Logo
image

ডিব্ৰুগড়ত ছিগিল মথাউৰি

আমাৰ অসম, ২৮ অক্টোবৰঃ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ খহনীয়াই ডিব্ৰুগড়ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ খহনীয়াই অধিক আগ্ৰাসী ৰূপ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান বিন্ধাকটা অঞ্চলত৷ ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ নৈপৰীয়া ৰাইজ৷ ডিব্ৰু নৈৰ প্ৰবল খহনীয়াই আজি উটুৱাই নিলে খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা কোটিটকীয়া জিঅ’বেগ প্ৰকল্প৷ ইফালে দুদিনমানৰ পূৰ্বে কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপৰিবহণ আৰু আয়ুস মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুদিনমানৰ পূৰ্বে খহনীয়া পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টেলিফোনিক বাৰ্তালাপৰ পাছতে চপৰা-চপৰকৈ খহা ভয়াৱহ খহনীয়াই বিপদ মাতিছে অঞ্চলটোৰ বহুকেইখন গাঁৱলৈ৷ আজি বিন্ধাকটা অঞ্চলৰ খালগাঁও নামঘৰ সমীপতে ভয়াৱহ ৰূপ লৈছে ডিব্ৰু নৈৰ খহনীয়াই৷ অঞ্চলটোত নিৰ্মাণ কৰা একমাত্ৰ সুৰক্ষা বান্ধৰ প্ৰতিও নামি আহিছে তীব্ৰ ভাবুকি৷ ইতিমধ্যে ডিব্ৰু নৈৰ খহনীয়াই জিঅ’বেগ উটুৱাই নিয়াৰ পাছতে অধিক আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ৷ ডিব্ৰু নৈৰ কাষতে থকা এটা বাসগৃহ যিকোনো মুহূৰ্ততে জাহ যোৱাৰ পথত৷ সম্প্ৰতি এক অনাকাংক্ষিত পৰিৱেশত দিন কটাবলগীয়া হৈছে অঞ্চলটোৰ লোকসকল৷ কেৱল খালগাঁওৱে নহয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা গাঁও মুলুক গাঁৱৰ উপৰি বৰাগাধৈ, বিন্ধাকটা, পুখুৰীজান, বালিজান আদি গাঁওসমূহৰ প্ৰতিও নামি আহিছে অস্তিত্বৰ সংকট৷ শেহতীয়াকৈ উত্তৰ-পূবৰ অন্যতম সামৰিক ঘাটি দিনজান সেনা শিবিৰ সুৰক্ষাৰ বাবে ১১০ কোটি আৱণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে৷ অহা চাৰিমাহৰ ভিতৰত খহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিব বিভাগীয় লোকে৷ কিন্তু ইয়াৰ সমীপতে হৈ থকা বৃহৎ এলেকাৰ ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কতৃৰ্পক্ষই৷ কোটি কোটি টকা ব্যয়েৰে ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’বেগ নিৰ্মাণ কৰা হ’ল যদিও শেহতীয়াকৈ প্ৰবল খহনীয়াই জিঅ’বেগ উটুৱাই নিয়াৰ পাছতে খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা জিঅ’বেগ স্থাপনত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷ এই সন্দৰ্ভত বিভাগীয় কতৃৰ্পক্ষৰ তদন্তৰ দাবী জনাইছে৷ উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে গেৰেকী নেপালী গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয় ডিব্ৰু নৈৰ প্ৰবল খহনীয়াই উটুৱাই নিছিল৷ সম্প্ৰতি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ খহনীয়াই৷