Logo
image

কেজৰিৱালৰ দেৱ-দেৱী কাৰ্ডত শ’লঠেকত বিজেপি

আমাৰ অসম, ২৭ অক্টোবৰঃ ‘নায়ক’ নামৰ এখন বলীউডী ৰিমেক ছবিত এদিনলৈ মুখ্যমন্ত্ৰী হৈ পাছত ৰাজ্যৰে মুখ্যমন্ত্ৰী হৈ পৰা অনিল কাপুৰৰ চৰিত্ৰটোক ভাৰতীয় দৰ্শকে পাহৰা নাই৷ ছবিখনত অনিল কাপুৰে তেওঁৰ পূৰ্ববৰ্তী শাসকৰ কুটিল ৰাজনীতি ধাৰ কৰি ব্যৱহাৰ কৰিছিল, যাৰ ফলত শলঠেকত পৰিছিল পূৰ্বৰ শাসকদল৷ পূৰ্ববৰ্তী শাসকে ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰা কুটিল ৰাজনীতি অনিল কাপুৰে জনকল্যাণৰ বাবে ব্যৱহাৰ কৰি নায়কত পৰিণত হৈছিল৷ এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে একেদৰেই বিজেপিৰ ধ্যান-ধাৰণা ব্যৱহাৰ কৰি কেন্দ্ৰ আৰু দেশৰ কেইবাখনো ৰাজ্যত শাসনাধিষ্ঠিত গেৰুৱা দলটোক বিপাঙত পেলাইছে৷ একে সময়তে কেজৰিৱালে তেওঁৰ বক্তব্য বা আহ৩ানেৰে বিজেপিক কটাক্ষও কৰিছে আৰু শলঠেকতো পেলাইছে৷ তাৰ বাবে তেওঁ ‘হাইজেক’ কৰিছে হিন্দুত্ববাদী দলটোৰ ভাৱাদৰ্শ৷ কেজৰিৱালৰ এই পদক্ষেপত আন একো কৰিব নোৱাৰি খঙত জ্বলিপকি একেলগে বহুকেইজন আগশাৰীৰ বিজেপি নেতা দিল্লীৰ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে দপদপাই উঠিছে৷

অৰবিন্দ কেজৰিৱালৰ কি মন্তব্যই শলঠেকত পেলাইছে হিমাচল প্ৰদেশ আৰু গুজৰাটৰ নিৰ্বাচনলৈ প্ৰস্তুতি চলাই থকা গেৰুৱা দলটোক? দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কেন্দ্ৰীয় চৰকাৰক আহ৩ান জনাই কয়– ‘ভাৰতীয় মুদ্ৰাৰ মূল্য দিনক দিনে পতন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে মোদী চৰকাৰে টকাৰ ওপৰত মহাত্মা গান্ধীৰ ছবিৰ লগতে লক্ষ্মীদেৱী আৰু গণেশ দেৱতাৰ ছবি ব্যৱহাৰ কৰা উচিত৷ টকাৰ মূল্যৰ পতনৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আন আন পদক্ষেপৰ লগতে এই দুগৰাকী দেৱ-দেৱীৰ ছবি ব্যৱহাৰ কৰিলে টকাই স্বৰ্গীয় আশীৰ্বাদ লাভ কৰিব৷ কিয়নো দীপাৱলীত আমি সকলোৱে সমৃদ্ধি লাভৰ বাবে লক্ষ্মীদেৱী আৰু বিঘ্ন দূৰ কৰাৰ বাবে গণেশ দেৱতাৰ পূজা কৰোঁ৷’ কেজৰিৱালে মোদী চৰকাৰলৈ আগবঢ়োৱা আহ৩ানত কয় যে এই পদক্ষেপ ল’লে সমগ্ৰ দেশে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিব৷ নিজৰ বক্তব্যত কেজৰিৱালে কয়, সম্প্ৰতি ভাৰতৰ অৰ্থনীতি সংকটাপন্ন৷ টকাৰ মূল্য দিনে দিনে পৰি আহিছে৷ দেশৰ অৰ্থনীতিৰ সংকট আঁতৰোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ উপাই আছে৷ তাৰ ভিতৰত চৰকাৰী স্কুলৰ সংখ্যাবৃদ্ধিৰ লগতে উন্নয়ন, চৰকাৰী হাস্পতাল নিৰ্মাণ আৰু উন্নতি সাধন, দেশৰ আন্তঃগাঁথনি নিৰ্মাণ আদি৷ কিন্তু এই সকলোবোৰৰ লগতে ভাৰতীয় মুদ্ৰাৰ ওপৰত মহাত্মা গান্ধীৰ উপৰি লক্ষ্মী দেৱী আৰু গণেশ দেৱতাৰ ছবি লগালে সমগ্ৰ দেশে দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰিব আৰু দেশ সমৃদ্ধিশালী হ’ব বুলি কেজৰিৱালে মন্তব্য কৰে৷ নিজৰ বক্তব্যৰ সপক্ষে যুক্তি দি তেওঁ কয় যে মুঠেই ২ শতাংশ হিন্দু থকা মুছলিমপ্ৰধান দেশ ইন্দোনেছিয়াৰ মুদ্ৰাৰ ওপৰত গণেশ দেৱতাৰ ছবি আছে৷ সেয়ে ভাৰততো তেনে পদক্ষেপ লোৱাৰ কোনো অসুবিধা নাই৷

কেজৰিৱালৰ এই ধৰ্মীয় মন্তব্য আৰু কটাক্ষই শেলে বিন্ধাদি বিন্ধিছে বিজেপিক৷ কিয়নো বিজেপিয়ে নিজকে হিন্দুধৰ্মৰ একমাত্ৰ ৰক্ষাকৰ্তা আৰু পৃষ্ঠপোষক হিচাপে এটা ধাৰণা সৃষ্টি কাৰ তাৰ পৰা ৰাজনৈতিক লাভালাভ লৈ আহিছে৷ এনেক্ষেত্ৰত অৰবিন্দ কেজৰিৱালে হিন্দু দেৱ-দেৱীৰ পক্ষ লৈ কৰা মন্তব্যই বিজেপিৰ পৰা হিন্দুত্বৰ আদৰ্শ ‘হাইজেক’ কৰাৰ দৰে হৈ পৰিছে৷ কেজৰিৱালৰ এই মন্তব্যত জ্বলিপকি উঠা বিজেপিৰ নেতাই এতিয়া কেজৰিৱালৰ অৰ্থনীতি সম্পৰ্কীয় কটাক্ষ উপেক্ষা কৰি তেওঁ কিমান হিন্দুবিৰোধী সেয়া প্ৰতিপন্ন কৰাৰ বাবে উঠিপৰি লাগিছে৷ বিজেপিৰ প্ৰগলভ নেতা সম্বিত পাত্ৰই কৈছে– এইজনেই সেইজন কেজৰিৱাল যি অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱাৰ বাবে অমান্তি হৈছিল৷ তেওঁৰ মতে তাত ভগৱানে পূজা গ্ৰহণ নকৰে৷ কেজৰিৱালে কাশ্মীৰি পণ্ডিতৰ বিষয়ে নিৰ্মাণ কৰা ছবিৰ বিৰোধিতা কৰিছিল৷ এতিয়া তেওঁ ৰাজনৈতিক লাভৰ বাবে হিন্দু দেৱ-দেৱীৰ নাম মুখত লৈছে৷ এনে মন্তব্য তেওঁৰ মুখত শোভা নাপায়৷ বিজেপি নেতা নীতিন কোহলিৰ মতে কেজৰিৱালে ধৰ্মৰ কথা ক’লেও তাত ৰাজনীতিৰ গোন্ধ থাকে৷ কেজৰিৱালে আটচবাজী জ্বলোৱা হিন্দুক কাৰাগাৰলৈ নিক্ষেপ কৰে৷ তেওঁ এতিয়া নিজৰ ‘ঔৰংগজেব ভাৱমূৰ্তি’ পৰিষ্কাৰৰ চেষ্টা কৰিছে৷ হিন্দুৱে তাৰ উচিত জৱাব দিব৷ আন এজন নেতা মনোজ তিৱাৰীয়ে কয়– কেজৰিৱালে আজিলৈকে পৱিত্ৰ যমুনা নদীখন পৰিষ্কাৰ কৰিব নোৱাৰিলে৷ তেওঁৰ এই বক্তব্যত ৰাজনৈতিক অভিসন্ধি সোমাই আছে৷ উল্লেখ্য, এজনো বিজেপি নেতাই কেজৰিৱালক তেওঁ দেশৰ অৰ্থনীতি আৰু টকাৰ মূল্যৰ পতনৰ ক্ষেত্ৰত কৰা মন্তব্যৰ বাবে সমালোচনা নকৰি বিষয়টোৰ পৰা আঁতৰি থাকে৷ প্ৰত্যেকৰে আপত্তি কেৱল কেজৰিৱালে হিন্দু দেৱ-দেৱীৰ নাম লোৱাত, য’ত বিজেপিয়ে নিজৰ ‘পেটেণ্ট’ থকা বুলি ভাবে৷