Logo
image

নৱগ্ৰহত নিপন গোস্বামীৰ শেষকৃত্য

সহস্ৰ গুণমুগ্ধৰ উচুপনি, মুখাগ্নি কৰিলে পুত্ৰ সিদ্ধাৰ্থই

আমাৰ অসম, ২৯ অক্টোবৰ :  অসমবাসীক শোক সাগৰত ডুবাই অৱশেষত পঞ্চভূত বিলীন হ’ল ‘আদৰৰ’ অভিনেতা নিপন গোস্বামী৷ শুকুৰবাৰে সহস্ৰজনৰ উপস্থিতিত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে অভিনেতাজনৰ নশ্বৰদেহৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ অভিনেকাজনক মুখাগ্নি কৰে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে আৰু তেওঁক এই কাৰ্যত সহযোগ কৰে প্ৰয়াত অভিনেতাজনৰ বোৱাৰী তথা অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্যই৷ নৱগ্ৰহ শ্মশানত হাজাৰ হাজাৰ গুণমুগ্ধই শেষকৃত্যৰ সাক্ষী হৈ ৰয়৷ শ্মশান চৌহদত ভাহি আহে কান্দোনৰ ৰোল৷ অভিনেতা-অভিনেত্ৰী, শিল্পী-সাহিত্যিক আৰু অসমীয়া চিনেমা জগতৰ কলা-কুশলী তথা ৰাইজে তাতেই ‘আপোন’ অভিনেতাজনক শেষ শ্ৰদ্ধা জনায়৷ উল্লেখ্য বৃহস্পতিবাৰে পুৱা ৯:১৫ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত  ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া চলচ্ছিত্ৰ জগতৰ মহাতাৰকাজনে৷ তাৰ পাছতে তেওঁৰ শিলপুখুৰীস্থিত বাসভৱনলৈ লৈ যোৱা হয় নশ্বৰদেহ৷ ঘৰত তেওঁক পৰিয়ালবৰ্গ, অনেক গুণমুগ্ধই শেষ শ্ৰদ্ধা জনোৱাৰ পাছতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে নিশাটো  কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত ৰখা হয়৷ শুকুৰবাৰে পুৱা ৯ বজাত তেওঁৰ নশ্বৰদেহ লৈ যোৱা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু অসম চলচ্ছিত্ৰ বিত্তীয় উন্নয়ন নিগম চৌহদলৈ৷ তাতেই শ শ গুণমুগ্ধই পুষ্পাঞ্জলি অৰ্পণেৰে শিল্পীগৰাকীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে৷ এই পৰ্বৰ পাছতে অভিনেতাজনৰ নশ্বৰদেহ পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হয় ৰবীন্দ্ৰ ভৱন, দীঘলী পুখুৰীৰ পাৰ আৰু শ্বহীদ ন্যাসলৈ৷ তাত গুণমুগ্ধসকলে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ পাছতে নশ্বৰদেহ লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ৷ দিনৰ ১২ বজাত এক শোকাকুল পৰিৱেশৰ মাজত শ শ গুণমুগ্ধৰ উপস্থিতিত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অশোক সিংঘাল, বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, শিল্পী মানস ৰবীন, যতীন বৰা, বিদ্যাসাগৰ, অভিনেত্ৰী মলয়া গোস্বামী, সাহিত্যিক এলি আহমেদ, পল্লৱ ঝা, হাইদৰ হুছেইন, অচ্যুৎ পাটোৱাৰী, জ্যোতি চিত্ৰবনৰ উপ-সভাপতি সুনীল ৰাজখোৱা, নাট্যকাৰ জীতেন শৰ্মা, জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিজেন শৰ্মা, শিল্পী সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট আদিকে ধৰি বহুজন৷ গুৰুত্বপূৰ্ণ কথা হ’ল অসমীয়া চিনেমা জগতৰ অপ্ৰতিদ্বন্দ্বী অভিনেতা নিপন গোস্বামী পঞ্চভূতত বিলীন হোৱাৰ দিনটোতে অৰ্থাৎ শুকুৰবাৰে অভিনেতাজনৰ দ্বাৰা অভিনীত জীৱনৰ অন্তিমখন চিনেমা ‘লংকাকাণ্ড’ই শুভমুক্তি লাভ কৰে৷  উল্লেখ্য যে অসমীয়া চিনেমা জগতৰ মহীৰূহ স্বৰূপ নিপন গোস্বামীৰ দেহাৱসানৰ সৈতেই যেন অৱসান ঘটিল অসমীয়া চলচ্ছিত্ৰ জগতৰ এটা বৰ্ণিল আৰু বৰ্ণাঢ্য অধ্যায়ৰ৷ ১৯৫৭ চনত   ১২ বছৰ বয়সতে ফণী শৰ্মা পৰিচালিত ‘পিয়লী ফুকন’ ছবিত শিশুশিল্পী হিচাপে আত্মপ্ৰকাশ কৰা প্ৰয়াত গোস্বামীয়ে নায়ক হিচাপে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল ১৯৬৮ চনত ‘সংগ্ৰাম’ নামৰ ছবিখনত৷ অৱশ্যে ‘ডক্তৰ বেজবৰুৱা’ ছবিখনেহে অভিনেতাজনৰ জীৱন পৰিক্ৰমা সলনি কৰি দিছিল৷ শিশু শিল্পীৰূপে চিনেমা জগতত প্ৰৱেশ কৰা অভিনেতা গোস্বামীয়ে কায়িকভাৱে এই ধৰা ত্যাগ কৰাৰ সৈতেই যেন অৱসান ঘটিল এটা সোণালী যাত্ৰাৰ৷ বিগত ছটা দশকজুৰি যি যাত্ৰাৰ জীৱন্ত সাক্ষী হৈ ৰৈছিল তেওঁ৷ এনে এগৰাকী স্বমহিমামণ্ডিত, অপ্ৰতিদ্বন্দ্বী আৰু সুদক্ষ অভিনেতাক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী৷

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ লখিমপুৰ, নগাঁও, বৰপেটা, ডিব্ৰুগড়, যোৰহাট, নলবাৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, চিৰাং, ওদালগুৰি, বাগ্‌সা, কামৰূপ [মহানগৰ], কামৰূপ আদিকে ধৰি বিভিন্ন জিলাত বিভিন্ন দল-সংগঠনে অভিনেতাজনৰ প্ৰতিকৃতিত শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসভাও অনুষ্ঠিত কৰি শিল্পীজনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে৷ 

ভৱেশ কলিতা (সভাপতি প্ৰদেশ বিজেপি) : আজি অসমবাসী কান্দিছে৷ কিয়নো অসমীয়া সমাজ জীৱনৰ উজ্জ্বল নক্ষত্ৰটো খহি পৰিল৷ তেওঁ আছিল অসমীয়া ছবি জগতৰ মহীৰূহ৷ 
জুবিন গাৰ্গ: মামাৰ এনেকুৱা কিবা এটা হ’ব বুলি ভবা নাছিলো৷ এই বাতৰি দুৰ্ভাগ্যজনক৷ তেওঁৰ লগত কাম কৰাৰ বহু ৰোমাঞ্চকৰ অভিজ্ঞতা আছে৷ 
কিংকিনী গোস্বামী (প্ৰয়াত নিপন গোস্বামীৰ বোৱাৰী) : আই চিইউৰ বিচনাত অসমীয়া চিনেমাৰ  সংলাপ কৈ কৈয়ে তেওঁ গুচি গ’ল৷ এই বেদনা বৰ অসহ্যকৰ৷ তেওঁৰ আত্মাই শান্তি পাওঁক৷ 
দীনেশ দাস: মোৰ বন্ধু নিপন আৰু নাই৷ গ’ল গৈ অ’ নিপন৷  মই বৰ দুখ পাইছো৷ 
বিমল বৰা (সাংস্কৃতিক মন্ত্ৰী): মই মৰ্মাহত৷ সাংস্কৃতিক জগত উকা হ’ল৷ তেওঁৰ মৃত্যু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷ 
বিষ্ণু খাৰঘৰীয়া: কামেৰে পৰিচয় দিব পৰা এজন মানুহ হেৰুৱালো আমি৷ একেলগে চিনেমাত কাম কৰা দিনবোৰ সদায় মনত ৰৈ যাব৷