Logo
image

গুৱাহাটীত সংগীত পৰিৱেশন কৰিব এমএলটিআৰে

আমাৰ অসম, ২৭ অক্টোবৰঃ অসমৰ ৰক-পপ সংগীতপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ৷ ডেনমাৰ্কৰ আইকনিক ইণ্টাৰনেশ্বনেল চফ্‌ট ৰক-পপ বেণ্ড ‘মাইকেল লাৰ্নছ টু ৰক’ চমুকৈ ‘এমএলটিআৰ’ৰ সংগীত নুশুনা মানুহ চাগৈ কোনো নাই৷ বিশ্বৰ কোটি কোটি সংগীতপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা বিশ্ববিখ্যাত বেণ্ড এমএলটিআৰে এইবাৰ অনুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীত৷ ডেনিছ বেণ্ড এম এল টি আৰে ইণ্ডিয়ান অ’পেন এয়াৰ-২০২২ সংস্কৰণত অংশ লৈ অহা ২৭ নৱেম্বৰৰ দিনৰ ২ বজাত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ জংকি-পানৈ ক্ষেত্ৰত সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ স্বাভাৱিকতে বিশ্ববিখ্যাত ৰক বেণ্ডটোৰ গুৱাহাটী আগমনক লৈ সংগীতপ্ৰেমীসকল উৎফুল্ল হৈ পৰিছে৷ উদ্যোক্তা ছেভেন ছিষ্টাৰ ফাউণ্ডেশ্বনৰ সঞ্চালক ছানী শ্বিমৰাহে সদৰী কৰা মতে– ‘বেক অন দি ৰোড ট্যুৰ’ শীৰ্ষক অভিযানৰ অংশ হিচাপে জাচা ৰিচটাৰ, মিক্কেল লেণ্টজ আৰু কেৰে ৱানছচেৰে উত্তৰ পূৰ্বৰ চাৰিটা স্থানত অনুষ্ঠান পৰিৱেশন কৰিব৷ এমএলটিআৰে ২৫ নৱেম্বৰত আইজলত, ২৭ নৱেম্বৰত গুৱাহাটীত, ২৯ নৱেম্বৰত ইম্ফলত আৰু ৰ ডিচেম্বৰত মেঘালয়ৰ তুৰাত সংগীতানুষ্ঠান পৰিৱেশন কৰিব৷ পেইণ্ট মাই লাভ, ইউ টুক মাই হাৰ্ট এৱে, শ্লিপিং চাইল্ড আৰু ছামডে’ৰ দৰে ছুপাৰ হিট সংগীত উপহাৰেৰে কোটি কোটি অনুৰাগীৰ হূদয়ত স্থান লাভ কৰা এম এল টি আৰে ২০১৫ চনতো গুৱাহাটী আৰু মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰিছিল৷ উত্তৰ-পূবত প্ৰথমবাৰলৈ ২০০৫ চনত শ্বিলঙত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল ৰক বেণ্ডটোৱে৷ ১৯৮৮ চনত গঠন হোৱা ৰক বেণ্ডটোৰ শিল্পীসকল মূলতঃ ডেনিচ যদিও ইংৰাজীত সংগীত পৰিৱেশন কৰি ১৯৯১ চনৰ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশেৰে ১ কোটি ২০ লাখতকৈ অধিকসংখ্যক এলবাম বিক্ৰী কৰি অভিলেখ ৰচনা কৰিছিল৷ এম এল টি আৰৰ প্ৰথম এলবাম MLTR's eponymous-এডেনমাৰ্ক আৰু নৰৱেত খলকনি তুলিছিল৷