Logo
image

ফৰ্ম ঘূৰাই পালে কোহলিয়ে, ভাৰতৰ উজ্জীৱিত জয়

আমাৰ অসম, ২৮ অক্টোবৰঃ প্ৰায় দুবছৰ স্বাভাৱিক ছন্দত নাছিল তেওঁ৷ সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে বিবেচিত হ’লেও দুৰ্বল ফৰ্মৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল বিৰাট কোহলি৷ কিন্তু সকলো সমালোচনা নীৰৱে সহ্য কৰি তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈহে যেন অপেক্ষাৰত আছিল তেওঁ৷ সঠিক সময়ত ফৰ্ম ঘূৰাই পালে কোহলিয়ে৷ টুৱেণ্টী২০ বিশ্বকাপৰ ক্ৰমাগত দুখন খেলত অৰ্ধশতকীয় ইনিংছ খেলি সমালোকৰ মুখ বন্ধ কৰাৰ লগতে প্ৰমাণ কৰিলে তেওঁক ‘কিং’ আখ্যা দিয়াৰ যথাৰ্থতা৷ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন খেলত প্ৰায় একক প্ৰচেষ্টাৰে ভাৰতক জয়ী কৰোৱাৰ পাছত সৰ্বত্ৰ চলিছে কোহলিৰ জয়গান৷ পাকিস্তানৰ বিৰুদ্ধে ৫৩টা বলত ৮২ ৰানত অপৰাজিত থকা কোহলিয়ে বৃহস্পতিবাৰে নেডাৰলেণ্ডছৰ বিৰুদ্ধেও ৪৪টা বলত খেলিলে অপৰাজিত ৬২ ৰানৰ ইনিংছ৷ এই প্ৰদৰ্শনৰ পাছত টুৱেণ্টী২০ বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে ৩৩ বছৰীয়া বেটাৰজন৷ এই পৰ্যন্ত এই ৰেকৰ্ড আছে শ্ৰীলংকাৰ মাহেলা জয়ৱৰ্ধনেৰ [১০১৬] নামত৷ জয়ৱৰ্ধনেক চেৰ পেলাবলৈ কোহলিক প্ৰয়োজন আৰু ২৭ ৰান৷ যোৱাবাৰৰ টুৱেণ্টী২০  বিশ্বকাপত পাকিস্তান আৰু নিউজীলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ পাছত ছুপাৰ-১২ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছিল বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে৷  এইবাৰ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন খেলত জয়ী হোৱাৰ পাছত মনস্তাত্বিক দিশত বহুখিনি আগবাঢ়ি গৈছিল টীম ইণ্ডিয়া৷ বৃহস্পতিবাৰে নেডাৰলেণ্ডছক ৫৬ ৰানত হৰুৱাই গ্ৰুপ ‘দুই’ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে দলটো৷ উৎসাহৰ বিষয়টো হৈছে নেডাৰলেণ্ডছৰ বিৰুদ্ধে কোহলিৰ লগতে অৰ্ধশতকীয় ইনিংছ খেলিলে অধিনায়ক ৰোহিত শৰ্মা [৩৯টা বলত ৫৩] আৰু সূৰ্যকুমাৰ যাদৱেও [২৫টা বলত অপৰাজিত ৫১]৷ কোহলি, ৰোহিত আৰু সূৰ্যকুমাৰৰ এই প্ৰদৰ্শনৰ বলত ভাৰতে ২০ অভাৰত দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৯ ৰান৷ তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ নেডাৰলেণ্ডছে  ৯টা উইকেট হেৰুৱাই ১২৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ বলিঙত ভুৱনেশ্বৰ কুমাৰ, অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰে দুটাকৈ উইকেট৷ দুখন খেলত জয়ৰ পাছত পৰৱৰ্তী খেলত ভাৰত সন্মুখীন হ’ব লাগিব দক্ষিণ আফ্ৰিকাৰ প্ৰত্যাহ্বানৰ৷ দলটোৰ এতিয়া লক্ষ্য হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও সম্পূৰ্ণ পইণ্ট অৰ্জনেৰে ছেমিফাইনেল খেলাৰ দিশত আৰু এখোজ আগবাঢ়ি যোৱা৷