Logo
image

কাল ধুমুহা আহিছে ৰাজ্যৰো আকাশ গোমা

বংগোপসাগৰৰ পৰা ঢাঁহি-মুহি আহিছে চিত্ৰাং

আমাৰ অসম, ২৫ অক্টোবৰঃ নিম্নচাপৰ পৰা ঘূৰ্ণি আৰু ঘূৰ্ণিৰ পৰা প্ৰবল ঘূৰ্ণিবৃষ্টি বা চাইক্লনত পৰিণত হোৱা চিত্ৰাঙৰ ত্ৰাসত কম্পমান ভাৰত আৰু বাংলাদেশ৷ মঙলবাৰে পুৱতি নিশা চাইক্লন চিত্ৰাঙে ঘণ্টাত ১০০ কিলোমিটাৰৰো অধিক বেগত বাংলাদেশৰ বৰিশাল উপকূলত খুন্দা মৰাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে৷ অৱশ্যে তাৰ পূৰ্বেই চাইক্লন চিত্ৰাঙৰ প্ৰবল শক্তিয়ে  আঘাত কৰিব পশ্চিমবংগৰ দুই উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা জিলাত৷ এতিয়াও পশ্চিমবংগৰ সাগৰ দ্বীপৰ পৰা ৩০০ কিলোমিটাৰ দূৰত থকা  চিত্ৰাং চাইক্লনে ক্ৰমশঃ নিজৰ গতি বৃদ্ধি কৰিছে৷ পুৱাৰ ভাগত ঘণ্টাত ২০ কিলোমিটাৰ গতিত আগবঢ়া চিত্ৰাঙৰ গতিয়ে সন্ধিয়ালৈ ঘণ্টাত ৩৩ কিলোমিটাৰ অতিক্ৰম কৰিছে৷ গতি আৰু বৃদ্ধি কৰি মঙলবাৰে পুৱতি নিশা অথবা পুৱাৰ ভাগত চিত্ৰাঙৰ ‘লেণ্ডফল’ হ’ব বাংলাদেশৰ বৰিশালৰ তিনকোনা দ্বীপ আৰু সন্দ্বীপৰ মাজভাগত৷ সোমবাৰে সন্ধিয়া পৰ্যন্ত চিত্ৰাং বৰিশালৰ পৰা ৩০০ কিলোমিটাৰতকৈ অধিক দূৰত আছে৷ এতিয়ালৈকে চিত্ৰাঙে নিজৰ দিশ পৰিৱৰ্তন কৰা নাই আৰু যদি একেদৰেই অপৰিৱৰ্তনীয় দিশেৰে চিত্ৰাং আগবাঢ়ি থাকে তেন্তে ই বৰিশালতে আচাৰ খাই পৰাটো একপ্ৰকাৰ নিশ্চিত৷ লেণ্ডফল বা ভূমিভাগত খুন্দা মৰাৰ সময়ত চিত্ৰাঙৰ বতাহৰ বেগ ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব৷ এতিয়া চিত্ৰাং আগবাঢ়ি থকা গতি আৰু চিত্ৰাং চাইক্লনৰ জলকণিকাৰ ঘূৰ্ণনৰ গতি দুয়োটা পৃথক৷ চিত্ৰাঙৰ জলকণাই বংগোপসাগৰৰ পৰা শক্তি আহৰণ কৰি যি প্ৰবল গতিত ঘূৰ্ণীয়মান হৈ আগবাঢ়িছে, সেই গতি ঘণ্টাত ৩০০ কিলোমিটাৰৰো অধিক৷ সেই গতিৰ প্ৰভাৱত চিত্ৰাং উপকূলৰ পৰা ৩০০ কিলোমিটাৰ দূৰত থাকোতেই পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা আৰু উত্তৰ ২৪ পৰগনা জিলাত সোমবাৰে প্ৰবল ধুমুহা আৰু বৃষ্টিপাত হৈছে৷ তদুপৰি কলকাতা আৰু হাওৰাত সোমবাৰে পুৱাৰ পৰাই নেৰানেপেৰা বৰষুণ আৰু ধুমুহা বৰষুণে জনজীৱন স্তব্ধ কৰি দিছে৷ পশ্চিমবংগৰ উপকূলৱৰ্তী অঞ্চলৰ পৰা কেইবাহাজাৰ পৰিয়ালক ইতিমধ্যে নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে৷ পৰ্যটনস্থলী দীঘা পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পশ্চিমবংগৰ সাগৰদ্বীপ আৰু সুন্দৰবন অঞ্চল চিত্ৰাঙৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব৷ 


অৱশ্যে চিত্ৰাঙে সৰ্বাধিক ক্ষতি কৰিব বাংলাদেশক৷ কিয়নো চিত্ৰাং আচাৰ খাই পৰিব বাংলাদেশৰ ভূমিভাগত৷ ইতিমধ্যে ৰাজধানী ঢাকাত ধুমুহা বৰষুণ আৰম্ভ হৈছে আৰু বৰিশালক বেগী ধুমুহা আৰু প্ৰবল বৃষ্টিয়ে কোবাই গৈছে৷ বাংলাদেশৰ কমেও ১৪খন জিলাত চাইক্লন চিত্ৰাঙে ধবংসযজ্ঞ চলোৱাৰ আশংকা কৰা হৈছে৷ ফলত বাংলাদেশৰ পৰা অহা যোৱা কৰা সকলো বিমানৰ চলাচল সোমবাৰে বিয়লিৰ পৰা বন্ধ কৰি দিয়া হৈছে৷


বৰিশালৰ সমীপৱৰ্তী তিনকোনা দ্বীপ আৰু সন্দ্বীপৰ মাজত লেণ্ডফল হ’লেও চাইক্লন চিত্ৰাঙৰ শক্তি তাতে  নিঃশেষ হৈ নাযায় বুলি ধাৰণা কৰা হৈছে৷ বাংলাদেশত প্ৰবল ক্ষতিসাধন কৰাৰ পাছত চিত্ৰাঙে ধুমুহা আৰু বৰষুণৰ ৰূপ লৈ অসম তথা উত্তৰ পূবত প্ৰৱেশ কৰিব৷ চিত্ৰাঙে উত্তৰ পূবৰ সৰ্বাধিক ক্ষতি কৰাৰ আশংকা আছে মেঘালয়ত৷ সোমবাৰে মেঘালয় চৰকাৰে আগতীয়াকৈ সতৰ্কতা জাৰি কৰি কোনো পৰ্যটকক অহা ৩ দিনলৈ ৰাজ্যখনলৈ নাহিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি চিত্ৰাঙৰ ফলত অসমৰ কেইবাকনো জিলাত মঙলবাৰ, বুধবাৰে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বলিব৷ অসমত অহা তিনিদিনলৈ অৰ্থাৎ বৃহস্পতিবাৰ পৰ্যন্ত নেৰানেপেৰা বৰষুণ থাকিব৷