Logo
image

গোৱালপাৰাৰ ডিচিৰ অনুমতি লৈছিল মিঞা মিউজিয়ামৰ উদ্যোক্তাই

আমাৰ অসম, ২৮ অক্টোবৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত অসম মিঞা [অসমীয়া] পৰিষদে স্থাপন কৰা মিঞা মিউজিয়াম প্ৰশাসনে ছীল কৰি দিয়াৰ লগতে উদ্যোক্তা আৰু উদ্বোধকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ আজিও ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ মিঞা মিউজিয়ামৰ উদ্যোক্তা মহৰ আলী আৰু আব্দুল বাতেনৰ লগতে উদ্বোধক তনু ধাদুমীয়াকো আল কায়দাৰে সম্পৰ্ক থকাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ মিঞা মিউজিয়ামৰ উদ্বোধনৰ দুদিনৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰশাসনে মিউজিয়ামটো ছীল কৰি দিয়ে যদিও গোৱালপাৰা জিলা উপায়ুক্তৰ জ্ঞাতসাৰেই মিউজিয়ামটো উদ্বোধন কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ মিঞা মিউজিয়ামৰ উদ্বোধনৰ অনুমতি বিচাৰি অসম মিঞা [অসমীয়া] পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক এম আমিৰ হুছেইনে ১৭ অক্টোবৰত গোৱালপাৰা জিলা উপায়ুক্তক পত্ৰ যোগে অৱগত কৰিছিল৷ আনকি উপায়ুক্তৰ কাৰ্যলয়ে ছীল-মোহৰ মাৰি উক্ত পত্ৰ গ্ৰহণ কৰি পৰিষদক প্ৰত্যায়িত প্ৰতিলিপিও প্ৰদান কৰিছিল৷ স্বাভাৱিকতেই বিতৰ্কিত মিঞা মিউজিয়ামটো উদ্বোধনৰ সন্দৰ্ভত জিলা প্ৰশাসন আগতীয়াকৈ  অৱগত হোৱাৰ পাছতো কিয় প্ৰথমেই বন্ধ কৰা নাছিল বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ মিঞা মিউজিয়ামটো উদ্বোধনৰ পাছত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে শাসক বিৰোধী উভয় পক্ষই ৰাজনীতি কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনে ৰৈ আছিল নেকি বুলিও এতিয়া প্ৰশ্ন কৰিছে বিভিন্নজনে৷ যদিহে উপায়ুক্তৰ জ্ঞাতসাৰেই মিঞা মিউজিয়ামটো উদ্বোধন হৈছিল, তেনেহ’লে মিউজিয়ামটো ছীল কৰিবলৈ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলা উপায়ুক্তৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই বুলিও সামাজিক মাধ্যমত প্ৰশ্ন উঠিছে৷ মিঞা মিউজিয়ামক লৈ ৰাজনীতি কৰাৰ দিয়াৰ স্বাৰ্থত গোৱালপাৰা জিলা প্ৰশাসনে আগতীয়াকৈ কোনো ব্যৱস্থা লোৱা নাছিল বুলিও অভিযোগ উঠিছে৷ অৱশ্যে মিঞা মিউজিয়ামক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহৰণ কৰিলেও মিঞা মিউজিয়ামৰ সমৰ্থনত পুনৰ থিয় দিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বিধায়ক শ্বেৰমান আলীয়ে কয়–‘মিঞা মিউজিয়াম সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা আব্দুল বাতেন, মহৰ আলী আৰু গিয়াছুদ্দিনৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব৷’ মিঞা মিউজিয়াম সমৰ্থনেই নহয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞাৰ দুই এপদ সম্পদ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিতৰ্কিত বিধায়কজনে৷ ইমানতে ক্ষান্ত নাথাকি আৰু এখোপ ওপৰলৈ গৈ বিধায়ক শ্বেৰমানে কয় কেৱল কলাক্ষেত্ৰতে নহয়, চ্ছ জানুৱাৰীৰ পেৰেডতো মিঞা সংস্কৃতি প্ৰদৰ্শন কৰিব লাগে৷ মিঞাৰ বিষয়ে বেয়াকৈ ক’লে যাৰ বুকু বিষাই সেইজনহে প্ৰকৃত মিঞা৷ গ্ৰেপ্তাৰ হোৱা কেইজনক নেলছন মেণ্ডেলাৰ উদাহৰণ দি ধৈৰ্য্য ধৰিবলৈ আহ৩ান জনায় শ্বেৰমান আলী আহমেদে৷

গোলাঘাটত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোচৰ

গোৱালপাৰা জিলাৰ লক্ষ্মীপুৰত বহু বিতৰ্কিত মিঞা মিউজিয়াম স্থাপনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে গোলাঘাট আৰক্ষী থানাত বৃহস্পতিবাৰে এখন এজাহাৰ দাখিল কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই৷ বৃহত্তৰ অসমীয়া জাতি তথা অনুসূচিত জাতিৰ মাছমৰীয়াই অতীজৰে পৰা ব্যৱহাৰ কৰি অহা চাবৰেং, জাকৈ, খালৈ, খৰাহী ইত্যাদি মাছমৰা সামগ্ৰী বিতৰ্কিত মিউজিয়ামটোত সংৰক্ষিত কৰি সেইবোৰ মিঞাকৰণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি সংশি¡ষ্ট সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাই সংগঠনটোৱে৷ ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কয় যে অনুসুচিত জাতিৰ নানান সঁজুলি বিতৰ্কিত মিউজিয়ামটো স্থাপন কৰি অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলি আৰু তেওঁৰ সহযোগীসকলে অনুসূচিত জাতিৰ স্বাভিমানত আঘাত হানিছে৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাসে অভিযোগ কৰি কয় যে উক্ত কাৰ্যৰ জৰিয়তে উদ্যোক্তাসকলে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত থকা সাতামপুৰুষীয়া ঐক্যত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলাইছে৷

কিছুদিনৰ পাছত অস্ত্ৰ-শস্ত্ৰৰ কাৰখানা খুলিব বিচাৰিব মিঞাইঃ পদ্ম হাজৰিকা

মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি তোলপাৰ লাগি থকাৰ সময়তে এইবাৰ মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ অসমৰ মাটিত মিঞা মিউজিয়ামৰ প্ৰসংগ কেতিয়াও নাহে বুলি উল্লেখ কৰি বাংলাদেশী মূলৰ মানুহে মিঞা মিউজিয়াম খুলি একপ্ৰকাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ বাবে প্ৰতিকী ভাবুকি দিয়া বুলি উল্লেখ কৰি মিঞা মিউজিয়াম খোলাসকলক কঠোৰ হাতৰে দমন কৰি দৃষ্টান্তমূলক শাস্তি নিদিলে এইসকলে কিছুদিনৰ পাছত অসমত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি কৰিবৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ কাৰখানা খুলিব বুলিও ব্যক্ত কৰে বিধায়ক পদ্ম হাজৰিকাই৷ ইফালে মিঞা মিউজিয়ামক লৈ কংগ্ৰেছ দলে কৌশলী স্থিতি গ্ৰহণ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে, অসমীয়া জাতিৰ ভাবুকি সৃষ্টি কৰা এইবোৰ কথাত যদি কংগ্ৰেছ দল নিমাত থাকি মিঞাক লৈ ৰাজনীতি কৰিম বুলি ভাবিছে তেন্তে কংগ্ৰেছে আগন্তুক দিনত বাংলাদেশত গৈ ৰাজনীতি কৰিব লাগিব বুলিও মন্তব্য কৰে চতিয়াৰ বিধায়কজনে৷ অসমীয়া জাতিৰ বাবে বাবে অহা প্ৰত্যাহ্বান তথা জটিল সময়বোৰৰ ক্ষেত্ৰত বৰ্তমানৰ কংগ্ৰেছ দলৰ স্থিতি সবল নোহোৱাৰ বাবেই কংগ্ৰেছ বৰ্তমান নিচিহ্ন হোৱাৰ পথত গতি কৰা বুলিও মন্তব্য প্ৰকাশ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷

মিঞা জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ নহয়ঃ সাংসদ দিলীপ শইকীয়া

মিঞা মিউজিয়াম অসমীয়া জাতীয়সত্ত্বা বা ভাৰতীয় জাতীয়তাবাদক দুৰ্বল কৰাৰ এক গভীৰ ষড়যন্ত্ৰ বুলি ব্যক্ত কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই৷ আজি সাংসদজনে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বৰক্ষেত্ৰী সমষ্টিৰ বহু বিজেপি নেতা-কৰ্মীসহ কিছুদিন পূৰ্বে ইহলীলা সম্বৰণ কৰা বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ প্ৰয়াত প্ৰাক্তন সভাপতি সুৰেণ ডেকাৰ বাসগৃহত উপস্থিত হয়৷ সাংসদজনে সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যত বৰ্তমান চৰ্চা অব্যাহত থকা মিঞা মিউজিয়াম সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমত সকলো অসমীয়া হিচাবে পৰিচিত আৰু সকলো জাতি-জনগোষ্ঠী লগ হৈ বৰ অসমৰ ভেটি নিৰ্মাণৰ চেষ্টা চলাই থকা বুলি উল্লেখ কৰে৷ মিঞা মিউজিয়াম প্ৰতিষ্ঠা কৰি খিলঞ্জীয়া মুছলমান তথা অসমীয়াৰ আবেগৰ বিৰুদ্ধে খেলা কৰিব বিচৰা বুলি ব্যক্ত কৰি ইয়াৰ আৰত জেহাদী শক্তি থকাৰ সন্দেহ প্ৰকাশ কৰি সম্পূৰ্ণ বিষয়টো চৰকাৰে তদন্ত কৰি থকাৰ লগতে কিছু তথ্য লাভ কৰা বুলিও উল্লেখ কৰে৷ মিঞা মিউজিয়াম অসমত হ’ব নোৱাৰে এইয়া ধ্ৰুৱসত্য বুলি উল্লেখ কৰি অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলো জাতি-জনগোষ্ঠী একেলগে আগবাঢ়িব লাগিব বুলি ব্যাখ্যা কৰে৷ মিঞাৰ ক্ষেত্ৰত কংগ্ৰেছ, জাতীয় পৰিষদ, অখিল গগৈ সকলো নিমাত বুলি কৈ মিঞা অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ নহয় বুলিও উল্লেখ সাংসদজনৰ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাই কোৱাৰ দৰে কোনোবাই নতুন ৰূপত অসমীয়া কৃষ্টি-সংস্কৃতিক মানি ল’লে তেওঁলোকো অসমীয়া, কিন্তু মিঞা মিউজিয়াম প্ৰতিষ্ঠা কৰাসকলে ন-ৰূপত অসমীয়া হ’ব নিবিচাৰে, অসমীয়াৰ মাজতে বিভাজনহে আনিব বিচাৰে বুলি ব্যক্ত কৰে৷ মিঞা মিউজিয়াম প্ৰতিষ্ঠাৰ অন্তৰালত যি শক্তি আছে তাক বিচাৰি উলিয়াই চৰকাৰে উচিত তদন্ত কৰিব বুলিও আশা ব্যক্ত কৰে সাংসদজনে৷