Logo
image

‘ককাদেউতা নাতি আৰু হাতী’ত হিমন্তবিশ্ব আছিল সহঅভিনেতা

আমাৰ অসম, ২৮ অক্টোবৰঃ অসমীয়া কথাছবি জগতৰ মহানায়কস্বৰূপ নিপন গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷ শতাধিক অসমীয়া চিনেমাত অভিনয় কৰা অসমীয়া চলচ্ছিত্ৰ জগতৰ অন্যতম কাণ্ডাৰী নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সামাজিক মাধ্যম টুইটাৰযোগে এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়– ‘অসমীয়া চলচ্ছিত্ৰ উদ্যোগলৈ অগ্ৰণী অৱদান আগবঢ়োৱা নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত হৈছে৷ তেওঁৰ বৈচিত্ৰ্যময় কৰ্মৰাজিক চলচ্ছিত্ৰপ্ৰেমীয়ে স্মৰণ কৰিব৷ তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো৷’ ইপিনে সংগীত নাটক একাডেমীৰ আজি অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকত অসমৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ সদগতি কামনা কৰে৷ সভাত একাডেমীৰ সভাপতি ড॰ সন্ধ্যা পুৰেচিয়া, সচিব অনেস পি ৰাজন, অসমৰ সদস্য ড॰ অনিল শইকীয়া, ড॰ প্ৰদীপজ্যোতি মহন্ত আদি উপস্থিত থাকে৷ সভাত ডঃ অনিল শইকীয়াই নিপন গোস্বামীৰ জীৱন পৰিক্ৰমা ব্যাখ্যা কৰি বৈঠকত এটা শোক প্ৰস্তাৱ দাঙি ধৰে৷ যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এক শোক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়– ‘অসমীয়া চলচ্ছিত্ৰ জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো৷ শৈশৱত ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ চলচ্ছিত্ৰখনত অভিনয় কৰাৰ সময়তে অভিনেতাগৰাকীৰ  সান্নিধ্য লাভ কৰিছিলো৷ গোস্বামীয়ে বহু কেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী আৰু মননশীল চৰিত্ৰত অভিনয় কৰিছিল৷ ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ তেখেতে আগবঢ়াই যোৱা এই অৱদানৰাজি স্মৰণীয় হৈ থাকিব৷ নিপন গোস্বামীৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷ অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিলো৷’ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়েও জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোকপ্ৰকাশৰ লগতে শোকাৰ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷ প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ তেওঁ কয়– ‘অসমৰ সাংস্কৃতিক আকাশৰ পৰা নোহোৱা হ’ল এটি উজ্জ্বল ভোটাতৰা৷ আমাৰ সকলোৰে প্ৰিয় নিপনদাৰ প্ৰয়াণৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছোঁ৷ তাহানিতে ৰূপালী পৰ্দাত সুদৰ্শন নায়ক নিপনদা অভিনীত বহুকেইখন জনপ্ৰিয় চিনেমা চোৱাৰ সোণালী দিনবোৰ মনত পুনৰ ভাঁহি উঠিছে৷ ১৯৬০ৰ দশকৰ পৰা অজস্ৰ দৰ্শকৰ হৃদয়ত সাঁচ বহুৱাই সৌ সিদিনালৈ অসমীয়া চলচ্ছিত্ৰ জগতত সপ্ৰতিভ হৈ থকা নিপন গোস্বামীৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি৷ বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান আমি শ্ৰদ্ধাৰে সুঁৱৰি যাম৷ নিপনদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধৰ দুখৰ সমভাগী হৈছোঁ৷’ যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ নেতাত্ৰয়ে গোস্বামীৰ বিয়োগ অসমীয়া সাংস্কৃতিক জগতৰ বাবে বৃহৎ ক্ষতি বুলি অভিহিত কৰে৷ অভিনেতা দীনেশ দাস, মন্ত্ৰী যোগেন মহন, চলচ্ছিত্ৰ পৰিচালক অসীম বৈশ্য, অভিনেতা অৰুণ হাজৰিকা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, মন্ত্ৰী অতুল বৰা, অভিনেতা জয়ন্ত দাস, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, দেবেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰ গোহাঁই, ৰাতুল হুছেইন, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱাল আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেয়ে অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই অসমীয়া কথাছবি জগতৰ মহানায়ক নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ সাংস্কৃতিক জগতৰ আগশাৰীৰ কাণ্ডাৰীগৰাকীৰ প্ৰয়াণ অসমৰ সাংস্কৃতিক জগতৰ এক বৃহৎ ক্ষতি বুলি অভিহিত কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ ন্যাসৰ হৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে অসমীয়া বোলছবি জগতক নতুন গতি প্ৰদান কৰা বৰেণ্য অভিনেতা  নিপন গোস্বামীৰ বিয়োগত শোক প্ৰকাশ কৰিছে ড॰ ভূপেন হাজৰিকা ফাউণ্ডেছনৰ সচিব দীপাংক হাজৰিকাই৷ সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়ালবৰ্গই নিপন গোস্বামীৰ স্মৃতিত সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ কথাও হাজৰিকাই উল্লেখ কৰিছে৷ পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, সদৌ অসম মুৰব্বী বিষয়া-আমোলা সন্থা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, বালিপৰা প্ৰেছ ক্লাব, গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জীতেন দাস আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহিম জিব্ৰান, গোৱালপাৰা পৌৰসভাৰ সভাপতি মহানন্দ পাঠক, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড॰ সব্যসাচী মহন্ত আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, আছু নেতা সমীৰণ ফুকন, আটাছুৰ সভাপতি বসন্ত গগৈ, অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ, ঐক্য সেনা অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, বীৰ লাচিত সেনাৰ শৃংখল চলিহা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মণিৰুল ইছলাম বড়া,  গ্ৰাম্য সাংবাদিক সন্থা, দিচাংমুখ প্ৰেছ ক্লাৱ আদিয়ে অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু শইকীয়া, আছুৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালেও নিপন গোস্বামীৰ মৃত্যুক শোক প্ৰকাশ কৰিছে৷ আনহাতে অসম শিল্পী কানন, নগাঁও জিলা সাহিত্য সভা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়কদ্বয় ৰূপক শৰ্মা আৰু জিতু গোস্বামী, সদৌ অসম উচ্ছতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও কলা মন্দিৰ, নগাঁও প্ৰেছ ক্লাৱ, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, সাংস্কৃতিক কম¹ গোপাল জালান, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু উপ-সভাপতি দ্বিজেন শৰ্মা, শুৱালকুছিৰ শংকৰ-মাধৱ কলা বিকাশ কেন্দ্ৰ, শুৱালকুছিৰ সাংবাদিক সন্থা, ত্ৰিবেণী সংঘ, শুৱালকুছি মহাবিদ্যালয় সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি,  উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা, মাজুলীৰ ৰাসলীলা মঞ্চ, মাজুলী  জিলা সাহিত্য সভা, মাজুলী জিলা সত্ৰ সভা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি, সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী, শিল্পী ৰঞ্জিত মহন্ত,  বিহপুৰীয়া প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত মৃণাল বৰদলৈ আৰু টুলটুল হাজৰিকা, অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বৃহত্তৰ গুৱাহাটী বিহু সন্মিলন সমন্বয় সমিতি, বালিপৰা গাঁও পঞ্চায়ত, ডিৱাইএফআই, গণনাট্য সংঘ, অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি দুৰ্লভ চন্দ্ৰ মহন্ত আৰু  প্ৰধান সম্পাদক বিপুল তালুকদাৰ, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সভাপতি দীলিপ কুমাৰ চক্ৰৱৰ্তী, অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম শিল্পী সন্মিলনীৰ কাৰ্যকৰী সভাপতি সত্যেন্দ্ৰ ডেকা আৰু সচিব প্ৰধান কৈলাশ শৰ্মা, অসম মহিলা সংঘৰ সম্পাদিকা অসমী গগৈ, শিল্পী সাহায্য নিধি অসম, গুৱাহাটী আৰ্টিষ্ট গীল্ড, সদৌ অসম শিল্পী সমাজ আদিয়ে বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোকপ্ৰকাশৰ লগতে শোকাৰ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ [‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ‘আমাৰ অসম’ৰ মহানগৰ বাতৰি, ‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক; নগাঁও, শিৱসাগৰ, গোলাঘাট আৰু লখিমপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ;  বালিপৰা,   দিচাংমুখ, মৰাণ, বটদ্ৰৱা, টীয়ক, বেবেজীয়া, তামুলপুৰ, ডিমৌ, মাজুলীআৰু শুৱালকুছিৰ প্ৰতিবেদকৰ  সহযোগত৷]