Logo
image

ঠংচিৰ সৈতে সভাপতিত্বৰ দৌৰত সূৰ্য, তাছা, পাটগিৰিও

আমাৰ অসম, ২৫ অক্টোবৰঃ অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া তুংগত উঠিছে৷ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে ইতিমধ্যে ১৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে৷ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে প্ৰাৰ্থীসকলে৷ ২০, ২১ আৰু ২২ অক্টোবৰত যোৰহাটস্থিত প্ৰধান কাৰ্যালয়ৰ পৰা মনোনয়ন-পত্ৰ সংগ্ৰহ কৰে প্ৰাৰ্থীসকলে৷ ২৬ আৰু ২৭ অক্টোবৰত অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দাখিল কৰিব লাগিব৷ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ দিন ধাৰ্য কৰা হৈছে ২৮ অক্টোবৰ৷ ২৯, ৩০ আৰু ৩১ অক্টোবৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব৷ বেলট কাকত বিতৰণ কৰা হ’ব ২ পৰা ৫ নৱেম্বৰত৷ ভোটদানৰ শেষ তাৰিখ ১৩ নৱেম্বৰ৷ ৪ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ বেলট-কাকতসমূহ জমা হ’ব লাগিব নিৰ্দিষ্ট বাকচত৷ ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোটৰ বাকচ বন্ধ কৰা হ’ব৷ আৰু সেইদিনাৰ পৰাই ভোট বাকচ থাকিব গুৱাহাটীৰ পাণবজাৰ থানাৰ আৰক্ষীৰ জিম্মাত৷ ভোট গণনাৰ দিন নিৰ্ধাৰণ কৰিব অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে৷ অসম সাহিত্য সভাৰ সূত্ৰই সদৰী কৰা মতে– সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে ইতিমধ্যে ছগৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে৷ সভাপতি পদৰ বাবে প্ৰখ্যাত সাহিত্যিক য়েছে দৰজে ঠংচিৰ উপৰি সূৰ্য হাজৰিকা, প্ৰহ্লাদ তাছা, নাহেন্দ্ৰ পাডুন, ড॰ জগদীশ পাটগিৰি আৰু ড॰ ৰোমান শৰ্মাই মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে৷ উপ-সভাপতি পদৰ বাবে ধীৰেন শৰ্মা [গুৱাহাটী], গিৰিশ সন্দিকৈ [তিনিচুকীয়া], গণেশ চন্দ্ৰ নাথ [বাগ্‌সা], গোবিন্দ তালুকদাৰ [বৰপেটা], বসন্ত কুমাৰ শৰ্মা [পাঠশালা] আৰু পৱিত্ৰ বৰবৰাই [গোলাঘাট] মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে৷ প্ৰধান সম্পাদক পদৰ বাবে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ [দৰং] উপৰি সভাৰ বৰ্তমানৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰা [গুৱাহাটী], বৰ্তমানৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা [ধুবুৰী], ৰমানন্দন বৰা [যোৰহাট], অনুপ বৰঠাকুৰ [হোজাই] আৰু চহিৰ ভূঞাই [দৰং] মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে৷