Logo
image

কেন্সাৰৰ আশংকা! নিষিদ্ধ কৰা হ’ল ডাভ, নেক্সাছ আদি ছেম্পু

আমাৰ অসম, ২৮ অক্টোবৰঃ আমেৰিকাত শ্বেম্পুকে ধৰি একাধিক প্ৰসাধনী সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে দেশখনৰ খাদ্য আৰু ঔষধ নিয়ামক সংস্থা ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন’ অৰ্থাৎ এফডিএই৷ সংস্থাটোৰ মতে শ্বেম্পুত বেঞ্জিন নামৰ এবিধ উপাদান পোৱা গৈছে, যাৰ পৰা কেন্সাৰকে ধৰি বিভিন্ন জটিল ৰোগ হ’ব পাৰে৷ শেহতীয়াকৈ এফডিএৰ ৱেবছাইটত প্ৰকাশ পাইছে এনে একাধিক ‘ৰকাজোলিক’ শ্বেম্পু আৰু ‘এৰোছল ড্ৰাই শ্বেম্পু’ৰ নাম৷ তালিকাখনত সন্নিবিষ্ট হৈছে ইউনিলিভাৰৰ ‘ডাভ’, ‘ট্ৰেছামে’ আৰু ‘নেক্সাছ’ৰ দৰে ব্ৰেণ্ডসমূহো৷

এই তালিকাখন প্ৰকাশ পোৱাৰ পাছতে ইউনিলিভাৰে ২০২১ চনৰ পূৰ্বে প্ৰস্তুত কৰা বিভিন্ন শ্বেম্পু বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ ইয়াৰ পূৰ্বে ২০২১ চনতো একেধৰণে ‘জনছন এণ্ড জনছন’, ‘পি এণ্ড জি’ আৰু ‘অ’ল্ড স্পাইচ’ৰ দৰে কোম্পানীসমূহে তেওঁলোকৰ বিভিন্ন প্ৰসাধনী সামগ্ৰীৰ বিক্ৰী প্ৰত্যাহাৰ কৰা দেখা গৈছিল৷ পিএণ্ডজি অৰ্থাৎ ‘প্ৰক্টৰ এণ্ড গেম্বল’ নামৰ কোম্পানীটোৱে নিজৰ উৎপাদিত প্ৰসাধনী সামগ্ৰীসমূহৰ ওপৰত বিশেষ পৰীক্ষা-নিৰীক্ষাও চলাইছিল৷ ইয়াৰ পাছতে যোৱা ডিচেম্বৰ মাহত কোম্পানীটোৱে পেণ্টিন এণ্ড হাৰ্বেল এছেঞ্চেছ ড্ৰাই শ্বেম্পুবিধৰ বিক্ৰী প্ৰত্যাহাৰ কৰে কোম্পানীটোৱে৷

এফডিএৰ তৰফৰ পৰা জনোৱা মতে এনেধৰণৰ ‘ড্ৰাই শ্বেম্পু’ত প্ৰ’পেইন আৰু বিউটেন ব্যৱহাৰ কৰা হয়৷ এইবোৰ পেট্ৰ’লিয়ামৰ পৰা পোৱা যায়৷ পেট্ৰ’লিয়ামজাত বিভিন্ন পদাৰ্থত অশোধিত ৰূপত মিহলি হৈ থাকে ‘বেঞ্জিন’ নামৰ এবিধ উপাদান, যাৰ নিয়মিত সংস্পৰ্শই দেহত বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰে৷ আনকি লিউকিমিয়া বা তেজৰ কৰ্কটৰ দৰে ৰোগো হ’ব পাৰে৷ যাৰ বাবে এনে উপাদানমিশ্ৰিত শ্বেম্পুৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে আমেৰিকাত৷