতাকা উৰা নাই৷ ইয়াত কৰ্তব্যৰত সেৱা জোৱানসকলৰ ভূমিকা সঁচাকৈয়ে অতি প্ৰশংসনীয়৷ সীমান্ত সুৰক্ষিত আৰু অৰ্থনীতি মজবুত হ’লেই এখন দেশ নিৰাপদ হয়৷ বিগত ৭/৮ বছৰত ভাৰতৰ অৰ্থনীতি দশম স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হৈছে৷ যুদ্ধবিধবস্ত ইউক্ৰেইনতো দেশখনৰ নাগৰিকসকলৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় পতাকাই৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথম দীপাৱলী উদ্‌যাপন কৰিছিল চিয়াচেনত৷ তাৰ পাছত অমৃতসৰ, লাহুল-স্পিতি, গুৰেজ, চামোলি, ৰাজৌৰি, জয়চালমেৰ, নৌছেৰাত সেনা জোৱানসকলৰ সৈতে দেৱালীৰ আনন্দ উদ্‌যাপন কৰে মোদীয়ে৷ চলিত বৰ্ষত কাৰ্গিলত সেনাসকলৰ সৈতে দেৱালী উদ্‌যাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ আজি কাৰ্গিলত প্ৰধানমন্ত্ৰীৰ মোদীক সেনাৰ সাজত দেখিবলৈ পোৱা যায়৷ প্ৰধানমন্ত্ৰীয়ে সেনাই ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ নিৰীক্ষণ কৰাৰ উপৰিও নিজহাতে সেনা জোৱানসকলৰ মাজত দেৱালীৰ মিঠাইও বিতৰণ কৰে৷