Logo
image

পাৰমাণৱিক অনুশীলন আৰম্ভ কৰিলে ৰাছিয়াই

আনুষ্ঠানিকভাৱে জনালে আমেৰিকাক

আমাৰ অসম, ২৭ অক্টোবৰঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই কৰা আক্ৰমণৰ আঠমাহ সম্পূৰ্ণ হোৱাৰ অৱস্থাত পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনৰ নিৰ্দেশত দেশখনৰ অতি গুৰুত্বপূৰ্ণ ‘ষ্ট্ৰেটেজিক নিউক্লিয়েৰ ফ’ৰ্চে’ বুধবাৰৰ পৰা পাৰমাণৱিক অস্ত্ৰৰ আখৰা আৰম্ভ কৰিছে৷ ৰাছিয়াৰ গুৰুত্বপূৰ্ণ বাহিনীটোৱে উত্তৰ মহানগৰৰ পৰা ৰাছিয়াৰ পূব দিশে মানৱবিহীন অঞ্চললৈ পৰমাণু অস্ত্ৰ বহন কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি দীৰ্ঘসময় অনুশীলন চলায়৷ ৰাছিয়াৰ গুৰুত্বপূৰ্ণ বাহিনীটোৱে চলোৱা এই পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন মস্কোৰ নিজৰ কাৰ্যালয়ত বহি পৰিদৰ্শন কৰে ৰাষ্ট্ৰপতি পুটিনে৷ ইপিনে, ‘নিউ ষ্টাৰ্ট আৰ্মছ’ চুক্তিৰ অধীনত ক্ৰেমলিনে ৰাছিয়াই চলোৱা পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন সন্দৰ্ভত আমেৰিকাক অৱগত কৰে৷ ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত পশ্চিমীয়া ৰাষ্ট্ৰৰ শক্তিৰ সহায় লৈ ইউক্ৰেইনে ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে ‘ডাৰ্টি বম্ব’ অৰ্থাৎ এবিধ ভয়ংকৰ বোমা ব্যৱহাৰ কৰিব বুলি অভিযোগ তুলিয়েই পুটিনৰ নিৰ্দেশত এই  পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন আৰম্ভ কৰিছে ৰাছিয়াই৷ উল্লেখ্য, ডাৰ্টি বোমা হৈছে তেজস্ক্ৰিয় পদাৰ্থ থকা এবিধ অতি ভয়ংকৰ বোমা৷ এই ডাৰ্টি বোমাই সৰু সুৰা পাৰমাণৱিক বোমাৰ দৰেই ক্ষতিসাধন কৰিব পাৰে৷ এই বোমা বিস্ফোৰণ হ’লে তাৰ পৰা তেজস্ক্ৰিয় পদাৰ্থ নিৰ্গত হয় আৰু তেজস্ক্ৰিয় পদাৰ্থৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পলমকৈ হ’লেও মৃত্যু হয়৷ পোনপটীয়াকৈ এই ডাৰ্টি বোমাৰ প্ৰভাৱত একেলগে অসংখ্য লোকৰ মৃত্যু হ’ব পাৰে৷ ইপিনে, ইউক্ৰেইন আৰু আমেৰিকাকে ধৰি নাটোৰ সদস্যভুক্ত ইউৰোপৰ সকলো ৰাষ্ট্ৰই ৰাছিয়াৰ এই অভিযোগ অস্বীকাৰ কৰিছে৷ নাটো সদস্য কোনো ৰাষ্ট্ৰই ইউক্ৰেইনক ডাৰ্টি বোমা যোগান দিয়া নাই বুলি স্পষ্টীকৰণ দিছে৷ ইউক্ৰেইনৰ দাবী, অনুৰূপ ধৰণৰ বোমা ৰাছিয়াই ব্যৱহাৰ কৰাৰ আশংকা আছে৷ সেয়েহে আগতীয়াকৈ ৰাছিয়াই এইক্ষেত্ৰত ইউক্ৰেইনৰ বিৰুদ্ধে অভিযোগ আনিছে যাতে যুদ্ধক্ষেত্ৰত এই বোমা ব্যৱহাৰ হ’লে পাছত ইউক্ৰেইনৰ ওপৰত অভিযোগ উত্থাপন কৰিব পাৰি৷ উল্লেখ্য, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ কৰাৰ চাৰি দিন পূৰ্বে পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন কৰি সমগ্ৰ বিশ্বক শংকিত কৰি তুলিছিল৷ মাজৰ সময়ছোৱাত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা ৰাছিয়াৰ গুৰুত্বপূৰ্ণ বাহিনীটোক সাজু কৰা বুলি দাবী কৰিলেও বিগত আঠমাহত ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন চলোৱা নাছিল৷ এতিয়া হঠাতে ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন আৰম্ভ কৰাত সমগ্ৰ বিশ্ব শংকিত হৈ পৰিছে৷