Logo
image

দুঘণ্টা হোৱাট্‌ছএপ বন্ধ আধুনিক জীৱনৰো ছন্দপতন

আমাৰ অসম, ২৬ অক্টোবৰঃ জনপ্ৰিয় মাৰ্কিন মেছেজিং ছাৰ্ভিচ হোৱাট্‌ছএপে নিজে বন্ধ হৈ মঙলবাৰে প্ৰায় দুঘণ্টাৰ বাবে স্তব্ধ কৰি দিলে সমগ্ৰ বিশ্ব৷ ছন্দ হেৰাই গ’ল প্ৰযুক্তিনিৰ্ভৰ আজিৰ বিশ্বৰ জনগণৰ৷ ছন্দ নোহোৱা হৈ পৰিল ডিজিটেল বিশ্বৰ অধিবাসীৰ৷ ছাৰ্ভাৰৰ প্ৰযুক্তিগত সমস্যাৰ বাবে মাৰ্কিন কোম্পানী মেটাৰ অধীনষ্ঠ হোৱাট্‌ছএপ বন্ধ হৈ পৰে আৰু প্ৰায় দুঘণ্টা সময় এই মেছেজ এপ ব্যৱহাৰকাৰীয়ে কোনো মেছেজ কিম্বা তথ্য প্ৰেৰণ কৰিবলৈ অসমৰ্থ হোৱাত বিশ্বজুৰি অদ্ভূত আহুকালৰ সৃষ্টি হয়৷ ভাৰতীয়সময় অনুসৰি দিনৰ প্ৰায় ১২.৩০ বজাত হোৱাট্‌ছএপৰ জৰিয়তে কৰা সকলোধৰণৰ মেছেজ, তথ্যৰ আদান-প্ৰদান বন্ধ হৈ যায়৷ প্ৰায় দুঘণ্টা পাছত দিনৰ ২.২০ বজাত এই মেছেজিং এপটো পুনৰ সক্ৰিয় কৰা হয়৷ ছাৰ্ভাৰৰ সমস্যাৰ বাবে এপটো প্ৰায় দুঘণ্টা নিষ্ক্ৰিয় হৈ পৰা বুলি মেটাৰ পক্ষৰ পৰা জনোৱা হৈছে৷ এটা বিবৃতিত মেটাৰ মুখপাত্ৰই এই কথা জনায় আৰু ব্যৱহাৰকাৰীৰ ওচৰত ক্ষমাভিক্ষা কৰে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ইমান দীৰ্ঘসময়ৰ বাবে কেতিয়াও হোৱাট্‌ছএপ বন্ধ হোৱা নাছিল৷ এসময়ৰ ফেচবুক আৰু এতিয়া মেটা নামেৰে পৰিচিত মাৰ্কিন তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানে ২০১৪ চনত হোৱাট্‌ছএপ বহুলভাৱে আৰম্ভ কৰিছিল৷ তেতিয়াৰ পৰা আমেৰিকাৰ বাহিৰৰ ম’বাইল আৰু লেপটপ, ডেস্কটপ ব্যৱহাৰকাৰীয়ে এই এপ বহুলভাৱে ব্যৱহাৰ কৰাত ই বিশ্বৰে সৰ্বাধিক জনপ্ৰিয় মেছেজিং এপত পৰিণত হয়৷ সম্প্ৰতি সমগ্ৰ বিশ্বত প্ৰায় প্ত বিলিয়ন লোকে হোৱাট্‌ছএপ ব্যৱহাৰ কৰে৷ কেৱল টেক্সট মেছেজ বা চাটেই নহয়, হোৱাট্‌ছএপৰ জৰিয়তে ভইচ কল আৰু ভিডিঅ’ কল কৰিব পাৰি৷ হোৱাট্‌ছএপৰ সমান জনপ্ৰিয় মেছেজিং এপ বিশ্বত একো নাই৷ উল্লেখ্য, বিগত বছৰৰ ৭ অক্টোবৰত এনেদৰেই হোৱাট্‌ছএপ বিকল হৈ গৈছিল৷ অৱশ্যে বিগত বছৰ এঘণ্টাৰ ভিতৰতে বিসংগতি দূৰ কৰা হৈছিল যদিও মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকেৰবাৰ্গৰ ৭ বিলিয়ন মাৰ্কিন ডলাৰ লোকচান হৈছিল৷ এইবাৰ তেওঁৰ লোকচান বহু পৰিমানে অধিক হ’ব৷ অৱশ্যে কেৱল কোম্পানীটোৰে নহয়, প্ৰায় দুঘণ্টা হোৱাট্‌ছএপ বন্ধ হৈ থকাৰ ফলত সমগ্ৰ বিশ্বতে বিস্তৰ বাণিজ্যিক ক্ষতি হৈছে৷ কিয়নো ইয়াৰ জৰিয়তে কেৱল ব্যক্তিগত বা জৰুৰী মেছেজ, বাৰ্তালাপেই নহয়, ব্যৱসায়িক লেনদেনো কৰা হয়৷ সেই দিশৰ পৰা মঙলবাৰৰ এই বিজুতিয়ে সমগ্ৰ বিশ্বত বহু বিলিয়ন ডলাৰৰ ক্ষতিসাধন কৰিছে৷ পিছে ক্ষতিৰ পৰিমাণ এতিয়াও ঠাৱৰ কৰিব পৰা নাই৷