Logo
image

কাচিনত ম্যানমাৰ সেনাৰ বিমান আক্ৰমণ, ভিআইপি-বাদ্যযন্ত্ৰীসহ নিহত শতাধিক

সংগীতানুষ্ঠানক উগ্ৰপন্থীৰ সমাৱেশ বুলি সন্দেহ

আমাৰ অসম, ২৬ অক্টোবৰঃ ম্যানমাৰৰ সামৰিক বাহিনীয়ে কাচিনৰ এখন জনগোষ্ঠী অধ্যুষিত গাঁৱত অনুষ্ঠিত সংগীতানুষ্ঠানত যুদ্ধবিমানেৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ ফলত একাধিক সংগীতশিল্পী, বহুকেইজন বিশিষ্ট ব্যক্তিকে ধৰি ১০০ৰো অধিক দৰ্শকৰ শোকাবহভাৱে মৃত্যু ঘটিছে৷ দেশখনৰ সামৰিক চৰকাৰে সংঘটিত কৰা এই ঘটনাৰ বিষয়ে ৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদ মাধ্যমে চৰকাৰী অত্যাচাৰৰ ভয়তে কোনো তথ্য প্ৰকাশ নকৰাত দুদিন ধৰি এই ঘটনাৰ বিষয়ে বহিৰ্বিশ্ব অজ্ঞাতে থাকে৷ কাচিনৰ জনগোষ্ঠীয় লোকে উপভোগ কৰি থকা সংগীতানুষ্ঠানৰ মাজতে দেওবাৰে নিশা ৮ বজাত কাচিনৰ সামৰিক চৰকাৰৰ বায়ুসেনা বাহিনীয়ে বহুকেইখন যুদ্ধবিমানেৰে এই নৃশংস আক্ৰমণ সংঘটিত কৰে৷ ৰাজধানী য়াংগুনৰ পৰা ৯৬৫ কিলোমিটাৰ দূৰৰ আং বাৰ লেই নামৰ এখন ভিতৰুৱা গাঁৱত এই সংগীতানুষ্ঠানটো যোৱা দেওবাৰে অনুষ্ঠিত কৰা হৈছিল৷ সেই সংগীতানুষ্ঠান পূৰ্ণগতিত চলি থকাৰ মাজতে চৰকাৰী বাহিনীয়ে বিমান আক্ৰমণেৰে শতাধিক লোকক নৃশংসভাৱে বোমাবৰ্ষণ কৰি হত্যা কৰিলেও স্থানীয় কোনো ব্যক্তিয়ে ঘটনাটোৰ বিষয়ে মুখ খুলি কোনো কথা কোৱা নাই৷ দেওবাৰে নিশা সংঘটিত এই ভয়াৱহ ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে বিয়পি পৰাত প্ৰথমে এই ঘটনাৰ বাতৰি প্ৰকাশ কৰে এছ’চিয়েটেড প্ৰেছে৷ বিশ্বৰ শীৰ্ষস্থানীয় এই সংবাদ প্ৰতিষ্ঠানেও অৱশ্যে ঘটনা সংক্ৰান্তত কোনো কতৃৰ্ত্বশীল সূত্ৰৰ উদ্ধৃতি দিবলৈ সক্ষম হোৱা নাই৷ কিয়নো আং চান চু চ্যিৰ পৰা যোৱা ফেব্ৰুৱাৰীত অভূত্থানৰ জৰিয়তে ক্ষমতা দখল কৰা সামৰিক চৰকাৰে চৰকাৰবিৰোধী খবৰ প্ৰচাৰ কৰা আৰু মন্তব্য কৰা অসামৰিক লোকৰ ওপৰত বিগত কেইবামাহো ধৰি হিংস্ৰ উপায়েৰে দমন অব্যাহত ৰাখিছে৷ সেয়ে এনে এটা ভয়ংকৰ বিমান আক্ৰমণেৰে সংগীত শিল্পীসহ জনগোষ্ঠীয় লোকৰ ওপৰত সামৰিক চৰকাৰে হত্যালীলা চলোৱা সত্ত্বেও স্থানীয় সকলোৱেই নিশ্চুপ হৈ আছে৷ স্থানীয় জনগোষ্ঠীয় লোকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ত দেখা গৈছে, যিমানেৰে বোমা বৰ্ষণ কৰাৰ পাছত অনুষ্ঠানস্থলী সম্পূৰ্ণৰূপে বিধবস্ত, চৌপাশে বোমাৰ প্লিণ্টাৰ আৰু প্লাষ্টিকৰ চকী সিচঁৰতি হৈ পৰি আছে৷ এই সন্দৰ্ভত ম্যানমাৰৰ সামৰিক চৰকাৰখনে কোনো মন্তব্য প্ৰকাশ কৰা নাই৷

বিশ্বৰ কতৃৰ্ত্বশীল সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি যোৱা দেওবাৰে ‘কাচিন ইণ্ডিপেণ্ডেন্স অৰ্গেনাইজেশ্বন’ৰ [কে আই অ’] ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস আছিল৷ উল্লেখ্য, কেআইঅ’ৰ অধীনষ্ঠ সশস্ত্ৰ সংগঠন ‘কাচিন ইণ্ডিপেণ্ডেণ্ট আৰ্মী’ৰ [কেআইএ] এই স্থানতে সামৰিক প্ৰশিক্ষণো অনুষ্ঠিত হয়৷ এই গাঁও অৰ্থাৎ আং বাৰ লেই হৈছে স্থানীয় চহৰ পাকাণ্টৰ সমীপত৷ তাতেই কেআইঅ’ৰ পৃষ্ঠপোষকতাত সংগঠনটোৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এটা ডাঙৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত সমীপৰ ৫ শতাধিক জনগোষ্ঠীয় অধিবাসী সমবেত হৈছিল৷ অনুষ্ঠানত কেআইঅ’ আৰু কেআইএৰ কিছুসংখ্যক সদস্যৰ উপৰি গণ্যমান্য ব্যক্তিও উপস্থিত আছিল৷ অনুষ্ঠান পূৰ্ণগতিত চলি থাকোঁতেই নিশা আঠমান বজাত বিম্বাশবাদে ম্যানমাৰ বায়ুসেনা বাহিনীৰ যুদ্ধবিমান কেইবাখনো আহি আকাশৰ পৰা সংগীতানুষ্ঠানস্থলীত বোমা বৰ্ষণ কৰে৷ ‘কাচিন আৰ্টিষ্ট এছ’চিয়েশ্বনে’ প্ৰকাশ কৰা অনুসৰি বোমা বৰ্ষণত থিতাতে নিহত হয় সেই সময়ত সংগীত সংগত কৰি থকা কিব’ৰ্ড বাদকজন৷ তদুপৰি কাচিন ইণ্ডিপেণ্ডেণ্ট বাহিনী নামৰ সশস্ত্ৰ সংগঠনটোৰ বহুকেইজন সদস্য, সংগঠনটোৰ ৰান্ধনি, জেড মাইনিঙৰ স্থানীয় ব্যৱসায়ী আৰু উপস্থিত দৰ্শককে ধৰি প্ৰায় ১০০ৰো অধিক লোকে বোমাবৰ্ষণত প্ৰাণ হেৰুৱায়৷ শিল্পীৰ সংগঠনটোৰ উপৰি কেআইঅ’ৰ মিডিয়া সংগঠন কাচিন নিউজ গ্ৰুপেও সমসংখ্যক লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে৷ কোৱা বাহুল্য মাথোঁ এই আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ৰাষ্ট্ৰসংঘই এয়া অবৈধ তথা ৰাষ্ট্ৰযন্ত্ৰৰ আক্ৰমণ বুলি গৰিহণা দিছে৷ উল্লেখ্য, সামৰিক শাসন বলৱৎ হোৱাৰ পৰা সামৰিক চৰকাৰে বিৰোধী বুলি ভবা ২,৫০০ অসামৰিক লোকক হত্যা আৰু ১৫,০০০ লোকক কাৰাবন্দী কৰি ৰাখিছে৷