Logo
image

মিঞা মিউজিয়াম ছীল সভাপতি-সম্পাদক-উদ্বোধকক গ্ৰেপ্তাৰ

আমাৰ অসম, ২৬ অক্টোবৰঃ গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা বিতৰ্কিত মিঞা মিউজিয়ামটো মঙলবাৰে ছীল কৰে গোৱালপাৰা জিলা প্ৰশাসনে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মিঞা মিউজিয়াম স্থাপন কৰাক লৈ হুংকাৰ দিয়াৰ পাছতে মিউজিয়ামটো ছীল কৰি দিয়া হয়৷ গোৱালপাৰা জিলাৰ উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ নিৰ্দেশত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে লক্ষীপুৰৰ ধুমেৰঘাটৰ দাপকাৰভিটা গাঁৱত স্থাপন কৰা মিউজিয়ামটো ছীল কৰি দিয়ে৷ আনহাতে, প্ৰধানমন্ত্ৰী আৱাস গৃহত অবৈধভাৱে মিঞা মিউজিয়াম স্থাপন কৰাৰ অভিযোগত অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলী, সাধাৰণ সম্পাদক আব্দুল বাতেন আৰু মিঞা মিউজিয়ামৰ উদ্বোধক আহোম ৰয়েল ছ’চাইটীৰ সাংগঠনিক সম্পাদক তথা ‘আপ’ৰ নেতা তনু কুমাৰ ধাদুমীয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ মিউজিয়ামটো ছীল কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ভিতৰত থকা মিউজিয়ামৰ সা-সামগ্ৰীসমূহ উলিয়াই দিয়ে প্ৰশাসনৰ লোকে৷ উল্লেখ্য, ২৩ অক্টোবৰত অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলীৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা মিঞা মিউজিয়ামটো আহোম ৰয়েল চ’ছাইটিৰ সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই ৰঙা ফিতা কাটি মুকলি কৰিছিল৷ মিঞা মিউজিয়ামটো মুকলি হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ চৰকাৰে দৰিদ্ৰ লোকক থাকিবলৈ দিয়া বাসগৃহ মিঞা মিউজিয়াম স্থাপন কৰাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ এই সন্দৰ্ভত জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰি কয় যে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ অধীনত চৰকাৰে দিয়া গৃহত মিঞা মিউজিয়াম স্থাপন কৰাটো আইন বিৰুদ্ধ৷ প্ৰধানমন্ত্ৰী আৱাসগৃহ দৰিদ্ৰ শ্ৰেণীৰ লোকক বাসস্থানৰ বাবে দিয়া হয়৷ কিন্তু তাত মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহ’ব৷ প্ৰশাসনে এই সন্দৰ্ভত ইতিমধ্যে তদন্ত কৰিছে৷ সেয়েহে আজি ছীল কৰা হয় মিঞা মিউজিয়ামটো৷ ইফালে, সন্ধিয়া অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলীক আৰক্ষীয়ে আটক কৰি গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ আনে৷ ইতিমধ্যে আৰক্ষীৰ দল এটাই সোধা-পোচা অব্যাহত ৰাখিছে তথাকথিত নেতা মহৰ আলীক৷ উল্লেখ্য, গোৱালপাৰাত মিঞা মিউজিয়াম স্থাপনক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই উদ্যোক্তাক উদ্দেশ্যি কঠোৰ হুংকাৰ দিয়ে৷ তেওঁ কয়– মিঞা মিউজিয়ামত থকা নাঙলখনটো অসমীয়া মানুহৰে নাঙল৷ যিকেইটা মাছ মৰা সামগ্ৰী দিছে সেয়া আমাৰ অনুসূচিত জাতিৰ লোকে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে৷ লুঙীখনক বাদ দি তাত কি নতুনত্ব আছে? তেওঁলোকে নিশ্চিতভাৱে প্ৰমাণ কৰিব লাগিব যে নাঙলখন অকল মিঞা মানুহে ব্যৱহাৰ কৰে৷ অসমীয়া মানুহে ব্যৱহাৰ নকৰে৷ যদি অসমীয়া মানুহৰ সামগ্ৰীক লৈ মিঞা মিউজিয়াম খুলিছে তাৰ বিৰুদ্ধে গোচৰ হ’ব৷ নাঙলখন অসমীয়া মানুহে ব্যৱহাৰ কৰে৷ অসমৰ বুদ্ধিজীৱী মহলে চিন্তা কৰাৰ সময় হ’ল৷ মই যেতিয়া মিঞা কবিতাৰ কথা উল্লেখ কৰিছিলোঁ তেতিয়া মোক সাম্প্ৰদায়িক বুলি কৈছিল৷ এতিয়া মিঞা কবিতা হ’ল, মিঞা স্কুল হ’ল, মিঞা মিউজিয়াম হ’ল৷ এই প্ৰত্যাহ্বানবিলাকৰ কথাইটো মই গোটেই সময়চোৱাত কৈ আহিছোঁ৷ কলাক্ষেত্ৰত যদি তেওঁলোকৰ কিবা সম্পদ আছে সেইটো লৈ কৰক৷ কিন্তু অসমীয়া মানুহৰ সম্পদখিনি তেওঁলোকে দেখুৱাব নোৱাৰে৷ যিখন গামোছা দেখুৱাইছে সেইখনটো দেশী মানুহৰ গামোছা৷ পাৰীটো সলাই কৈ দিছে মিঞাৰ গামোছা বুলি৷ এইবিলাকৰ ‘জবাব’ তেওঁলোকে চৰকাৰক দিব লাগিব৷ অফিচ খোলাৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ নাঙলখন যে অসমীয়াই ব্যৱহাৰ নকৰে, অকল মিঞাইহে ব্যৱহাৰ কৰে তাৰ ঐতিহাসিক তথ্য দিব লাগিব৷ দ্বিতীয় কথা, এইবোৰ কৰিবলৈ তেওঁলোকে ক’ত সাহস পাইছে? সেইটোও আৰক্ষীয়ে অনুসন্ধান কৰিব৷ তদুপৰি ভাৰতীয় মূলৰ মানুহে চিন্তা কৰাৰ সময় হ’ল৷ লুঙীখন মিঞাৰ অৰিজিনেল৷ লুঙীক বাদ দি মিঞাৰ আন কি অৰিজিনেল বস্তু আছে? এইটো আমাৰ বিশেষজ্ঞ সমিতিৰ আগত বিশে¡ষণ কৰিব লাগিব৷ ইয়াৰ বিপৰীতে বিজেপি সাংসদ প্ৰদান বৰুৱাই মিঞা মিউজিয়ামক প্ৰকাৰন্তৰে সমৰ্থন কৰে৷ তেওঁ কয়– আপুৰুগীয়া বস্তু ৰখাৰ বাবে মিউজিয়াম স্থাপন কৰাতো ভাল৷ মিউজিয়ামত যিবিলাক আপুৰুগীয়া সম্পদ, হেৰাই যাব ধৰা সম্পদ ধৰি ৰখাৰ চেষ্টা কৰা হয় এইবোৰ যিয়ে সংৰক্ষণৰ ব্যৱস্থা কৰে সেয়া ভাল কথা৷ মই ভাবো সকলোৱে তেনেধৰণে সংৰক্ষণ কৰাটো দৰকাৰ৷ ইফালে, মন্ত্ৰী পীয়ূষ হাজৰিকাই মিঞা মিউজিয়াম স্থাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– অসম চৰকাৰৰ এজন মন্ত্ৰী হিচাপেই নহয়, এজন অসমৰ সাধাৰণ নাগৰিক হিচাপে কৈছোঁ এই মিঞা মিউজিয়ামত ৰখা সামগ্ৰীসমূহৰ প্ৰতি মোৰ তীব্ৰ বিৰোধিতা আছে৷ তেওঁলোকক এই কাম নকৰিবলৈ মই আহ্বান জনাইছোঁ, সতৰ্ক কৰি দিছোঁ৷ অসমীয়াৰ সম্পদ যদি কোনোৱে চুৰি কৰি নিজৰ বুলি দাবী কৰে তাৰ বিৰোধিতা কৰিমেই৷ অৱশ্যে বিৰোধীৰ অভিযোগ এয়া শাসকীয় বিজেপি আৰু এআইউডিএফে সন্মিলিতভাৱে ৰাইজক বিভ্ৰান্ত কৰাৰ কৌশল৷ ইফালে, গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা মিঞা পৰিষদৰ সভাপতি এম মোহৰ আলীক নলবাৰীলৈ আনে আৰক্ষীয়ে৷ একেদৰে ধুবুৰী গৌৰীপুৰৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল বাতেন শেখক নলবাৰীলৈ অনা হৈছে৷ ধুবুৰীৰ বিএন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাতেন ‘আপ’ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত৷ গোৱালপাৰাত মিঞা মিউজিয়াম স্থাপনত এই দুই নেতা জড়িত আছিল৷ তদুপৰি এই দুই বিতৰ্কিত নেতা জেহাদীৰে সৈতে জড়িত থকাৰো সন্দেহ কৰা হৈছে৷ অৱশ্যে এই মুহূৰ্তলৈকে নলবাৰী আৰক্ষীয়ে স্পষ্ট কৰা নাই এই কথা৷ কিন্তু শেহতীয়াভাৱে নলবাৰী আৰক্ষীয়ে বিচাৰি ফুৰা মোষ্ট ৱাণ্টেডৰ তালিকাত আছে এই দুই বিতৰ্কিত নেতাৰ নাম৷ অৱশ্যে, নলবাৰী আৰক্ষীয়ে তদন্তৰ খাতিৰত সেয়াও এতিয়ালৈকে স্পষ্ট কৰা নাই৷ শেহতীয়াকৈ নলবাৰীত গ্ৰেপ্তাৰ হোৱা তিনি সন্দেহজনক জেহাদীৰে সৈতে সম্পৰ্ক আছে নেকি এই দুই বিতৰ্কিত নেতাৰ সেয়া স্পষ্ট হ’ব আৰক্ষীৰ সঠিক তদন্তত৷ ইতিমধ্যে মহৰ আলী আৰু আব্দুল বাতেনক ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু হৈ থকা জেহাদী সম্পৰ্কীয় ১৬৩/২২ নম্বৰৰ [ধাৰাঃ ভাৰতীয় দণ্ডবিধিৰ ১২০[বি], ১২১/১২১[এ]/১২২ আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ১০/১৩] গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি শীৰ্ষ আৰক্ষী বিষয়া জিপি সিঙে টুইটযোগে প্ৰকাশ কৰিছে৷

মিঞা পৰিষদৰ বিৰুদ্ধে থানাত গোচৰঃ মিঞা মিউজিয়াম ছীল কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহ সদস্য আব্দুৰ ৰহিম জিব্ৰানে৷ তেওঁ অসম মিঞা পৰিষদৰ বিৰুদ্ধে লক্ষ্মীপুৰ থানাত গোচৰ ৰুজু কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷  আব্দুছ ৰহিম জিব্ৰানে কয় যে গোৱালপাৰাত বিবেদকামী শক্তিক গা কৰি উঠিবলৈ দিয়া নহব৷ মিঞা বুলি কোনো জাতি নাই৷ অসমত বসবাস কৰা পূৰ্ব বংগীয় মূলৰ মুছলমান সকলক মিঞা বুলি কোৱা হয় যদিও কাগজে পত্ৰে কতো মিঞা বুলি উল্লেখ নাই৷ কেইজনমান দালালৰে গঠিত হোৱা সংগঠনটোৰ যি কামকাজ সেয়া অসম বিৰোধী অসমীয়া বিৰোধী৷ গতিকে অসম বিৰোধী সংগঠনক গা কৰি উঠিবলৈ দিয়া নহ’ব৷ এমাহ পূৰ্বে চাকৰিৰ পৰা নিলম্বন হৈছিল বিতৰ্কিত মহৰ আলী, গোৱালপাৰা জিলাৰ ধুমেৰঘাট উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক হিচাপে কৰ্মৰত মহৰ আলীক ২১ অক্টোবৰত চাকৰিৰ পৰা নিলম্বন কৰিছিল বিদ্যালয় সমূহৰ পৰিদৰ্শকে৷ GDC/DP/২২/৫/২৩০৩ নং চিঠি যোগে মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা হয়৷ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ সঘনে বিতৰ্কৰ মাজত সোমাই থকা মহৰ আলীৰ বিৰুদ্ধে শিক্ষা বিভাগে বহু অভিযোগ লাভ কৰাৰ কথা উল্লেখ উক্ত নিলম্বিত নিদ্দেৰ্শনাত৷

অসমত মিঞা সংস্কৃতিৰ স্থান নাইঃ ভবেশ কলিতা

গোৱালপাৰা জিলাত মিঞা মিউজিয়াম স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতাই৷ ৰঙিয়াত আজি এই সন্দৰ্ভত সভাপতি কলিতাই কয় ৰাইজৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত মিউজিয়াম আছেই৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি গুৰুজনাৰ সৃষ্টিৰ ওপৰত মিউজিয়াম স্থাপন কৰা হৈছে এই মিউজিয়ামক আমি অসমৰ প্ৰতিখন জিলাতে স্থাপন কৰিব লাগিব৷ এনে এক সময়ত মিঞা মিউজিয়াম স্থাপন কৰি মিঞা সকলে এটা অপসংস্কৃতি আৰম্ভ কৰিছে৷ এই বিলাক অপসংস্কৃতিৰ অসম ভূমিত স্থান নাই৷ কিছুমান ব্যক্তি তথা সংগঠনে এনে কাণ্ড কৰিছে৷ এইটো বন্ধ হ’ব লাগিব৷ গোৱালপাৰাত চৰকাৰী আবাস গৃহত এনেদৰে মিঞা মিউজিয়ামক স্থাপন কৰা বিষয়টোৰ ওপৰত ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব লাগিব বুলি উল্লেখ কৰি সভাপতিজনে আৰু কয় যে মিঞা সকলে এইটোৱেই প্ৰমাণ কৰিলে যে তেওঁলোকে আজি লৈকে অসমৰ বায়ু সেৱন কৰিব পৰা নাই৷ এনে কৰ্ম-কাণ্ড সমাজৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰে৷

মিঞা মিউজিয়াম অসমীয়াৰ পৰিপন্থীঃ দেৱালয় সংঘ

মিয়া মিউজিয়াম সম্পৰ্কে মুখ্যমন্ত্ৰীৰ পদক্ষেপত সন্তোষ প্ৰকাশ সদৌ অসম দেৱালয় সংঘৰ৷ সদৌ অসম দেৱালয় সং¸ঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক কৈলাস শৰ্মাই গোৱালপাৰাত অলপতে অসম মিয়া পৰিষদে অবৈধভাৱে স্থাপন কৰি ইতিহাসপ্ৰসিদ্ধ প্ৰাচীন কামৰূপ তথা অসমীয়া জাতি-জনগোষ্ঠীৰ পৰিপন্থী তথাকথিত মিয়া মিউজিয়াম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনৰ জৰিয়তে ছীল কৰি দিয়াত আনন্দ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে যাতে এনেধৰণৰ সন্দেহযুক্ত অসমবিৰোধী সংগঠনে এনে কাম কৰিবলৈ সাহস কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰে এখন অতি কঠোৰ আইন প্ৰণয়ন কৰি হ’লেও স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে৷ সং¸ঘৰ সভাপতি আৰু প্ৰধান সম্পাদক ভট্টাচাৰ্য আৰু শৰ্মাই কয় যে অসমৰ কিছুসংখ্যক ধৰ্মীয় সংগঠনে ইতিমধ্যে দুই-এজন মিয়া সংগঠনৰ তথাকথিত গৱেষক-সাহিত্যিক নামধাৰী অসমীয়া জাতিবিৰোধী ব্যক্তিক তেওঁলোকৰ বৰঘৰত পীৰা পাৰি আঁকোৱালি লোৱাটো পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে বিশ্বৰ সবাতোকৈ পুৰণি সনাতন ধৰ্ম তথা সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি প্ৰতিষ্ঠানসমূহৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে৷ গতিকে সময় থাকোঁতেই বৰ্তমানৰ ৰাজ্য তথা ভাৰত চৰকাৰে সঠিক দিশত সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ দেৱালয় সংঘই আহ্বান জনোৱাৰ লগতে সমূহ অসমবাসী ৰাইজক সজাগ হৈ থাকি অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি যাবলৈ আহ্বান জনাইছে৷