Logo
image

ৰাছিয়াক ক্ষান্ত হোৱাৰ আহ্বান ভাৰতৰ

পাৰমাণৱিক অনুশীলন, ডাৰ্টী বোম্ব আদিৰ মাজত বিশ্বযুদ্ধৰ আশংকা বৃদ্ধি

আমাৰ অসম, ২৮ অক্টোবৰঃ ইউক্ৰেইনত ৰাছিয়াই কৰা সামৰিক আক্ৰমণে আঠমাহ অতিক্ৰম কৰাৰ মাজতে বুধবাৰৰ পৰা ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন আৰম্ভ কৰাত গা কৰি উঠিছে তৃতীয় বিশ্বযুদ্ধৰ আশংকাই৷ এনে পৰিস্থিতিত বুধবাৰে ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্গেই শ্বইগু৷ উক্ত বাৰ্তালাপত ৰাছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনে তেজষ্ক্ৰিয় বোমা ব্যৱহাৰৰ আশংকাৰ বিষয়ে অৱগত কৰে৷ ইপিনে, ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে দেশ দুখনৰ মাজত সৃষ্টি হোৱা সংঘাত আলোচনা আৰু গণতান্ত্ৰিক পথেৰে সমাধান কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়৷ তদুপৰি ৰাছিয়াই হওক বা ইউক্ৰেইনেই হওক কোনো পক্ষই যাতে পাৰমাণৱিক বোমা ব্যৱহাৰ নকৰে তাৰ বাবে সতৰ্কতা অৱলম্বনৰ আহ্বান জনায়৷ ৰাজনাথ সিঙে স্পষ্ট কৰি দিয়ে যে তেজষ্ক্ৰিয় অস্ত্ৰৰ ব্যৱহাৰে মানৱতা লংঘন কৰিব৷ তদুপৰি ‘যুদ্ধ’ৰ এই পৰিস্থিতিত তেওঁ ৰাছিয়াক ক্ষান্ত হ’বলৈ আহ্বান জনায়৷

স্মৰ্তব্য যে শেহতীয়াকৈ বুধবাৰে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন আৰম্ভ কৰাৰ লগতে ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশত দেশখনৰ ‘ষ্ট্ৰেটেজিক নিউক্লিয়েৰ ফ’ৰ্চে’ মানৱবিহীন অঞ্চলত পৰমাণু অস্ত্ৰ বহন কৰিব পৰা বেলিষ্টিক মিছাইল নিক্ষেপ কৰি দীৰ্ঘসময় অনুশীলন চলায়৷ পাৰমাণৱিক অস্ত্ৰৰ এই অনুশীলন নিজৰ কাৰ্যালয়ৰ পৰা প্ৰত্যক্ষ কৰে আনকি ৰাষ্ট˜পতি পুটিনে৷ সংবাদ প্ৰতিষ্ঠানসমূহৰ বাতৰি মতে ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে ‘ডাৰ্টি বম্ব’ ব্যৱহাৰ কৰিব পাৰে বুলিয়েই পুটিনৰ নিৰ্দেশত ৰাছিয়াৰ বিশেষ বাহিনীটোৱে পৰমাণু অস্ত্ৰৰ অনুশীলন আৰম্ভ কৰিছে৷ উল্লেখ্য, ডাৰ্টী বম্ব’ এনে এবিধ ভয়ংকৰ বোমা য’ত তেজষ্ক্ৰিয় পদাৰ্থ ভৰি থাকে৷ এই বোমাই সৰু-সুৰা পাৰমাণৱিক বোমাৰ দৰেই ক্ষতি কৰে৷ এনে বোমাৰ বিস্ফোৰণত তেজিষ্ক্ৰয় পদাৰ্থ নিৰ্গত হোৱাৰ লগতে ইয়াৰ দ্বাৰা আক্ৰান্ত লোকৰ পলমকৈ মৃত্যু হয়৷ ডাৰ্টীবোমাত ইউৰেনিয়ামৰ দৰে তেজষ্ক্ৰিয় পদাৰ্থ ব্যৱহাৰ হয়৷ ফলত এই বোমা বিস্ফোৰণ হ’লে তেজষ্ক্ৰিয় পদাৰ্থসমূহ বতাহত বিয়পি পৰে৷ আনহাতে, পাৰমাণৱিক বোমাত উচ্ছ মাত্ৰাৰ পৰিশোধিত তেজষ্ক্ৰিয় পদাৰ্থ ব্যৱহাৰ হয়৷ কিন্তু ডাৰ্টী বোমাত সাধাৰণতে হাস্পতাল, পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰ বা গৱেষণাগাৰ, পৰীক্ষাগাৰৰ পৰা লোৱা তেজিষ্ক্ৰয় পদাৰ্থ ব্যৱহাৰ হয়৷ ফলত এই বোমা কম সময়ত আৰু কম খৰচত প্ৰস্তুত কৰিব পৰা যায়৷ তদুপৰি ইয়াক সহজতে বহন কৰিব পাৰি৷ কোনো এলেকাৰ ক্ষতি কৰিব বিচাৰিলে এই বোমাত তেজষ্ক্ৰিয় পদাৰ্থসমূহ পাউদাৰ হিচাপে ব্যৱহাৰ কৰা হয়৷ পাউডাৰৰ গুৰি বেছি মিহি হ’লে ই বতাহত বেছি দূৰলৈ বিয়পি পৰে আৰু ক্ষতিৰ পৰিধি বৃদ্ধি পায়৷ তেজষ্ক্ৰিয় পদাৰ্থ বিয়পি পৰিলে মানুহ কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে৷ এনে বোমা বিস্ফোৰিত হ’লে লগে লগে উক্ত এলেকা জনশূন্য কৰা হয়৷ বিশ্বত ডাৰ্টী বোমা এতিয়ালৈকে কোনো এখন দেশে আক্ৰমণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই কিন্তু চেষ্টা চলিছিল৷ ১৯৯৬ চনত মস্কোৰ এখন পাৰ্কত ছেছনিয়াৰ বিদ্ৰোহীয়ে এনে বোমা স্থাপন কৰিছিল৷ উক্ত বোমাত ব্যৱহাৰ হোৱা তেজষ্ক্ৰিয় পদাৰ্থসমূহ কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ হোৱা সৰঞ্জামৰ পৰা সংগ্ৰহ কৰা হৈছিল৷ ১৯৯৮ত ছেছনিয়াৰ এটা ৰে’ললাইনৰ ওচৰত চোৰাংচোৱাই উদ্ধাৰ কৰিছিল এটা ডাৰ্টী বোমা৷ ইয়াৰ পাছত ২০০২ চনত আমেৰিকাত ডাৰ্টী বোমা আক্ৰমণৰ পৰিকল্পনা কৰা আৰু আলকায়দাৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ অপৰাধত হোছে পাডিয়া ওৰফে আব্লুল্লা মুজাহিদ নামৰ এটা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হয়৷ পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীটোক ২১ বছৰৰ কাৰাদণ্ড বিহা হয়৷ ইয়াৰ কিছুদিন পাছত ব্ৰিটেইনৰ এজন নাগৰিকক ডাৰ্টী বোমা প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়৷ শেহতীয়াকৈ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই এনে ডাৰ্টী বোমা ব্যৱহাৰৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি অভিযোগ কৰিছে৷ ইয়াৰ বিপৰীতে ইউক্ৰেইনে ৰাছিয়াৰ এই অভিযোগ নস্যাৎ কৰি ৰাছিয়াইহে এনে বোমা ব্যৱহাৰৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰিছে৷