দিল্লীত লাচিত দিৱস, উপস্থিত থাকিব মোদী-অমিত শ্বাহ
আমাৰ অসম, ২৬ অক্টোবৰঃ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি অসম চৰকাৰে এইবাৰ নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিব লাচিত দিৱস৷ সমাগত ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন কৰা লাচিত দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ৷ অসমীয়াৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা আৰু ছয়শ বছৰীয়া আহোম ৰাজ শাসনক দেশৰ আগত উপস্থাপন কৰাৰ লক্ষ্যৰে ৰাজধানী চহৰখনত এই দিৱসৰ আয়োজন কৰিছে অসম চৰকাৰে৷ মহান বীৰজনৰ অদম্য সাহস, পৰাক্ৰম তথা স্বদেশ প্ৰেমক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ প্ৰয়াসেৰে আয়োজন কৰা লাচিত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত এখন বৈঠকত মিলিত হয় জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্ত, জনসংযোগৰ আয়ুক্ত সচিব দিগন্ত বৰা, অসম পৰ্যটন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰা উপস্থিত থাকে৷ উল্লেখ্য, দিল্লীৰ লাচিত দিৱসৰ কাৰ্যসূচীত মহাবীৰজনৰ জীৱন পৰিক্ৰমাক সামৰি নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ মুকলি কৰাৰ লগতে এখন কফিবুক উন্মোচন কৰা হ’ব৷ তদুপৰি শৰাইঘাটৰ যুদ্ধ আৰু আলাবৈ ৰণ তথা আহোম ৰাজত্ব কালৰ সম্পদৰ প্ৰদৰ্শনীৰ লগতে আলোচনা-চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হ’ব৷






