Logo
image

এইবাৰ মৰিগাঁও দিৱসৰ মিঞা নৃত্যক লৈ বিতৰ্ক

আমাৰ অসম, ২৭ অক্টোবৰঃ মিঞা মিউজিয়ামৰ পাছত এইবাৰ মিঞা নৃত্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ অসম মিঞা পৰিষদৰ উদ্যোগত গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিউজিয়াম প্ৰশাসনে ছীল কৰি দিয়াৰ লগতে উদ্যোক্তা আৰু উদ্বোধকক গ্ৰেপ্তাৰ কৰিলে যদিও খোদ ৰাজৰ চৰকাৰী অনুষ্ঠানতে দা-লাঠি লৈ মিঞা নৃত্য প্ৰদৰ্শন কৰা কাৰ্যই আন এক বিতৰ্কৰ সৃষ্টি কৰিছে৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা মৰিগাঁও জিলা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত দা-লাঠি লৈ মিঞা নৃত্য পৰিৱেশন কৰা দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিগত ১৪ আৰু ১৫ অক্টোবৰত অনুষ্ঠিত হোৱা মৰিগাঁও দিৱসৰ মৈৰাবাৰীৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছিল বহু বিতৰ্কিত মিঞা নৃত্য৷ মৰিগাঁও দিৱস উপলক্ষে মৰিগাঁও জিলা সদৰৰ লগতে বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল মৰিগাঁও দিৱস৷ একেদৰে মৰিগাঁও জিলা প্ৰশাসন আৰু মৈৰাবাৰী ৰাইজৰ উদ্যোগত মৈৰাবাৰীত অনুষ্ঠিত কৰিছিল মৰিগাঁও দিৱসৰ কাৰ্যসূচী৷ এই জিলা দিৱসৰ কাৰ্যসূচীত দা-লাঠি লৈ লুঙী পিন্ধি মিঞা সংস্কৃতিৰ নাম লৈ মঞ্চত প্ৰদৰ্শন কৰিছিল এটা বিশেষ মিঞা নৃত্য৷ ইয়াৰোপৰি নামনি অসমত প্ৰচলিত নাও খেলক মিঞা নৃত্য বুলি উপস্থাপন কৰি প্ৰদৰ্শন কৰিছিল মঞ্চত৷ মিঞা মিউজিয়ামক লৈ অসমীয়া সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়ত মৰিগাঁও দিৱসৰ এই নৃত্যই স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত কৰিছে৷ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এটা অনুষ্ঠানত এনেধৰণৰ অনুষ্ঠানে কেনেকৈ স্থান পালে বুলিও সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন কৰা দেখা গৈছে৷ অৱশ্যে মৰিগাঁও জিলা দিৱসৰ কাৰ্যসূচীত ঘোষকে উক্ত নৃত্যক মিঞা নৃত্যৰ পৰিৱৰ্তে লাঠি-ধাৰী নৃত্য বুলিহে প্ৰকাশ কৰিছিল৷