Logo
image

সাহিত্য সভাৰ সভাপতিৰ দৌৰত ছজন

আমাৰ অসম, ২৮ অক্টোবৰঃ অসম সাহিত্য সভাৰ সভাপতিৰ দৌৰত আছে ছজন বিশিষ্ট ব্যক্তি৷ বুধ আৰু বৃহস্পতিবাৰে মনোনয়ন-পত্ৰ দাখিলপৰ্ব সমাপ্ত হোৱাৰ পাছত এই কথা স্পষ্ট হৈ পৰিল যে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে মৰ্যাদাপূৰ্ণ পদ কোনেও কাকো বিনাযুদ্ধে এৰি দিবলৈ প্ৰস্তুত নহয়৷ বৃহস্পতিবাৰে সাহিত্য সভাৰ সভাৰ সভাপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰে ৰোমান শৰ্মা আৰু প্ৰহ্লাদ চন্দ্ৰ তাছাই৷ বুধবাৰে য়েছে দৰজে ঠংচি, সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন আৰু ড॰ জগদীশ পাটগিৰিয়ে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিছিল৷ সেয়ে সম্প্ৰতি সাহিত্য সভাৰ সভাপতিৰ দৌৰত আছে ছজন বিশিষ্ট ব্যক্তি৷ অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ছজনকৈ সদস্য৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ধীৰেন শৰ্মা, বাগ্‌সাৰ গণেশ চন্দ্ৰ নাথ, গোলাঘাটৰ পৱিত্ৰ বৰবৰা আৰু তিনিচুকীয়াৰ গিৰীশ সন্দিকৈয়ে উপ-সভাপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰে৷ একেটা পদৰ বাবে বুধবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিছিল গোবিন্দ তালুকদাৰ আৰু ড॰ বসন্ত কুমাৰ শৰ্মাই৷ ইফালে, প্ৰধান সম্পাদক পদৰ বাবে বৃহস্পতিবাৰে মনোনয়ন-পত্ৰ দাখি কৰে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা [দৰং], বৰ্তমানৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰা [গুৱাহাটী] আৰু যোৰহাটৰ ৰমানন্দন বৰাই৷ সাহিত্য সভাৰ প্ৰধান সম্পাদক পদৰ বাবে বুধবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিছিল দৰঙৰ চহিৰ ভূঞা, হোজাইৰ অনুপ বৰঠাকুৰ আৰু ধুবুৰীৰ ড॰ উপেন্দ্ৰজিৎ শৰ্মাই৷ উল্লেখ্য, এইবাৰ অসম সাহিত্য সভাৰ যোৰহাটস্থিত প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰাৰ বিপৰীতে গুৱাহাটীস্থিত কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত মনোনয়ন-পত্ৰ জমা দিয়ে৷ ২৮ অক্টোবৰ, শুকুৰবাৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ দিন৷ সেইদিনা যদি কোনো প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ নকৰে তেন্তে অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে ছজনকৈ মুঠ ১৮জন সদস্য নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ ২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ আৰু সংগ্ৰহ কৰাৰ দিন ধাৰ্য কৰা হৈছে৷ ১৩ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব ভোটদানপৰ্ব৷ সেইদিনাই ভোটৰ বাকচ সংস্থাপিত কৰা হ’ব গুৱাহাটীৰ প্ৰধান ডাকঘৰ মেঘদূত ভৱনত৷ ডাকযোগে অহা ভোটপত্ৰসমূহ ৪ ডিচেম্বৰৰ ভিতৰত নিৰ্দিষ্ট ভোট বাকচত জমা হ’ব লাগিব৷ ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত বন্ধ কৰা হ’ব ভোটৰ বাকচ৷ তাৰ পাছতেই পাণবজাৰ আৰক্ষী থানাৰ জিম্মাত থাকিব অসম সাহিত্য সভাৰ ভোটৰ বাকচ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত ভোটগণনাৰ দিন চূড়ান্ত কৰিব৷