Logo
image

নৱেম্বৰৰ প্ৰথম সপ্তাহতে তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল

আমাৰ অসম, ২৫ অক্টোবৰঃ বহু প্ৰত্যাশিত অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল নৱেম্বৰৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব৷ বিগত ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ ১৩,৩০০ টা বিভিন্ন পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ ৰাজ্যৰ প্ৰায় ৯ লাখ ২০ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হোৱা অ’এমআৰ ভিত্তিক লিখিত পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰিছে পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা ছেবাই৷ ইতিমধ্যে ছেবা কতৃৰ্পক্ষই ফলাফল সাজু কৰাৰ সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগক অৱগত কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেউজ সংকত দিলেই নৱেম্বৰৰ প্ৰথম সপ্তাহতে তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে৷ অৱশ্যে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা এসপ্তাহ হ’বৰ হ’ল যদিও ছেবাই আজিও কাট অব্‌ মাৰ্ক তথা প্ৰাৰ্থীসকলে লাভ কৰা নম্বৰ তালিকা ৰাজহুৱা নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷