Logo
image

সুয়েলাক পুনৰ মন্ত্ৰীসভালৈ আনি বিপদত ঋষি

আৰম্ভণিতেই ছন্দপতন

আমাৰ অসম, ২৭ অক্টোবৰঃ শৰীৰৰ ৰং অশ্বেতাংগ, জাতিগতভাৱে ভাৰতীয় বংশোদ্ভৱ কিন্তু ব্যক্তিগত ৰাজনৈতিক অভিলাষ চৰিতাৰ্থ কৰাৰ বাবে তেওঁ ঘোৰ ভাৰতীয় বিৰোধী৷ ইমানেই ভাৰত-বিদ্বেষী যে, তেওঁ ভাৰতৰ সৈতে ব্ৰিটেইনৰ মুক্তবাণিজ্য বন্ধ কৰাৰ আহ্বান জনাবলৈ কেৰেপ নকৰে আৰু প্ৰবাসী ভাৰতীয়ৰ ব্ৰিটেইনলৈ প্ৰব্ৰজন ৰোধ কৰিবলৈ কঠোৰ ব্ৰিটিছ আইনৰ পোষকতা কৰে৷ সেইগৰাকী মহিলা সাংসদ সুয়েলা ব্ৰেভাৰমেনক পদত্যাগৰ ছদিন পাছত পুনৰ একেটা গুৰুত্বপূৰ্ণ পদ অৰ্থাৎ গৃহমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰি ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি ছুনক গভীৰ বিপদত পৰিছে৷ এক অৰ্থত প্ৰথমটো খোজতে উজুটি খাইছে ঋষি ছুনকে৷ দেশৰ নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগত নিজ ট্ৰাছ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা সুয়েলা ব্ৰেভাৰমেনক দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰি ব্ৰিটেইনৰ প্ৰথমজন অশ্বেতাংগ প্ৰধানমন্ত্ৰী ঋষি ছুনকেও দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰা বুলি ব্ৰিটেইনত প্ৰবল সমালোচনাৰ উদ্ভৱ হৈছে৷ বিৰোধী দল লেবাৰ পাৰ্টীৰ শীৰ্ষ নেতা কেইৰ ষ্টাৰমেৰে বুধবাৰে সংসদত ছুনকৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সিদ্ধান্ত সলনি কৰিবলৈ দাবী তোলে৷ তেওঁ কয় যে, অতি ‘দুৰ্বল’ প্ৰধানমন্ত্ৰী ঋষি ছুনকে তেওঁৰ স্থান সবল কৰিবলৈ আন এগৰাকী অশ্বেতাংশ নেত্ৰীক গৃহমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছে, যি ব্ৰিটেইনৰ আভ্যন্তৰীণ নিৰাপত্তা বিঘ্নিত কৰা ঘটনাত অভিযুক্ত হৈ গৃহমন্ত্ৰীৰ দায়িত্বৰ পৰা ছদিন পূৰ্বে পদত্যাগ কৰিবলগীয়া হৈছিল৷ তেওঁ প্ৰকাশ কৰে, কেবিনেট সচিব ছাইমন কেচে চলোৱা অনুসন্ধানত সুয়েলা ব্ৰেভাৰমেনে দেশৰ দুটাকৈ নিৰাপত্তা বিঘ্নিত কৰা কাৰ্য সম্পাদন কৰা বুলি ধৰা পেলাইছিল৷ সেইগৰাকী সাংসদক পুনৰ গৃহমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰি ছুনকেও ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰা বুলি লেবাৰ পাৰ্টীৰ নেতাজনে মন্তব্য কৰে৷ তদুপৰি অশ্বেতাংগ আৰু ভাৰতীয় বংশোদ্ভব ঋষি ছুনকে নিজৰ দুৰ্বল স্থিতি মজবুত কৰাৰ বাবেই অশ্বেতাংগ আৰু ভাৰতীয় মূলৰ নেত্ৰীগৰাকীক নিজৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ স্থান দিয়া বুলিও ষ্টাৰমেৰে ইংগিত দিয়ে৷ অৱশ্যে প্ৰথমটো খোজতে উজুটি খাই প্ৰবল সমালোচনাৰ সন্মুখীন হোৱা প্ৰধানমন্ত্ৰী ছুনকে তেওঁৰ সিদ্ধান্ত সঠিক বুলি আত্মপক্ষ সমৰ্থন কৰিছে৷ 

প্ৰবাসী ভাৰতীয়ক লৈ কৰা বিতৰ্কিত মন্তব্য আৰু ভাৰতৰ সৈতে মুক্তবাণিজ্য চুক্তি [এফটিএ] ভংগ কৰা পোষকতা কৰাৰ বাবেই ঘাইকৈ যোৱা ২০ অক্টোবৰত গৃহমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল সুয়েলা ব্ৰেভাৰমেনে৷ নিজকে বিলাতৰ চাহাব-মেমতকৈয়ো অধিক মেম বা ব্ৰিটিছ বুজাবলৈ যোৱা সুয়েলা ব্ৰেভাৰমেনৰ স্থিতি এতিয়া ব্ৰিটেইনত ‘ধোবিকা..., না ঘৰ কা, না ঘাট কা’ৰ দৰে হৈছে৷ অলপো ভাৰত-হিতৈষী মনোভাৱ নথকা সুয়েলাই লিজ ট্ৰাছ মন্ত্ৰীসভাত থকাৰ সময়তে ভাৰতৰ সৈতে থকা ব্ৰিটেইনৰ মুক্তবাণিজ্য চুক্তিৰ বিৰোধিতা কৰি নতুন দিল্লীৰ ৰোষত পৰিছিল৷ তদুপৰি সুয়েলাই ভাৰতীয় প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছিল৷ সুয়েলাই দাবী কৰিছিল, মুক্তবাণিজ্যৰ জৰিয়তে ব্ৰিটেইনলৈ ভাৰতীয়ৰ অবাধ প্ৰব্ৰজন ঘটে৷ সেই প্ৰব্ৰজন ৰোধ কৰিবলৈ মুক্তবাণিজ্য চুক্তি প্ৰত্যাহাৰ কৰা প্ৰয়োজন৷ তেওঁ কৈছিল– প্ৰব্ৰজনকাৰীয়ে ইংলিছ চেনেলৰ তীৰত নাও বান্ধিবলৈ সাজু হৈ থাকে যাতে ব্ৰিটেইনত আশ্ৰয় ল’ব পাৰে৷ ভাৰতীয়ই আইনগতভাৱে প্ৰাপ্ত সুযোগ সুবিধাৰ অপব্যৱহাৰ কৰাৰো অভিযোগ তুলিছিল৷ তদুপৰি এছিয়া কাপ ক্ৰিকেটৰ মেচৰ পাছত ব্ৰিটেইনত সৃষ্টি হোৱা সংঘৰ্ষৰ বাবে তেওঁ প্ৰব্ৰজনকাৰী ভাৰতীয়ক মুকলিকৈ দোষাৰোপ কৰিছিল৷ ইপিনে, দেশখনত চলি থকা সাম্প্ৰতিক ধৰ্মঘটৰ বাবে যুক্তিহীনভাৱে লেবাৰ পাৰ্টীক দোষী সাব্যস্ত কৰি দেশজুৰি উপহাসৰ পাত্ৰী হোৱা ৰাজস্থানী মূলৰ সুয়েলাই ব্যক্তিগত মেল আইডি ব্যৱহাৰ কৰি গৃহদপ্তৰৰ সংবেদনশীল তথ্য প্ৰেৰণ কৰিছিল সহকৰ্মীলৈ৷ তাৰ বাবে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল আৰু ভাৰতবিৰোধী স্থিতিৰ বাবে নতুন দিল্লীৰ ৰোষৰ সন্মুখীন হৈছিল৷ এনে একাধিক বিতৰ্কত সাঙোৰ খাই পৰাত সুয়েলাক তেতিয়াৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে পদত্যাগ কৰিবলৈ বাধ্য কৰে৷ এতিয়া সেই ভাৰতীয় মূলৰ ভাৰত-বিদ্বেষী সুয়েলাৰ বাবেই বিপদৰ মুখামুখি হৈছে ভাৰতীয় বংশোদ্ভৱ প্ৰধানমন্ত্ৰী ঋষি ছুনক৷ আনহাতে ইৰাকী মূলৰ ব্ৰিটিছ ৰাজনীতিক নাধিম জাহাৱিক কনজাৰভেটিভ পাৰ্টীৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ লগতে ঋষি ছুনকে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে৷ অৱশ্যে এতিয়ালৈকে তেওঁক কোনো বিভাগ অৰ্পণ কৰা হোৱা নাই৷