Logo
image

শতিকাৰ ম্লানতম দীপাৱলী

চিত্ৰাং, চৰকাৰী বিধি-নিষেধ, গ্ৰীন ক্ৰেকাৰ্ছ, মূল্যবৃদ্ধিৰ প্ৰভাৱ

আমাৰ অসম, ২৬ অক্টোবৰঃ ম্লান, অতি ম্লানভাৱে দীপাৱলী পালন কৰিলে অসমৰ জনতাই৷ পোহৰৰ উৎসৱ দীপাৱলী এইবাৰ অসমত ইমানেই ম্লান হৈ পৰিল যে অনেকেই ২০২২ চনৰ দীপাৱলী চলিত শতিকাৰ সৰ্বাধিক ম্লান দীপাৱলী বুলিয়েই অভিহিত কৰিছে৷ চলিত শতিকাৰ বিগত ২২ বছৰতে নহয়, সম্ভৱতঃ স্মৰণকালত এয়াই আছিল অসমৰ আটাইতকৈ ম্লানতম দেৱালী৷ এইবাৰৰ দীপাৱলী ইমানেই ম্লান হৈ পৰিছিল যে বিদ্যুৎ বিভাগৰ কৃপাত নিশাটো বিদ্যুৎ নথকা হ’লে অমাবস্যাৰ নিশা অমানিশাত ডুবিলেহেঁতেন সমগ্ৰ অসম৷ পোহৰৰ উৎসৱত সোমবাৰে নিশা যি পোহৰ বৰ্তি আছিল সেয়া আছিল দোকানে-পোহাৰে জ্বলোৱা বিদ্যুতৰ কৃত্ৰিম পোহৰ মাথোঁ৷ অসমজুৰি নাছিল আতচবাজী, শুনিবলৈ পোৱা হোৱা নাছিল মুহূৰ্মুহু ফটকা-বোমাৰ শব্দ, দেখিবলৈ পোৱা নাছিল আকাশ ধিয়াই উৰি যোৱা ৰং-বিৰঙৰ আতচবাজীৰ পোহৰ৷ ৰৈ ৰৈ ক’ৰবাত কেতিয়াবা শুনিবলৈ পোৱা গৈছিল দুই-এটা ফটকা-বোমাৰ আৱাজ, তেনে শব্দ একোখন বিলাসী বিয়াতো অধিক শুনিবলৈ পোৱা যায়৷ আলোক বিলোৱা ফুলজাৰিৰ ৰঙীন পোহৰ, কলগছৰ দৌলাকৃতিত জ্বলি উঠা পোহৰৰ চিটিকণি সোমবাৰে দেখা পোৱা নগৈছিল সমগ্ৰ ৰাজ্যত৷

অসমত সোমবাৰে সম্ভৱতঃ সৰ্বকালৰ আৰু নিশ্চিতভাৱে চলিত শতিকাৰ সবাটোকৈ ম্লান দীপাৱলী উদ্‌যাপিত হোৱাৰ কাৰণ দেধাৰ৷ এইবাৰৰ ম্লান দীপাৱলীৰ মূল দানব আছিল চিত্ৰাং নামৰ বংগোপসাগৰত উপজি পশ্চিম বংগক স্পৰ্শ কৰি গৈ বাংলাদেশৰ বৰিশালত ‘লেণ্ডফল’ বা পতিত হোৱা চাইক্ল’ন৷ এই চাইক্ল’নৰ প্ৰভাৱত পশ্চিম বংগৰ লগতে সমগ্ৰ অসমত সোমবাৰে পুৱাৰ পৰা আৰম্ভ হৈছিল কিনকিনিয়া বৰষুণ আৰু বতাহ৷ সেইজাক বৰষুণ আৰু বতাহে সোমবাৰে, অক্টোবৰৰ শেষতে ৰাজ্যলৈ শীত কঢ়িয়াই অনাই নহয়, পোহৰৰ উৎসৱক সম্পূৰ্ণৰূপে পণ্ডই কৰি পেলালে৷ একেৰাহে পুৱাৰ পৰা শেষনিশালৈকে নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত সকলোৰে মুকলিলৈ ওলাব নোৱাৰা অৱস্থা৷ অলপমান পানী নপৰা মুকলি ঠাই নাথাকিলে ফটকা-বোমা ফুটাই ক’ত, ফুলজাৰি-কলগছ জ্বলাই কিদৰে? সেয়ে দুই একে পোৱা সামান্য মুকলি ঠাইত যি দুই-এটা আতচবাজী জ্বলালে তাতে শেষ হ’ল এইবাৰৰ ম্লান দীপাৱলী৷ সাধাৰণতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ চহৰত সকলো দোকান-ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত কলগছ পুতি যিদৰে শাৰী শাৰী চাকি জ্বলোৱা হয়, বৰষুণৰ অত্যাচাৰত সেয়াও সম্ভৱ নহ’ল৷ মহানগৰীৰ সমীপৰ গাঁৱৰ পৰা বিক্ৰী কৰিবলৈ অনা কলগছবোৰ আজি তেনেদৰেই অবিক্ৰীত অৱস্থাত ছেদেলি ভেদেলি হৈ পৰি থকা দেখা গ’ল৷ বৰষুণৰ বাবেই দেখা নগ’ল আতচবাজীৰ দোকান৷ সততে এনে দোকান অস্থায়ী চালিৰে মুকলি স্থানত দিয়া হয়৷ বৰষুণৰ ফলত আতচবাজী তিতি সেমেকি যোৱাৰ ভয়ত মহানগৰীত দোকানেই নবহিল৷

প্ৰশাসনৰ বাধ্যবাধকতা আৰু সাধাৰণ নাগৰিকৰ আৰ্থিক দুৰৱস্থাও এই ম্লান দীপাৱলীৰ অন্যতম কাৰণ৷ প্ৰশাসনে কেৱল গ্ৰীণ আতচবাজীহে জ্বলোৱা আৰু ফুটাবলৈ অনুমতি দিছিল৷ এনেই বৰষুণৰ ফলত দোকান নাই আৰু থকাকেইখনতো গ্ৰীণ আতচবাজী নাই৷ সেয়ে ফটকা-বোমা ফুটাই কিদৰে৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজ সমষ্টি বাৰানসীত লাখ লাখ চাকি জ্বলাই, সেনাৰ সৈতে কাৰ্গিলত দীপাৱলী পালনৰ বিলাসীতা কৰিব পাৰিলেও আৰ্থিক সংকটত ভোগা দেশবাসী, অসমবাসী অনেকৰে হাতত আতচবাজী জ্বলাবলৈ, মিঠাতেল কিনি চাকি জ্বলাবলৈ ধন নাই৷ সেয়ে এদিন পূৰ্বে টীম ইণ্ডিয়াই পাকিস্তানক টি-২০ বিশ্বকাপত বধি, ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈ সকলোকে দীপাৱলী উদ্‌যাপনৰ বাবে প্ৰৰোচিত কৰিলেও ম্লান হৈ ৰ’ল অসমৰ দীপাৱলী৷ ম্লান এই শতিকাৰ, সম্ভৱতঃ সৰ্বকালৰ৷

গুৱাহাটীত বৰষুণে ম্লান কৰিলে দীপাৱলীৰ উছাহ

পোহৰৰ উৎসৱ দীপাৱলী উদ্‌যাপনৰ সময়তে বৰষুণে বিধি-পথালি দিছে৷  শাৰদীয় দুৰ্গোৎসৱ সোমবাৰৰ পৰা কাতি বিহুৰ পাছত এতিয়া ৰাজ্যজুৰি উদ্‌যাপন কৰা হৈছে কালীপূজা আৰু পোহৰৰ বৰ্ণময় উৎসৱ দীপাৱলী৷ পোহৰৰ উৎসৱ দীপাৱলীত ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অনুসৰি মহানগৰীৰ ঘৰে ঘৰে চাকি বন্তি প্১৮লন কৰা হয়৷ পৰম্পৰাগত মাটিৰ চাকি জ্বলোৱাৰ লগতে মহানগৰবাসীয়ে আতচ্‌-বাজী আৰু ৰং-বিৰঙী লাইটেৰে পোহৰৰ উৎসৱ দীপাৱলীক বিশেষ মাত্ৰা প্ৰদান কৰে৷ দীপাৱলী উপলক্ষে কেইবাদিন ধৰি মহানগৰীৰ ভিন্ন প্ৰান্তত মাটিৰ চাকি, ফটকা, কলপুলি আৰু বৰপেটাৰ আতচ্‌-বাজী বিক্ৰী কৰা পৰিলক্ষিত হয়৷ একে সময়তে বিভিন্ন প্ৰান্তৰ পৰা অনা কলপুলিৰে মহানগৰীৰ বজাৰ উভৈনদী হৈ পৰে৷ পদপথত মাটিৰ চাকি আৰু কলপুলিকে ধৰি দীপাৱলীৰ অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ শ শ লোকে বজাৰত ভিৰ কৰা পৰিলক্ষিত হয়৷ বৰষুণে বিধি-পথালি দিয়াৰ বাবে ফটকা ব্যৱসায়ীসকল বহু লোকচানৰ সন্মুখীন হোৱা বুলি গণেশগুৰি আৰু ছয়মাইলৰ ফটকা ব্যৱসায়ীসকলে ব্যক্ত কৰে৷ বিয়লিৰ পৰা নিশাপৰ্যন্ত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে আজি মহানগৰীত উচ্ছ প্ৰাবল্যৰ ফটকাৰ শব্দ শুনিবলৈ পোৱা নগ’ল৷ অৱশ্যে পাৰিপাশ্বিৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী আৰু জিলা প্ৰদূষণ নিয়ন্ত্ৰণ কতৃৰ্পক্ষৰ লগতে ব্যক্তিবিশেষে মহানগৰবাসীক সেউজ দীপাৱলী উদ্‌যাপনৰ বাবে আহ্বান জনায়৷ সেয়েহে পূৰ্বৰ তুলনাত এইবেলি মহানগৰীত সেউজ দীপাৱলী উদ্‌যাপনৰ প্ৰতি সৰ্বসাধাৰণ নাগৰিকে মনোনিৱেশ কৰা পৰিলক্ষিত হয়৷ পোহৰৰ উৎসৱ দীপাৱলী ফটকা আৰু আতচ্‌-বাজী বৰ্জন কৰি কেৱল পোহৰেৰে উদ্‌যাপন কৰিবলৈ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে আহ্বান জনাইছিল৷ কিন্তু দীপাৱলীৰ এই উছৱমুখৰ পৰিৱেশৰ মাজতে কালি বিয়লিৰ পৰা হোৱা নেৰানেপেৰা বৰষুণে পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ ম্লান কৰা পৰিলক্ষিত হয়৷ নেৰানেপেৰা বৰষুণৰ বাবে ফটকা আৰু আতচ্‌-বাজীৰ কাৰ্যসূচী সীমিত হোৱা পৰিলক্ষিত হয়৷ আনকি বহু লোকে ফটকা আৰু আতচ্‌-বাজীৰ বিপৰীতে কেৱল চাকিৰে পোহৰৰ উৎসৱ পালন কৰিবলগীয়া হয়৷ ইপিনে, পোহৰৰ উৎসৱৰ মাজতে পানীখাইটিত বিগত দুদিন ধৰি বিদু্যৎ সেৱা কৰ্তন কৰি ৰখাত অঞ্চলবাসী ক্ষুণ্ণ হৈ আছে৷ অঞ্চলবাসীয়ে শীঘ্ৰেই বিদু্যৎ যোগান ধৰিবলৈ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নাৰেংগী সংমণ্ডলৰ এছ ডি অ’ৰ ওচৰত দাবী জনাই যদিও বিষয়াজনে কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ কৰে৷